ৰাজ্যৰ বিভিন্ন ঠাইত মমতা বেনার্জীৰ প্রতিকৃতি দাহ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Friday, August 03, 2018

ৰাজ্যৰ বিভিন্ন ঠাইত মমতা বেনার্জীৰ প্রতিকৃতি দাহ


গুৱাহাটী : ৰাষ্ট্রীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা প্রকাশৰ পাছত বাদ পৰা ৪০ লাখ লোকৰ গইনা লৈ অসম উত্তাল কৰাৰ ষড়যন্ত্র ৰচনা কৰা পশ্চিম বংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীৰ বিৰুদ্ধে এইবাৰ ৰাজ্যৰ প্রান্তে প্রান্তে প্রতিবাদৰ জোৱাৰ উঠিছে৷ আজি ৰাজ্যৰ বিভিন্ন প্রান্তত মমতা বেনার্জীৰ প্রৰোচনামূলক কার্যৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত হোৱাৰ লগতে তৃণমূল কংগ্রেছৰ নেত্রীগৰাকীৰ প্রতিমূর্তি দাহ কৰে বিভিন্ন দল-সংগঠনে৷
মমতা বেনার্জীয়ে শান্ত অসম অশান্ত কৰিবলৈ প্রৰোচিত কৰাৰ অভিযোগত অসমত বিভিন্নজনে গোচৰ ৰুজু কৰাৰ উপৰি এজাহাৰ দাখিল কৰিছে৷ আজি চৰাইদেউ জিলা, নগাঁও জিলা, গুৱাহাটী, ৰহা, পাঠশালা, সোণাপুৰ, লখিমপুৰ আদি বিভিন্ন স্থানত মমতা বেনার্জীৰ প্রতিমূর্তি দাহ কৰা হয়৷ বৃহত্তৰ অসমীয়া যুৱ পৰিষদ, আটাছু, হিন্দু যুৱ-ছাত্র পৰিষদ, বৃহত্তৰ অসমীয়া মহিলা মঞ্চ আদি সংগঠনে এই প্রতিবাদ সাব্যস্ত কৰি মমতা বেনার্জীক সকীয়াই দিয়ে৷
উল্লেখযোগ্য যে গুৱাহাটীৰ আমবাৰীত হিন্দু যুৱ-ছাত্র পৰিষদে মমতা বেনার্জীৰ প্রতিমূর্তি দাহ কৰে৷ সংগঠনটোৱে সোণাপুৰতো একে প্রতিবাদ কৰে৷ ইফালে সচেতন নাগৰিক মঞ্চ অসমে মমতা বেনার্জীয়ে প্রেৰণ কৰা প্রতিনিধি দলটোৰ ভ্রমণৰ প্রতিবাদত শিলচৰস্থিত আই এছ বি টি, হাইলাকান্দি বাছ ষ্টেণ্ড আৰু কৰিমগঞ্জৰ বাটা চকত ক’লা পতাকা উৰুৱাই আৰু ফেষ্টুন প্রদর্শন কৰি প্রতিবাদ কৰে৷ সংগঠনটোৱে তৃণমূল কংগ্রেছৰ অসম বিৰোধী কামৰ তীব্র গৰিহণা দি অসমত সাম্প্রদায়িক সম্প্রীতি বিনষ্ট কৰা ষড়যন্ত্রৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিয়ে৷ সংগঠনটোৱে তৃণমূল কংগ্রেছৰ কোনো নেতা-কর্মীকে অসমৰ কোনো স্থানত সভা-সমিতি বা অন্য কার্যসূচী অনুষ্ঠিত কৰাৰ অনুমতি নিদিবলৈ চৰকাৰক আহবান জনায়৷

সোণাপুৰত মমতা বেনার্জীৰ প্রতিকৃতি দাহ 

কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত আজি পশ্চিম বংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীৰ প্রতিকৃতি দাহ কৰি প্রতিবাদ সাব্যস্ত কৰে হিন্দু যুৱ-ছাত্র পৰিষদে৷ সোণাপুৰৰ নিউ মার্কেটত মুখ্যমন্ত্রীগৰাকীৰ প্রতিকৃতিত ছেন্দেলৰ মালা পিন্ধাই প্রতিবাদ সাব্যস্ত কৰে৷ প্রতিবাদকাৰীসকলে অসম অশান্ত নকৰিব, মমতা গ’ বেক আদি ধবনিৰে এক উত্তাল পৰিৱেশৰ সৃষ্টি কৰে আৰু ভৱিষ্যতে এনে ধৰণৰ অসমক অশান্ত কৰিব খোজা প্রৰোচনামূলক মন্তব্যৰ পৰা আঁতৰি থাকিবলৈ আহবান জনায়৷

