লাহৰীঘাটত অগ্নিকাণ্ডত ভস্মীভূত কেইবাটাও বাসগৃহ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Thursday, August 16, 2018

লাহৰীঘাটত অগ্নিকাণ্ডত ভস্মীভূত কেইবাটাও বাসগৃহ


লাহৰীঘাট : মৰিগাঁও জিলাৰ লাহৰীঘাট আৰক্ষী থানাৰ অন্তৰ্গত চেতুৱাই খাইতি গাঁৱৰ হেফজুৰ ৰহমানৰ গৃহত নিশা সংঘটিত হয় এক ভয়াবহ অগ্নিকাণ্ড । ঘটনাৰ বিৱৰণী মৰ্মে, বুধবাৰে নিশা প্ৰায় ১০-১৫ বজাত হেফজুৰ ৰহমানৰ গৃহত হঠাৎ জুইৰ সূত্ৰপাত ঘটে আৰু চকুৰ পলকতে সম্পূৰ্ণৰূপে জাহ গ'ল ৭ টাকৈ বাসগৃহ, নগদ ধনসহ কেইবালক্ষাধিক টকাৰ পশুধন। অতি স্পৰ্শকাতৰ বিষয় যে, অগ্নিকাণ্ডত জাহ গ'ল বহু লাগতিয়াল নথি-পত্ৰ । অৱশ্যে, লাহৰীঘাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰসেনজিৎ দাসে এইলৈ সৰ্বহাৰা পৰিয়ালটিক চিন্তিত নহবলৈ আশ্বাস দিছে । সমাগত ঈদৰ আগমূহুৰ্তত এনে বিধ্বংসী জুইয়ে হেফজুৰ ৰহমানৰ লগতে আবুল কালাম, ফৰিদা খাতুন, জৰিণা খাতুন, হাফিজা খাতুন আৰু মোকছিদুল ৰহমানৰ গৃহসমূহ সম্পূৰ্ণৰূপে নিশেষ হৈ পৰিছে । ইপিনে স্থানীয় ৰাইজে অগ্নি নিৰ্বাপক বাহিনীৰ অনুপস্থিতিক লৈ কটু সমালোচনা কৰাৰ লগতে প্ৰসাশনক অনতিপলমে লাহৰীঘাটত অগ্নি নিৰ্বাপক চাউনি স্থাপন কৰিবলৈ দাবী উত্থাপন কৰিছে।

No comments:

Post a Comment

SPONSORED