নিজ পুত্ৰক বন্ধকত থৈ কিনি আন‌িলে ৰাইফল - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Monday, August 06, 2018

নিজ পুত্ৰক বন্ধকত থৈ কিনি আন‌িলে ৰাইফল


কাজিৰঙাঃ শোণিতপুৰৰ ডি এছ পি শুভলক্ষ্মী দত্ত আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বনাঞ্চলিক বিষয়া চক্ৰপানী ৰয়ৰ নেতৃত্বত চলা যুটীয়া অভিযানত শনিবাৰে তিনিটা দুৰ্ধৰ্ষ চোৰাং চিকাৰীক আটক কৰা হয়। আটক হোৱা চোৰাং চিকাৰীকেইটা হৈছে ঢেকীয়াজুলি থানাৰ অধীনৰ বছা শিমলু গাঁৱৰ নুৰজামাল ৰহমান, ছাদিকুল ইছলাম আৰু নিয়ামত আলী। উল্লেখযোগ্য যে, কেইদিনমান আগতে আটক হোৱা চোৰাং চিকাৰীৰ স্বীকাৰুক্তিৰ ভিত্তিত বন বিভাগে এই চোৰাং চিকাৰী তিনিটাক আটক কৰিবলৈ সক্ষম হয় | এওঁলোকে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত গঁড় চিকাৰ কৰিবলৈ পৰিকল্পনা কৰি বাহৰ পাতিছিল |
আটকাধীন নুৰজামালৰ স্বীকাৰুক্তি মতে, চোৰাং চিকাৰৰ বাবে এটা ৰাইফলৰ প্ৰয়োজন হোৱাত নুৰজামালৰ ১২বছৰীয়া পুত্ৰ ইনামুল হকক ডিমাপুৰত বন্ধকত থৈ এটা থ্ৰী নট থ্ৰী ৰাইফল এক লাখ টকাত কিনি অনাৰ লগতে ১০জাঁই গুলীও আনে। নিজ পুত্ৰক বন্ধকত ৰাখি গঁড় হত্যাৰ পৰিকল্পনা কৰা উক্ত অমানৱীয় কাণ্ডই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে আৰু প্ৰকৃতিপ্ৰেমীয়ে দোষীৰ উপয়ুক্ত শাস্তিৰ দাবী জনাইছে।

No comments:

Post a Comment

SPONSORED