গুৱাহাটী : ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ (এন আৰ চি) পূর্ণাংগ খচৰা প্ৰকাশৰ পাছত কোন জিলাৰ কিমান আবেদনকাৰীৰ নাম খচৰাৰ পৰা বাদ পৰিল, সেই সন্দৰ্ভত ৰাজ্যৰ প্ৰতিখন জিলাৰ পৰা সংগ্ৰহ কৰা তথ্যত কেতবােৰ উদ্বেগজনক তথ্য পােহৰলৈ আহিছে।
আবেদনকাৰীয়ে জমা দিয়া বহুসংখ্যক নথিপত্ৰ পৰীক্ষণৰ বাবে বহিঃৰাজ্যলৈও প্ৰেৰণ কৰা হৈছিল যদিও অতি কমসংখ্যক নথিহে পৰীক্ষা কৰা হ’ল। ৩৫খন ৰাজ্যলৈ পৰীক্ষণৰ বাবে মুঠ নথি প্ৰেৰণ কৰা হৈছিল ৬.০৯ লাখ, পৰীক্ষাৰ অন্তত উভতি আহিল মাত্র ২.৯৮ লাখ। ইয়াৰ বাহিৰেও বিশ্বৰ ৩৭খন দেশলৈ পৰীক্ষণ কৰা নথিপত্ৰসমূহৰ ভিতৰত মাত্র ৯৮খন নথিহে পৰীক্ষা কৰা হ'ল। আমাৰ হাতত পৰা তথ্য অনুসৰি হােজাই জিলাত সর্বাধিকসংখ্যক আবেদনকাৰীৰ নাম পূর্ণাংগ খচৰাৰ পৰা বাদ পৰিছে। জিলাখনৰ মুঠ ৩,৩২,৪৮১গৰাকী আবেদনকাৰীৰ নাম ৩০ জুলাইত প্রকাশ হােৱা খচৰাত অন্তর্ভুক্ত হােৱা নাই। তাৰ পাছতে দৰং জিলাৰ ৩,৩১,৭৫০খন আবেদনকাৰীৰ নাম পূর্ণাংগ খচৰাত নাই।
আনহাতে, মাজুলীত মাত্র ৪,৪৫৪গৰাকী আবেদনকাৰীহে পূর্ণাংগ খচৰাৰ পৰা বঞ্চিত হৈছে। ইফালে দক্ষিণ শালমৰা, ধুবুৰী, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাৰ প্রায় ৭.৪৯ শতাংশকৈ আবেদনকাৰীৰ নাম পূর্ণাংগ খচৰাত অন্তর্ভুক্ত হােৱা নাই। কাছাৰৰ ১২.৪৯ শতাংশ আবেদনকাৰীৰ নাম নাই এই খচৰাত। ইয়াৰ বিপৰীতে কামৰূপ (মহানগৰ) জিলাৰ ১৭.৪৯ শতাংশ আবেদনকাৰীৰ নাম পূর্ণাংগ খচৰাৰ পৰা বাদ পৰিছে। জিলাসমূহৰ পৰা লাভ কৰা তথ্য অনুসৰি কাছাৰ জিলাৰ ২.২৮ লাখ, নগাৱৰ ২.৫৮ লাখ, শােণিতপুৰৰ ২.৩২ লাখ, কামৰূপ (মঃ)ৰ ২.০১ লাখ, বৰপেটাৰ ২.৪০ লাখ, বঙাইগাঁৱৰ ১.৭২ লাখ, বাগসাৰ ১.৬৯ লাখ, ধুবুৰীৰ ১.২৮ লাখ, গােৱালপাৰাৰ ১.৩৫ লাখ, মৰিগাঁৱৰ ১.৩৩ লাখ, দক্ষিণ শালমাৰাৰ ৩২ হাজাৰ, তিনিচুকীয়াৰ ১.৭০ লাখ, ওদালগুৰিৰ ১.১০ লাখ, কৰিমগঞ্জৰ ৯৯ হাজাৰ, কামৰূপৰ ১.২৩ লাখ, কোকৰাঝাৰৰ ৬৯ হাজাৰ, চিৰাঙৰ ৬৫ হাজাৰ, চৰাইদেউৰ ১১ হাজাৰ, ধেমাজিৰ ৫৫ হাজাৰ, ডিমা হাছাওৰ ১৫ হাজাৰ, গােলাঘাটৰ ৮২ হাজাৰ, হাইলাকান্দিৰ ৫৩ হাজাৰ, যােৰহাটৰ ২৩ হাজাৰ, শিৱসাগৰৰ ৫৩ হাজাৰ, নলবাৰীৰ ২০ হাজাৰ, পশ্চিম কাৰ্বি আংলঙৰ প্রায় ৫৫ হাজাৰ আবেদনকাৰীৰ নাম পূর্ণাংগ খচৰাৰ পৰা বাদ পৰিছে।
