মৰিগাঁও: ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰাত মৰিগাঁৱত সন্দেহজনক বিদেশীৰ নাম অন্তৰ্ভুক্ত হোৱাৰ ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে।এটা দুটা নহয়, ৩৯ টাকৈ বিদেশী পৰিয়ালৰ নাম অন্তৰ্ভুক্ত হৈছে সদ্য প্ৰকাশিত এন আৰ চি তালিকাত।
আনকি বিদেশী ন্যায়াধিকৰণে বিদেশী বুলি ৰায়দান দিয়া বিদেশীৰ নামো এই খচৰাত অন্তৰ্ভুক্ত হৈছে। উল্লেখ্য যে, নথি পৰীক্ষণ প্ৰক্ৰিয়াত এই ভয়ংকৰ তথ্য পোহৰলৈ আহিছে।আশ্বৰ্যজনক কথা এয়ে যে, বিদেশী ন্যায়াধিকৰনে অবৈধ বিদেশী বুলি চিনাক্ত কৰা মৰিগাঁও সদৰ থানাৰ অন্তৰ্গত কৰতিপামৰ নিবাসী জয়নাল আবেদিন নামৰ লোকজনৰ পৰিয়ালৰ নামো এই খচৰাত প্ৰকাশ পাইছে। এই তথ্য পোহৰলৈ অহাৰ পিছত বৰ্তমান ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিশেষকৈ কাৰ গাফিলতি ৰ বাবে এই ঘটনা সংঘটিত হ'ল ,তাক লৈও ব্যাপক গুণাগঁঠাৰ সৃষ্টি হৈছে।আনকি ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াত জড়িত কোনো বিশেষ চক্ৰ দ্বাৰা প্ৰভাৱান্বিত কৰ্মচাৰীয়ে ইচ্ছাকৃতভাৱেও এই কাম কৰিব পাৰে বুলি সন্দেহ ৰ আঙুলি উঠিছে।সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থা, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতি,কোচ ৰাজবংশী ছাত্ৰ সন্থা, তিৱা জাতীয় ঐক্যমঞ্চ, কলিতা সেনা, জনজাতি যুৱ পৰিষদকে ধৰি বিভিন্ন দল সংগঠন ব্যক্তিয়ে এইক্ষেত্ৰত বিহিত ব্যৱস্থা ল'বলৈ দাবী জনাইছে। আনহাতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ সমন্বয়ক প্ৰতীক হাজেলাই এইক্ষেত্ৰত প্ৰয়োজনীয় কাৰ্য ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আশ্বাস দিছে।
No comments:
Post a Comment