হাউলী মাছ বজাৰত চালানী মাছত ফৰ্মেলিন থকাৰ সন্দেহত খাদ্য আৰু অসামৰিক যোগান বিভাগ আৰু মীন বিভাগৰ যুটীয়া অভিয়ান - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Wednesday, August 29, 2018

হাউলী মাছ বজাৰত চালানী মাছত ফৰ্মেলিন থকাৰ সন্দেহত খাদ্য আৰু অসামৰিক যোগান বিভাগ আৰু মীন বিভাগৰ যুটীয়া অভিয়ান


বৰপেটা : আজি পুনৰ বজাৰত চালানী মাছত ফৰ্মেলিন পৰীক্ষাৰ বাবে চলিল অভিযান৷ বৰপেটাৰ হাউলী মাছ বজাৰৰ পাইকাৰী ব্যৱসায়ী এজনৰ চালানী মাছত চলালে ফৰ্মেলিন থকা নথকাকলৈ পৰীক্ষা৷ খাদ্য আৰু অসামৰিক যোগান বিভাগ আৰু মীন বিভাগে হাউলী মাছ বজাৰত চলালে এই অভিযান ৷ চালানী মাছত মানৱ শৰীৰৰ বাবে বিপদজ্জনক ফৰ্মেলিনৰ উপস্থিতি ধৰা পৰাৰ পিচতেই ৰাজ্য চৰকাৰে এক নিৰ্দেশনাযোগে সাময়িকভাৱে বন্ধ কৰিছিল ছালানী মাছৰ আমদানি৷ চালানী মাছত ফৰ্মেলিন ধৰা পৰাৰ ঘটনাই শংকিত কৰি তুলিছিল ৰাজ্যবাসীক৷ সম্প্ৰতি ৰাজ্যৰ বজাৰত সুলভ হৈ পৰিছে চালানী মাছ৷ পিছে চালানী মাছ আমদানি হৈ থাকিলেও খাদ্য আৰু অসামৰিক বিভাগে চালানী মাছত ফৰ্মেলিনৰ পৰীক্ষা অব্যাহত ৰাখিছে৷ বৰপেটাৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ লগতে মীন বিভাগে হাউলী মাছ বজাৰত ৰূপচন্দা , ইলিচ আৰু পাংকাচ মাছ পৰীক্ষা কৰে যদিও মাছত ফৰ্মেলিন নাই বুলি জনায় খাদ্য সুৰক্ষা বিষয়াই।
ইপিনে খাদ্য সুৰক্ষা আৰু মীন বিভাগৰ এনেধৰনৰ অভিযানক আদৰণি জনীয় সাধাৰন গ্ৰাহকসকলে।

No comments:

Post a Comment

SPONSORED