বাজপেয়ীৰ স্মৃতিত যমুনা নদীৰ পাৰত নিৰ্মাণ হ’ব সমাধিক্ষেত্ৰ
সংবাদ ব্যুৰ’ : দেশৰ ভূতপূর্ব প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীৰ প্রতি সম্মান জনাই শুকুৰবাৰে ৰাজ্য চৰকাৰে ৰাজ্যিক বন্ধৰ দিন ঘােষণা কৰিছে। কাইলৈ ৰাজ্য চৰকাৰৰ অধীনৰ সকলাে কার্যালয়ৰ উপৰি অৰ্দ্ধ চৰকাৰী, ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠান, নিগম-নিকায়, শৈক্ষিক প্রতিষ্ঠান বন্ধ থাকিব। তদুপৰি সমগ্ৰ দেশৰ লগতে অসমতাে প্রয়াত ৰাষ্ট্র নেতা গৰাকীৰ প্রতি সম্মান জনাই আজিৰে পৰা সাত দিনীয়াকৈ ৰাজ্যিক শােক পালন কৰা হ'ব। এই সময়ছােৱাত নিয়মিতৰূপত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা অনুষ্ঠান-প্রতিষ্ঠান সমূহত ৰাষ্ট্ৰীয় পতাকা অর্ধনমিত কৰি ৰখা হ’ব আৰু কোনাে ধৰণৰ চৰকাৰী আমােদ-প্রমােদৰ কাৰ্যসূচী অনুষ্ঠিত কৰা নহ’ব।
উল্লেখ্য যে, ভূতপূর্ব প্রধানমন্ত্রী গৰাকীৰ প্রতি গভীৰ শ্ৰদ্ধা জনাই ১৬ আগষ্টৰ পৰা ২২ আগষ্টলৈ সাতদিনীয়া ৰাষ্ট্ৰীয় শােক ঘােষণা কৰা হৈছে। উক্ত সময়ছােৱাত নিয়মীয়াকৈ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা স্থানসমূহত পতাকা অর্ধনমিত কৰি ৰখাৰ লগতে কোনাে ধৰণৰ চৰকাৰী বিনােদনৰ কাৰ্যসূচী অনুষ্ঠিত কৰা নহ'ব। একেদৰে অসম চেম্বাৰ্ছ অব কমাৰ্ছৰ লগতে কামৰূপ চেম্বাৰ্ছ অব কমাৰ্ছেও সমূহ ব্যৱসায় বন্ধ পালন কৰিবলৈ আহ্বান জনাইছে।
ৰাষ্ট্রীয় মর্যাদাৰে প্রয়াত নেতাগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হ'ব। শুকুৰবাৰে শেষকৃত্য সম্পন্ন হ’ব অটল বিহাৰী বাজপেয়ীৰ। বাসগৃহত এঘণ্টাৰ বাবে জনাব পাৰিব শ্ৰদ্ধাঞ্জলি। ৭.৩০ বজাৰ পৰা ৮.৩০ বজালৈ জনাব পাৰিব শ্ৰদ্ধা। পুৱা ৯ বজাত তেওঁৰ নশ্বৰ দেহ বিজেপিৰ মুখ্য কাৰ্যালয়লৈ লৈ যোৱা হ’ব। গুণমুগ্ধই মুখ্য কাৰ্যালয়তে জনাব পাৰিব শেষ শ্ৰদ্ধা। ৯.৩০ বজাৰ পৰা ১ বজালৈ জননেতাগৰাকীক জনাব পাৰিব শেষ শ্ৰদ্ধা। বিয়লি ৪ বজাত বিজয়ঘাটৰ একতা স্থলত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ। বাজপেয়ীৰ স্মৃতিত যমুনা নদীৰ পাৰত নিৰ্মাণ হ’ব সমাধিক্ষেত্ৰ। কাইলৈ কেন্দ্ৰীয় চৰকাৰে অধ্যাদেশ জাৰি কৰিব। সমাধি ক্ষেত্ৰ নিৰ্মাণত নিষেধাজ্ঞা পূৰ্বৰ চৰকাৰৰ। ইউপিএ চৰকাৰৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিব কেন্দ্ৰীয় চৰকাৰে।
বিভিন্নজনৰ শোক প্ৰকাশ
নৰেন্দ্ৰ মোদী, প্ৰধান মন্ত্ৰী, ভাৰত
সমগ্ৰ দেশৰ বাবে এক অপূৰণীয় ক্ষতি, মোৰ পিতৃতুল্য ব্যক্তিজন নোহোৱা হ’ল।’- বাজপেয়ীৰ বিয়োগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শোক প্ৰকাশ। ‘বাজপেয়ীৰ ক্ষতি কোনেও পূৰণ কৰিব নোৱাৰে, বাজপেয়ীৰ বাবে বিজেপিয়ে আজিৰ অৱস্থা পাইছে, সকলোৰে বাবে প্ৰেৰণাৰ উত্স আছিল বাজপেয়ী, ভাৰতে অমূল্য ৰত্নক হেৰুৱালে, বাজপেয়ীৰ বিয়োগ এটা যুগৰ অৱসান।’- এই মন্তব্যৰে শোক প্ৰধানমন্ত্ৰীগৰাকীৰ।
