তিনিদিনে পানীত আৱদ্ধ হাতীগাঁও হাইস্কুল : ব্যাহত পাঠদান - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Thursday, August 02, 2018

তিনিদিনে পানীত আৱদ্ধ হাতীগাঁও হাইস্কুল : ব্যাহত পাঠদান


গুৱাহাটী : গুৱাহাটী মহানগৰীৰ হাতীগাঁওস্থিত হাতীগাঁও হাইস্কুল চৌহদৰ লগতে শ্ৰেণীকোঠাত কৃত্ৰিম বানৰ ফলত একাঠু পানী জমা হোৱাত বিগত তিনিদিন ধৰি ব্যাহত হৈ আছে পাঠদান। উল্লেখ্য যে দুদিন পূৰ্বে হোৱা ধাৰাসাৰ বৰষুণে গুৱাহাটীৰ ভিন্ন প্ৰান্তত কৃত্ৰিম বানৰ সৃষ্টি কৰে। আন আন ঠাইৰ দৰে ৰাজধানীৰ নিচেই সমীপতে থকা শিক্ষানুষ্ঠানখনতো একাঠু পানীয়ে বুৰাই পেলায়। ফলত প্ৰথম আগষ্টৰ পৰা বিদ্যালয়খনত আৰম্ভ হোৱা পাঠদান আজি দ্বিতীয় দিনাও ব্যাহত হয়। গ্ৰীষ্মৰ বন্ধ ওকলি যোৱাৰ পিছত কালিৰে পৰা বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীসকলে পাঠগ্ৰহণ কৰিবলৈ উপস্থিত হয় যদিও শ্ৰেণীকোঠাত পানী জমা হোৱাত আজি ছাত্ৰ-ছাত্ৰীসকলে নিজেই পানী সিঁচি পাঠদানৰ বাবে উপযুক্ত কৰি তোলে। কিন্তু বিদ্যালয় চৌহদৰ চাৰিওপিনে পানী উপচি পৰাত পাঠদান কাৰ্যত পুনৰ ব্যাঘাত জন্মে।


উল্লেখ কৰা বাহুল্য যে চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহত আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত চৰকাৰে অনীহা প্ৰদৰ্শন কৰি অহাৰ বাবেই বিভিন্ন সময়ত এনে বহুতো অসুবিধাজনিত কাৰণত পাঠদান ব্যাহত হৈ থাকে আৰু ইয়াৰ ফল এনে বিদ্যালয়সমূহত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীয়ে ভোগ কৰিবলগীয়া হয়। সেয়ে হাতীগাঁও হাইস্কুলকে ধৰি ৰাজ্যৰ প্ৰতিটো চৰকাৰী শিক্ষানুষ্ঠানসমূহৰ আন্তঃগাথনিকে ধৰি সকলো দিশতে গুৰুত্ব প্ৰদান কৰি সুস্থ শৈক্ষিক পৰিৱেশৰ গঢ় দিবলৈ চৰকাৰ আৰু সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত দাবী জনাইছে।

No comments:

Post a Comment

SPONSORED