বন বিভাগৰ সাফল্য, লাখ টকা মূল্যৰ অবৈধ সৰল কাঠ জব্দ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Friday, August 03, 2018

বন বিভাগৰ সাফল্য, লাখ টকা মূল্যৰ অবৈধ সৰল কাঠ জব্দ


নগাঁওঃ মেঘালয়ৰ লগতে প্ৰতিৱেশী জিলা ডিমা হাচাও আৰু কাৰ্বি আংলং জিলাৰ পৰা নগাঁৱলৈ চোৰাং কাঠৰ সৰবৰাহ অব্যাহত আছে। চোৰাং কাঠৰ ব্যৱসায়ীসকলৰ লগত নগাঁও চহৰৰ একাংশ কাঠফুলা মিলৰ গৰাকী আৰু কাঠৰ ব্যৱসায়ীৰ সুসম্পৰ্ক আছে। নিতৌ কাহিলি পুৱাতে মেঘালয়, ডিমা হাচাও আৰু কাৰ্বি আংলং জিলাৰ পৰা ট্ৰাকে ট্ৰাকে চোৰাং কাঠ চহৰখনৰ কাঠফলা মিল, কাঠ ব্যৱসায়ীৰ দোকানলৈ আহে। এই বিষয়ে সংবাদ মাধ্যমত বা-বাতৰি প্ৰকাশ হৈ আছে যদিও গা লৰা নাছিল বন বিভাগৰ। কিন্তু শেহতীয়াকৈ নগাঁও বন বিভাগে জিলাখনলৈ সৰবৰাহ কৰা চোৰাং কাঠ, শিল-বালিৰ বিৰুদ্ধে কিছু কঠোৰ হোৱা পৰিলক্ষিত হৈছে।
বৃহস্পতিবাৰে নিশা নগাঁও বন বিভাগে এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত অভিযান চলাই ৰহাত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা মেঘালয়ৰ পৰা নগাঁও অভিমুখে আহি থকা অৱস্থাত চোৰাং সৰল(পাইন) কাঠ ভৰ্তি এখন ট্ৰাক জব্দ কৰে। বন বিভাগে জব্দ কৰা ট্ৰাকখনৰ নম্বৰ হৈছে এন এল ০১ এল ৯৫৯৫। নগাঁৱৰ বনাঞ্চলিক বিষয়া নেপাল মণ্ডলৰ নেতৃত্বত যোৱা বন বিভাগৰ এটা দলে এটি চোৰাং সৰল কাঠভৰ্তি ট্ৰাকখন জব্দ কৰে। জব্দকৃত সৰল কাঠখিনিৰ মূল্য পাঁচ লক্ষাধিক টকা হ’ব বুলি বন বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে।

No comments:

Post a Comment

SPONSORED