,ৰাহুল গান্ধী, সভাপতি, ভাৰতীয় জাতীয় কংগ্ৰেছ
আজি দেশে এজন মহান পুত্ৰক হেৰুৱালে, প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই সকলোকে মৰম কৰিছিল আৰু সন্মান জনাইছিল, তেওঁৰ পৰিয়াল আৰু অনুৰাগীলৈ সমবেদনা জ্ঞাপন কৰিলো।’- কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীৰো শোক প্ৰকাশ বাজপেয়ীৰ বিয়োগত।
ৰাষ্ট্ৰই এগৰাকী যুগদ্রষ্টাক হেৰুৱালে : মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱাল
দেশৰ প্রাক্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীৰ দেহাৱসানত গভীৰ শােক প্রকাশ কৰিছে মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে। এক শােক বার্তাত মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে ভূতপূৰ্ব প্ৰধানমন্ত্ৰীগৰাকীৰ দেহাৱসানত ৰাষ্ট্ৰই এগৰাকী যুগদ্রষ্টাক হেৰুৱালে বুলি কয়। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে প্রাক্তন প্রধানমন্ত্রী গৰাকীৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্রতি আছিল এক বিশেষ অনুৰাগ। তেখেতৰ কাৰ্যকালতে সেয়েহে ডনাৰ মন্ত্ৰালয় সৃষ্টি কৰি উত্তৰ-পূৰ্বাঞ্চলৰ সামগ্রিক বিকাশৰ দিশটোক ত্বৰান্বিত কৰাৰ বাবে বিশেষ পদক্ষেপ গ্রহণ কৰিছিল। তেখেতৰ কাৰ্যকালতে ২০০২ বৰ্ষত বগীবিল দলঙৰ আধাৰ শিলা স্থাপন কৰাৰ উপৰি নুমলীগড় শােধনাগাৰ ৰাষ্ট্রৰ নামত উৎসর্গা কৰা তথা ব্ৰহ্মপুত্ৰৰ ওপৰত নির্মাণ হােৱা তৃতীয়খন দলং নৰনাৰায়ণ সেতুও ৰাষ্ট্রৰ নামত উৎসৰ্গা কৰিছিল এইগৰাকী দেশৰ প্ৰাক্তন প্রধানমন্ত্রীয়ে। তদুপৰি অসম আন্দোলনৰ সময়ত তেওঁ আগবঢ়োৱা নৈতিক সমর্থন ৰাজ্যখনৰ জনসাধাৰণে সদায়ে স্মৰণ কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। এইগৰাকী মহান নেতাৰ প্রধানমন্ত্রী কার্যকালতে আমেৰিকাকে ধৰি পৃথিৱীৰ বিভিন্ন শক্তিশালী ৰাষ্ট্রৰ সৈতে ভাৰতৰ বৈদেশিক সম্পর্ক শক্তিশালী হৈছিল বুলিও মুখ্যমন্ত্ৰীয়ে কয়। দেশৰ বিকাশৰ ক্ষেত্ৰত আন্তঃগাঁথনিয়ে লােৱা ভূমিকাৰ বিষয়ে এইগৰাকী ভৱিষ্যদ্রষ্টাই মর্মে মর্মে উপলব্ধি কৰিছিল আৰু সেয়েহে ‘প্রধানমন্ত্রী গ্রাম চড়ক যােজনা’ তথা নেশ্যনেল হাইৱেজ ডেভলপমেন্ট প্রজেক্টৰ লেখীয়া বৃহৎ প্রকল্পৰ সূচনা কৰিছিল এই গৰাকী শক্তিশালী নেতাই। নিজৰ জীৱনকালত দেশৰ স্বাভিমান বৃদ্ধিকেই একমাত্র জীৱনৰ লক্ষ্য হিচাপে লােৱা এইগৰাকী নেতাই ইষ্ট ৱেষ্ট কৰিডৰ নিৰ্মাণৰ দৰে বৃহৎ প্রকল্পৰাে প্ৰাৰম্ভণ কৰিছিল। পােখৰাণ পাৰমাণৱিক পৰীক্ষা, কার্গিল যুদ্ধত ভাৰতৰ বিজয় সাব্যস্তকৰণেৰে ভাৰতৰ শক্তিশালী