লখিমপুৰত মমতা বেনার্জীৰ প্রতিকৃতি দাহ 
ৰাষ্ট্রীয় নাগৰিকপঞ্জীৰ বিৰুদ্ধে পশ্চিম বংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীয়ে কৰা প্রৰোচনামূলক মন্তব্যক লৈ সমগ্র দেশৰ লগতে লখিমপুৰতো ক্ষুব্ধ হৈ পৰিছে বিভিন্ন দল-সংগঠন৷ আজি অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদৰ উত্তৰ লখিমপুৰ আঞ্চলিক সমিতি, হিন্দু যুৱ পৰিষদ অসমৰ লখিমপুৰ জিলা সমিতিয়ে লখিমপুৰৰ জনতা হোটেলৰ সমীপত আৰু মালপানী চাৰিআলিত মমতা বেনার্জীৰ প্রতিকৃতি দাহ কৰি উত্তাল প্রতিবাদ সাব্যস্ত কৰে৷

লখিমপুৰৰ জনতা হোটেলৰ সমীপৰ ১৫নং ৰাষ্ট্রীয় ঘাইপথত গ্রহণ কৰা প্রতিকৃতি দাহ কার্যসূচীত জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদৰ উত্তৰ লখিমপুৰ আঞ্চলিক সমিতিৰ সভাপতি জ্যোতি দাস, সাধাৰণ সম্পাদক দিগন্ত ভূঞা, জিলা সমিতিৰ সভাপতি হিৰণ্য দত্ত, সাংগঠনিক সম্পাদক বুবুলি হাজৰিকাই নেতৃত্ব দিয়ে৷ ইফালে লখিমপুৰৰ মালপানী চাৰিআলিত হিন্দু যুৱ-ছাত্র পৰিষদৰ লখিমপুৰ জিলা সমিতিৰ নেতৃত্বত গ্রহণ কৰা প্রতিমূর্তি দাহ কার্যসূচীত শতাধিক নেতা-কর্মীয়ে উক্ত কার্যসূচীত যোগদান কৰাৰ লগতে পৰিষদৰ লখিমপুৰ জিলা সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক কমল বৰা, কেন্দ্রীয় সমিতিৰ উত্তৰ অসমৰ সাংগঠনিক সম্পাদক উজ্জ্বল ভূঞা, উপসভাপতি ৰূপম বৰাই কয় যে পৰিষদে বিদেশী চিনাক্তকৰণৰ ভিত্তি বর্ষ ১৯৫১ চন হোৱাটো বিচাৰে যদিও উচচতম ন্যায়ালয়ৰ ৰায়ৰ প্রতি সন্মান জনাই এন আৰ চি উন্নীতকৰণৰ প্রক্রিয়াৰ বিৰোধিতা কৰা নাই৷

নগাঁৱত মমতা বেনার্জীৰ পুত্তলিকা দাহ
 অসমত এন আৰ চিৰ চূড়ান্ত খচৰা প্রকাশ পোৱাৰ পাছত পশ্চিম বংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীৰ কেতবোৰ বিতর্কিত মন্তব্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ৰাজ্যখনৰ বিভিন্ন দল-সংগঠন৷ আজি নগাঁৱতো হিন্দু বাঙালী নাগৰিক মঞ্চই মুখ্যমন্ত্রী মমতা বেনার্জীৰ এনে মন্তব্যৰ বিৰোধিতা কৰি তীব্র প্রতিবাদ সাব্যস্ত কৰে৷ নতুনকৈ গঠিত সংগঠনটোৱে আজি নগাঁও কলেজৰ সন্মুখৰ ৰাজপথত মমতা বেনার্জীৰ পুত্তলিকা

দাহ কৰি মমতা গ’ বেক, মমতা বেনার্জী হুঁচিয়াৰ আদি ধবনিৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে৷ পাছত সাংবাদিকৰ আগত সংগঠনটোৰ সভাপতি সুভাষ দত্তই কয় যে অসমত বাঙালীসকল সুৰক্ষিত৷ অসমীয়াসকলৰ লগত বাঙালী সমাজ পূর্বৰে পৰা শান্তিৰে বাস কৰি আহিছে৷ তেনে ক্ষেত্রত এন আৰ চি খচৰা প্রকাশৰ পাছত ৰাজ্যখনৰ সমস্যাক লৈ কেতবোৰ অযুক্তিকৰ আৰু বিতর্কিত মন্তব্য কৰি অসমৰ বাঙালীসকলক বিপথে পৰিচালিত কৰাৰ অধিকাৰ নাই৷ তেওঁক ভৱিষ্যৎ এনেধৰণৰ মন্তব্যৰ জৰিয়তে অসমত অশান্তিৰ বীজ নিসিঁচিবলৈ সকীয়াই দিয়ে সংগঠনটোৰ নেতৃত্বই৷ ইপিনে হিন্দু যুৱ-ছাত্র পৰিষদৰ নগাঁও জিলা সমিতিয়ে চহৰখনৰ নতুন বজাৰ চাৰিআলিত মমতা বেনার্জীৰ প্রতিকৃতি দাহ কৰি উত্তাল প্রতিবাদ সাব্যস্ত কৰে৷ পশ্চিম বংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীয়ে সাম্প্রয়াদিক মন্তব্যৰে অসমত অশান্তিৰ বীজ সৃষ্টি কৰিব পৰা কার্যৰ তীব্র গৰিহণা দিয়াৰ লগতে তেওঁক এনে কার্যৰ পৰা বিৰত থাকিবলৈ সতর্ক কৰি দিয়ে৷

