ভিলেজ ৰকষ্টার্ছ : ৰীমা দাসক ৰাজ্য চৰকাৰে দিব মুঠ ১ কোটি টকা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

September 28, 2018

ভিলেজ ৰকষ্টার্ছ : ৰীমা দাসক ৰাজ্য চৰকাৰে দিব মুঠ ১ কোটি টকা


গুৱাহাটী : ২০১৯ চনৰ অস্কাৰৰ শ্ৰেষ্ঠ বিদেশী ভাষাৰ চলচ্চিত্ৰ শিতানত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিবৰ বাবে নিৰ্বাচিত ‘ভিলেজ ৰকষ্টাৰ্ছ’ৰ পৰিচালক-প্ৰযোজক ৰীমা দাসলৈ অসম চৰকাৰে আৰু ৫০ লাখ টকা আগবঢ়াইছে। আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই কথা ঘোষণা কৰে। উল্লেখযোগ্য যে, ৰাজ্য চৰকাৰে ইয়াৰ আগতেও ৰীমা দাসলৈ ৫০ লাখ টকাৰ অনুমোদন জনা‌ইছিল। এতিয়া এই আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চলচ্চিত্ৰ পৰিচালকগৰাকীলৈ আগবঢ়োৱা মুঠ ধনৰ পৰিমাণ হ’ল ১ কোটি টকা।
ইফালে মুখ্যমন্ত্ৰীক আজি সাক্ষাত্‍ কৰাৰ সময়ত ৰীমা দাসে ‘ভিলেজ ৰকষ্টাৰ্ছ’ অস্কাৰলৈ ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিবলৈ নিৰ্বাচিত হোৱাত আনন্দ প্ৰকাশ কৰাৰ লগতে তেওঁলৈ আগবঢ়োৱা সহায়-সহযোগিতাৰ বাবে চৰকাৰ আৰু অসমৰ জনসাধাৰণক ধন্যবাদ জনায়।

No comments:

Post a Comment

SPONSORED