স্থিতি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ দিশটো এই গৰাকী মহান নেতাৰ অৱদান আছিল অতুলনীয়। সর্বদা সৰলতাৰে ভৰা আচাৰ-ব্যৱহাৰেৰে সকলােকে মােহাচ্ছন্ন কৰা এই গৰাকী ৰাষ্ট্র নেতা এগৰাকী সুবক্তা আৰু বিশিষ্ট সাহিত্যিক হিচাপেও দেশৰ লগতে বিশ্বৰ সকলাে প্রান্ততে পৰিচিত আছিল। ১৯৯৪ চনত শ্রেষ্ঠ সাংসদৰ সন্মান লাভ কৰা তথা ভাৰতৰ সর্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্নৰে বিভূষিত এইগৰাকী ৰাষ্ট্র নেতাৰ দেহাৱসানত ৰাষ্ট্ৰই এগৰাকী স্বপ্নদ্রষ্টা, যুগদ্রষ্টা, নির্ভীক, নিষ্ঠাবান আৰু সর্বোপৰি এগৰাকী মানৱ দৰদী নেতাক হেৰুৱালে বুলি মুখ্যমন্ত্ৰীয়ে কয়। মুখ্যমন্ত্ৰীয়ে প্রাক্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীৰ বিদেহ আত্মাৰ চিৰশান্তিৰ বাবে ভগৱানৰ ওচৰত প্রার্থনা জনায়।
অসম প্রদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ শােক
দেশৰ এগৰাকী বৰেণ্য ৰাজনৈতিক নেতা,প্রাক্তন প্রধানমন্ত্রী, "ভাৰতৰত্ন" অটল বিহাৰী বাজপেয়ীৰ মৃত্যুত গভীৰ শােক প্রকাশ কৰিছে অসম প্রদেশ কংগ্ৰেছ কমিটীৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰিপুণ বৰাই। এক শোকবাৰ্তাত সভাপতি বৰাই কয় যে ৯৩ বছৰ বয়সত মৃত্যুবৰণ কৰা বাজপেয়ী আছিল সকলােৰে শ্ৰদ্ধা আৰু ভক্তি আদায় কৰিবলৈ সক্ষম হােৱা এগৰাকী জনপ্রিয় তথা অবিসম্বাদী প্রবীণ ৰাজনৈতিক নেতা। দহবাৰৰ লােকসভাৰ সাংসদ, দুবাৰৰ ৰাজ্যসভাৰ সাংসদ তথা তিনিবাৰৰ প্ৰধানমন্ত্রী হিচাপে সুদীর্ঘ দিনৰ অভিজ্ঞতাৰে সমৃদ্ধ এইগৰাকী সৎ আৰু সফল বর্ষীয়ান নেতাৰ মৃত্যুত সমগ্ৰ দেশৰ ৰাজনৈতিক ক্ষেত্ৰখনত এক অপূৰণীয় শূণ্যতাৰ সৃষ্টি হ'ল। তেওঁৰ মৃত্যুৰ লগে লগে এটা যুগৰ অৱসান ঘটিল। প্রয়াত নেতাগৰাকীৰ বিদেহ আত্মাৰ সদগতি কামনা কৰাৰ লগতে তেওঁৰ শােকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে প্রদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে।
বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ শোক
প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ বিয়োগত অসম বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই গভীৰ শোক প্ৰকাশ কৰি কয় যে আজি দেশে সংসদীয় গণতন্ত্ৰৰ এজন পিতামহ স্বৰূপ ব্যক্তিক হেৰুৱালে।
প্ৰয়াত বাজপেয়ী ডাঙৰীয়াই নিজৰ দলৰ স্বাৰ্থতকৈ দেশৰ স্বাৰ্থ আগত ৰাখিছিল বাবে তেখেতক ৰাজনৈতিক বিৰোধীয়েও সন্মান তথা ভক্তি কৰিছিল। তেখেতে প্ৰধান মন্ত্ৰী থকা সময়ত আনকি সেই সময়ৰ নিজ দলৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোডীক ৰাজধৰ্ম পালন কৰিবলৈ ৰাজহুৱাভাবে সকীয়াই দিবলৈ কুন্ঠাবোধ কৰা নাছিল বুলি শইকীয়াই উল্লেখ কৰে। প্ৰয়াত বাজপেয়ীৰ এনে ব্যক্তিত্ব আছিল আৰু সেই সময়ৰ গণতন্ত্ৰ ইমান সবল আছিল যে ১৯৯৪ চনত তৎকালীণ প্ৰধান মন্ত্ৰী প্ৰয়াত পি ভি নৰসিংহ ৰাওয়ে বিৰোধী নেতা হোৱা স্বত্ত্বেও বাজপেয়ীক বিদেশত হোৱা কাশ্মীৰ সংক্ৰান্তিয় আলোচনাত ভাগ লোৱা ভাৰতীয় দলটোৰ নেতা হিচাপে বাছনি কৰিছিল, যিটো সমগ্ৰ পৃথিৱীতে আলোচনা হৈছিল। এনে নেতাৰ বিয়োগ ভাৰতৰ বাবে অপূৰণীয় ক্ষতি বুলি শইকীয়াই কয়।