কোন জিলাত কিমানসংখ্যক লােকে নাগৰিকপঞ্জীত নাম অন্তর্ভুক্তিৰ বাবে আবেদন কৰিছিল আৰু কিমানৰ নাম পূর্ণাংগ খচৰাৰ পৰা বাদ পৰিল, তাৰ বিস্তৃত তথ্য জিলাসমূহৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত প্ৰস্তুত কৰা তালিকাত উল্লেখ কৰা হৈছে।
আনহাতে, প্রায় ৪৫ হাজাৰ বহিঃৰাজ্যৰ লােকৰ নামাে নাগৰিকপঞ্জীৰ পূৰ্ণাংগ খচৰাত অন্তর্ভুক্ত হােৱা নাই। অৱশ্যে এন আৰ চি কর্তৃপক্ষই প্রকাশ কৰা তালিকাৰ পৰাহে নিশ্চিত তথ্য লাভ কৰিব পৰা যাব। ইফালে বহিঃৰাজ্য বা বিদেশৰ পৰা বিবাহসূত্রে অসমলৈ অহা বা কর্মসূত্রে অসমত বসবাস কৰা বহু লােকে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নাম অন্তর্ভুক্ত কৰাৰ বাবে আবেদন জনাইছিল। উক্ত লােকসকলে আবেদনৰ লগত জমা দিয়া নথিপত্রসমূহ পৰীক্ষণৰ বাবে সংশ্লিষ্ট ৰাজ্যসমূহলৈ প্ৰেৰণ কৰা হৈছিল। কিন্তু অসমৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী। উন্নীতকৰণক লৈ আন ৰাজ্যসমূহৰ মনােভাব মুঠেও ইতিবাচক নহয়। যাৰ বাবে উক্ত ৰাজ্যসমূহে সময় মতে নথিপত্ৰ পৰীক্ষা কৰি ওভতাই নিদিলে। ইয়াৰ ফলতে বহুসংখ্যক লােকৰ নাম এন আৰ চিৰ পূৰ্ণাংগ খচৰাত অন্তর্ভুক্ত নােহােৱাকৈ ৰৈ গ'ল।
উদাহৰণস্বৰূপে পশ্চিমবংগলৈ প্ৰেৰণ কৰা ১,২০,২১০খন নথিৰ মাত্র ১৫,১৪৮খনহে পৰীক্ষা কৰি ওভতাই দিছে। একেদৰে বিহাৰলৈ প্ৰেৰণ কৰা ৭৩,৩০৬খন নথিৰ ১১,৪৯৯খনহে এন আৰ চি কর্তৃপক্ষই লাভ কৰিছে। একেদৰে আমেৰিকালৈ প্ৰেৰণ কৰা ১০৯খন, সংযুক্ত আৰব আমিৰ শ্বাহীলৈ প্ৰেৰণ কৰা ৫০খন নথিৰ এখন নথিও পৰীক্ষা কৰা নহ'ল। বহিঃৰাজ্যৰ অমনােযােগিতাৰ বাবেও এন আৰ চিৰ চুড়ান্ত তালিকা প্রকাশত আহুকাল সৃষ্টি হােৱাৰ সম্ভাৱনা নােহােৱা নহয়।
ভাৰতবৰ্ষৰ কোন ৰাজ্যলৈ কিমান নথি পৰীক্ষণৰ বাবে প্ৰেৰণ কৰা হৈছিল, আৰু কিমানসংখ্যক নথি পৰীক্ষা কৰা হ’ল, তাৰ সবিশেষ তথ্য তলত উল্লেখ কৰা হ'ল—
No comments:
Post a Comment