তামাৰহাট : হত্যা, ধৰ্ষণ,অপহৰণ আদি অসামাজিক কাম-কাজবোৰ ৰাজ্যত তীব্ৰ গতিত বৃদ্ধি হৈ থকাৰ সময়তে হাৰিয়ানাত বিক্ৰী হোৱা অসমৰ এক যুবতীক উদ্ধাৰ কৰি হাৰিয়ানাৰ চাৰি ব্যাক্তিয়ে অসমৰ নিজ গৃহত ওভতাই দিবলৈ অহা ঘটনায় এক মানবীয়তাৰ উজ্জ্বল নিদৰ্শন দাঙি ধৰিছে।
জানিব পৰা মতে ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত উজানপেটলা প্ৰথম খণ্ড গাঁৱৰ আবুল কালামৰ ৩৩ বছৰীয়া যুৱতীগৰাকীক তামাৰহাটৰ নাটাবাৰী গাঁৱৰ ছাহাজুদ্দিন নামৰ যুৱক এজনে হাৰিয়ানাত দুমাহ আগতে অৰ্থাৎ যোৱা ৭ জুনত বিক্ৰী কৰিছিল। যুৱতীগৰাকীক নিচাযুক্ত দ্ৰব্য খুৱাই অচেতন কৰি ছাহাজুদ্দিনে তিনিলাখ টকাৰ বিনিময়ত বিক্ৰী কৰিছিল হাৰিয়ানালৈ৷
ইতিমধ্যে পিতৃৰ অভিযোগৰ ভিত্তিত ছাহাজুদ্দিন ধুবুৰী জেলত বিচাৰধীন অৱস্হাত। তিনিদিন পাছত যুৱতীগৰাকী কোনো এক অখ্যাত কোঠালীৰ ভিতৰত নিজকে দেখি কন্দা-কটা আৰম্ভ কৰে। পাছত কোঠালীত থকা অচিনাকি ব্যক্তিৰ পৰা জানিব পাৰিলে যে তেওঁক তিনি লাখ টকাত তাত বিক্ৰী কৰা হৈছে। উপায়হীন হৈ যুৱতীগৰাকীয়ে বন্দী হৈ থকা অখ্যাত কোঠালিতে বিভিন্ন নিৰ্যাতনৰ মাজত পাৰ কৰিছিল দীৰ্ঘ ৫৪ টা দিন।
অৱশেষত সুযোগ বুজি যুৱতীগৰাকীয়ে বন্ধ কোঠালীৰ পৰা বহু কষ্টৰে পলাই ৰাজপথলৈ ওলাই আহি হাৰিয়ানাৰ বিউৱানী জিলাৰ ইন্দীৱালী গাঁৱৰ সুগবীৰ সিং নামৰ ব্যক্তি জনৰ শৰনাপন্ন হয় আৰু সকলো কথা বিবৰি কয়। সুগবীৰ সিঙে যুৱতীগৰাকীৰ সকলো কথা শুনি তাইক দুদিন নিজৰ আশ্ৰয়ত ৰাখে আৰু যুৱতীগৰাকীৰ পৰিয়ালৰ লগত যোগাযোগ কৰি সুগবীৰে তেওঁৰ আত্মীয় আনন্দ প্ৰকাশ,নকেশ সিং আৰু দেশ ৰাজ নামৰ চাৰি ব্যক্তিয়ে হাৰিয়ানাৰ বিউৱানী জিলাৰ পৰা যুৱতীগৰাকীক অসমৰ ধুবৰী জিলাৰ উজানপেটলা গাঁৱত থকা পিতৃগৃহত লৈ আহে।
পৰিয়ালৰ লোকে যুৱতীগৰাকীক দুমাহ পাছত লগ পাই আনন্দত ভৰি পৰিছে ঘৰখন। ইফালে মানবতাৰ পৰিচয় দি নিঃস্বাৰ্থভাৱে অসহায় যুৱতীগৰাকীক ঘৰত উভতাই দিয়া কাৰ্য্যত সকলোৱে ধন্যবাদ যাঁচিছে হাৰিয়ানাৰ এই চাৰি ব্যাক্তিক ।
No comments:
Post a Comment