আমছুৰ শোক-প্ৰকাশ
ভাৰতবৰ্ষৰ ৰাজনীতিৰ উজ্জল নক্ষত্ৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যুত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৱে গভীৰ শোক প্ৰকাশ কৰে। চিন্তাৰ দূৰদৰ্শীতা তথা বাগ্মিতাৰ বাবে সমগ্ৰ বিশ্বতে জনপ্ৰিয়তা অৰ্জন কৰা সৰ্বজনপ্ৰিয় নেতাজনৰ মৃত্যুৱে দেশৰ এক অপূৰণীয় ক্ষতিসাধন কৰিলে। প্ৰকৃত ৰাজধৰ্ম পালন কৰা প্ৰাক্তন প্ৰধানমন্ত্ৰীজন যদিও আদৰ্শগত ভাবে বিৰোধ কৰা দলৰ পৰা নিৰ্বাচিত নেতা আছিল তথাপিয়ো তেখেতৰ দৰে উচ্চ ব্যক্তিত্ব সম্পন্ন ব্যক্তিক বিৰোধ কৰা লোক কমেই আছিল। পোখৰানত আনবিক বোমাৰ সাহসিক পৰীক্ষন, কাৰ্গিল যুদ্ধ জয়, বিভিন্ন দেশৰ লগত বৈদেশিক সম্পৰ্ক মজবুত কৰা ইত্যাদি বহু উল্লেখনীয় কাম তেখেতৰ কাৰ্যকালৰ সফলতা আছিল। গুজৰাটৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ সময়ত গুজৰাটৰ তদানীন্তন মূখ্যমন্ত্ৰী তথা দেশৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক হিন্দুত্বৰ পৰিহাৰ কৰি ৰাজধৰ্ম পালন কৰিবলৈ মুকলি আহ্বান কৰাটো তেখেতৰ দেশৰ জনসাধাৰণৰ প্ৰতি থকা প্ৰকৃত দায়বদ্ধতাক প্ৰমান কৰিছিল। প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ বিদেহী আত্মাৰ সদ্গতি তথা চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত সকলোলৈ সমবেদনা জ্ঞাপন কৰে।
মানাহপৰীয়া প্ৰেছ গীল্ডৰ শোক
প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীৰ দূৰদৰ্শী চিন্তাৰ ফলতেই অসমৰ লগতে উত্তৰ - পূৰ্বাঞ্চল আৰু সমগ্ৰ দেশক বাৰ মাহে সংযোগী পথ যোগাযোগ ব্যৱস্থাই সামৰি ললে। সাংবাদিকতাৰে কৰ্ম জীৱন আৰম্ভ কৰা বাজপেয়ীৰ ওচৰত সমগ্ৰ দেশৰ সংবাদসেৱীসকল চিৰঋণী। বিদেহী আত্মাৰ সদগতি কামনাৰে শোকসন্তপ্ত সকলোলৈ গভীৰ সমবেদনা কৰিছে গীল্ডৰ সভাপতি হায়াত আলী আৰু সম্পাদক ছৈয়দ বুলবুল জামানুৰ হকে৷
ইয়াৰোপৰি বাজপেয়ীৰ মৃত্যুত প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী, প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং, সাংসদ ৰমেন ডেকা, বিধায়ক পদ্ম হাজৰিকা, মন্ত্ৰী ভৱেশ কলিতা, পাৰ্বত্য উন্নয়ন দপ্তৰৰ মন্ত্ৰী ছুম ৰংহাং, ছিকিমৰ মুখ্যমন্ত্ৰী পৱন চামলিং, পৰ্যটন মন্ত্ৰী চন্দন ব্ৰহ্ম আৰু পৰিমল শুক্লবৈদ্যৰো গভীৰ শোক প্ৰকাশ কৰে৷
No comments:
Post a Comment