পাঠশালাত মমতা বেনার্জীৰ প্রতিকৃতি দাহ
 অসমত এন আৰ চি উন্নীত প্রক্রিয়াত অসমত বাস কৰা সকলো জাতি-ধর্ম-বর্ণ নির্বিশেষে সুন্দৰভাৱে সহযোগিতা আগ বঢ়াই এখন বিদেশী মুক্ত অসম গঢ়াৰ সংকল্প লোৱাৰ সময়তে পশ্চিম বংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীয়ে বিৰূপ মন্তব্য দিয়াৰ পৰিপ্রেক্ষিতত আজি হিন্দু যুৱ-ছাত্র পৰিষদৰ বৰপেটা জিলা সমিতিয়ে পাঠশালাত মমতা বেনার্জীৰ প্রতিমূর্তি দাহেৰে প্রতিবাদ সাব্যস্ত কৰে৷

শান্তিপূর্ণভাৱে অসমত এন আৰ চিৰ কাম সম্পন্ন হোৱাৰ পাছতো পশ্চিম বংগৰ মুখ্যমন্ত্রীগৰাকীয়ে সাম্প্রদায়িক মন্তব্য কৰাৰ পৰিপ্রেক্ষিতত তথা আজি এন আৰ চি সম্পর্কে বুজ লোৱাৰ উদ্দেশ্যে তৃণমূল কংগ্রেছৰ এটা সঁজাতী দল অসমত উপস্থিত হোৱাৰ পৰিপ্রেক্ষিতত আজি হিন্দু যুৱ-ছাত্র পৰিষদে পাঠশালা চাৰিআলিত মুখ্যমন্ত্রীগৰাকীৰ প্রতিমূর্তি দাহ কৰে৷ প্রতিবাদকাৰীসকলে তৃণমূল কংগ্রেছ মুর্দাবাদ, মমতা বেনার্জী হুঁচিয়াৰ, ভোট বেংকৰ স্বার্থত অসম জ্বলাবলৈ বিচৰা মমতা বেনার্জী মুর্দাবাদ আদি ধবনিৰে উত্তাল কৰি তোলে সমগ্র পাঠশালা৷ হিন্দু যুৱ-ছাত্র পৰিষদৰ বৰপেটা জিলা সমিতিৰ সভাপতি কন্দর্প তালুকদাৰ, উপ-সভাপতি হেমন্ত তালুকাদৰ, সম্পাদক বিৰাজ শর্মা, মুখ্য সাংগঠনিক সম্পাদক মুন চৌধুৰী, জিলা সদস্য নৱজিৎ কাকতী, নিপন ডেকাকে ধৰি কেইবাখনো আঞ্চলিকৰ সদস্যই প্রতিবাদস্থলীত ক্ষোভ ব্যক্ত কৰি মমতা বেনার্জীৰ লগতে তৃণমূল কংগ্রেছৰ বিৰুদ্ধে সৰৱ হৈ পৰে৷

ৰহাত জ্বলালে মমতাৰ প্রতিমূর্তি  
অসমত এন আৰ চিৰ দ্বিতীয়খন খচৰা প্রকাশৰ পাছত পশ্চিম বংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীয়ে অসম আৰু এন আৰ চিৰ বিৰুদ্ধে নানান উচটনিমূলক বক্তব্য প্রদান কৰি ‘ৰক্তাক্ত আৰু গৃহযুদ্ধ’ হ’ব বুলি হুংকাৰ দিয়া কার্যক তীব্র ভাষাৰে গৰিহণা দি আজি অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদে ৰহাৰ নতুন চাৰিআলিত মমতা বেনার্জীৰ প্রতিমূর্তি দাহ কৰে৷

মমতা বেনার্জীক শীঘ্রে গ্রেপ্তাৰৰ দাবী কৰি থানাত  এজাহাৰ দাখিল জাগীৰোডত
 শেহতীয়াকৈ অসমত প্রকাশিত ৰাষ্ট্রীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা সন্দর্ভত সাম্প্রদায়িক মন্তব্য কৰা পশ্চিম বংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীৰ বিৰুদ্ধে ৰাজ্যৰ আন প্রান্তৰ সমান্তৰালকৈ জাগীৰোড থানাতো এখন এজাহাৰ দাখিল কৰা হৈছে৷ মমতা বেনার্জীক শীঘ্রে গ্রেপ্তাৰৰ দাবী কৰি এই এজাহাৰ দাখিল কৰিছে জাগীৰোডৰ কেইজনমান সচেতন নাগৰিকে৷ জাগীৰোডৰ সচেতন নাগৰিক মঞ্চৰ বিষয়ববীয়া অনিল পাঠক, বদন শর্মা আদিয়ে স্বাক্ষৰ কৰা এই গোচৰৰ আৱেদনত পশ্চিম বংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীয়ে কৰা সাম্প্রদায়িক মন্তব্যক কঠোৰ ভাষাৰে সমালোচনা কৰি তীব্র গৰিহণা দিছে৷

No comments:

Post a Comment

SPONSORED