ৰাকেশ বাহিনীৰ ৬ জন এ পি এছ বিষয়াক চাকৰিৰ পৰা বর্খাস্ত - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Thursday, August 02, 2018

ৰাকেশ বাহিনীৰ ৬ জন এ পি এছ বিষয়াক চাকৰিৰ পৰা বর্খাস্ত


গুৱাহাটীঃ ৰাকেশ পাল বাহিনীৰ পৰা বক্র পথেৰে চাকৰি ক্রয় কৰি সম্প্রতি কাৰাগাৰত বন্দী হৈ থকা ৬জন এ পি এছ বিষয়াক বুধবাৰে চাকৰিৰ পৰা বর্খাস্ত কৰে ৰাজ্য চৰকাৰে৷ এটা নির্দেশযোগে এ পি এছ হেমন্ত শইকীয়া, জয়ন্ত কুমাৰ নাথ, যতীন্দ্র প্রসাদ বৰুৱা, দিলীপ কুমাৰ কলিতা, হর্ষজ্যোতি বৰা আৰু ছাবিৰা ইমৰানক  চৰকাৰে চাকৰিৰ পৰা বর্খাস্ত কৰে৷

লক্ষণীয় যে বর্খাস্ত হোৱাসকলৰ মাজৰে ছাবিৰা ইমৰান কংগ্রেছৰ প্রাক্তন ৰাজ্য সভাৰ সাংসদ নাজনীন ফাৰুকীৰ আত্মীয়৷ চাকৰিৰ পৰা বর্খাস্ত হোৱা সকলো প্রাক্তন ৰাজপত্রিত বিষয়াই ইতিমধ্যে নিলম্বিত হৈ আছিল৷ উল্লেখযোগ্য যে বক্র পথেৰে চাকৰি লোৱাৰ তথ্য-প্রমাণ পোৱাৰ পাছতে তেওঁলোকক গ্রেপ্তাৰ কৰিছিল তদন্তকাৰী ডিব্রুগড়ৰ আৰক্ষীয়ে৷ বিগত বর্ষৰ নৱেম্বৰ মাহৰ দ্বিতীয় সপ্তাহত তেওঁলোকক গ্রেপ্তাৰ কৰা হৈছিল৷ তেওঁলোক সম্প্রতি গুৱাহাটী কেন্দ্রীয় কাৰাগাৰত বন্দী হৈ আছে৷

No comments:

Post a Comment

SPONSORED