# ৰুমী ভূঞা
চাবুৱা, ডিব্ৰুগড়
অ অবোধ অভিমানী মন
তই কদাচিতো বেজাৰ নকৰিবি।
আবেগ-অনুভূতিৰ জোলোঙাটো মিছাতে জোকাৰি নাথাকিবি।
দুখ-আসোঁৱাহবোৰ জাৰি-জোকাৰি
দূৰলৈ দলিয়াই দে… !
এতিয়া সুখৰ বহাগ নামিছে;
চিকমিক বিজুলীৰ নাচোন তুলি,
কজলা মেঘ বৰষুণ হৈ নামিছে।
ভৰুণ আকাশত শইচ সোণোৱালী আশা।
আগৰ চোতালত বৰপীৰা পাৰি
তইয়েতো বহুৱাব লাগিব,
অনাকাংক্ষিত অতিথিক। আৰু জা..ন ’… !
তই-মই মিলি আমি সকলোৱে,
সমস্বৰে গাম…
কাহিলিপুৱাতে মেঘমল্লাৰ-ধ্ৰুপদী ৰাগ৷
No comments:
Post a Comment