কোকৰাঝাৰ গেন্দ্ৰাবিলত সূত্ৰধৰ জাতিৰ গৱেষণামূলক কৰ্মশালা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

September 23, 2018

কোকৰাঝাৰ গেন্দ্ৰাবিলত সূত্ৰধৰ জাতিৰ গৱেষণামূলক কৰ্মশালা

খিলঞ্জীয়া সূত্ৰধৰ জাতিৰ ইতিহাস- ঐতিহ্য, ভাষা-সাহিত্য, কলা-সংস্কৃতি আৰু সাজ-পাৰৰ ওপৰত বিস্তৃত আলোচনা

কোকৰাঝাৰ : অসমৰ খিলঞ্জীয়া সূত্ৰধৰ জাতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ মহৎ উদ্দেশ্য আৰু লক্ষ্য ৰাখি সদৌ অসম সূত্ৰধৰ সন্মিলনী আৰু সদৌ বি টি চি সূত্ৰধৰ সন্মিলনী উদ্যোগত আৰু সদৌ বি টি চি সূত্ৰধৰ যুৱ ছাত্ৰ সন্থাৰ সহযোগত শনিবাৰৰ পৰা ২ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় ‘সূত্ৰধৰ জাতিৰ গৱেষণামূলক কৰ্মশালা’।
কাৰ্যসূচী অনুসৰি নিশা অসমৰ এটা খিলঞ্জীয়া জাতি ৰূপে বিশ্ব দৰবাৰত জাতিটোক প্ৰতিষ্ঠা কৰাৰ মহৎ উদ্দেশ্যৰে খিলঞ্জীয়া সূত্ৰধৰ জনগোষ্ঠীৰ ইতিহাস-ঐতিহ্য, ভাষা-সাহিত্য, কলা-সংস্কৃতি আৰু সাজ-পাৰৰ ওপৰত বিস্তৃত আলোচনা কৰা হয়। বি টি এডি আৰু বি টি এ ডিৰ বাহিৰৰ অঞ্চলৰ পৰা তিনি শতাধিক সূত্ৰধৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰা কৰ্মশালাত সূত্ৰধৰ জাতিটোক বিভিন্ন সমস্যাৰ পৰা উদ্ধাৰ কৰাৰ ওপৰত বিষদভাৱে আলোচনা কৰি প্ৰস্তাৱ গ্ৰহণ কৰে।
একেদৰে দেওবাৰে দ্বিতীয় দিনৰ কাৰ্যসূচী ৰাতিপুৱা অনুসৰি পতাকা উত্তোলন কাৰ্যসূচী ৰুপায়ন কৰে ক্ৰমে সদৌ অসম সন্মিলনীৰ সভাপতি পৰমেশ্বৰ সূত্ৰধৰ, সদৌ অসম সূত্ৰধৰ মহিলা সন্মিলনীৰ সভানেত্ৰী মনোমতি সূত্ৰধৰ, সদৌ বি টি চি সূত্ৰধৰ সন্মিলনীৰ সভাপতি অমূল্য সূত্ৰধৰ, কোকৰাঝাৰ জিলা সূত্ৰধৰ সন্মিলনীৰ সভাপতি অশোক সূত্ৰধৰ আৰু কোকৰাঝাৰ জিল্লা সূত্ৰধৰ যুৱ ছাত্ৰ সন্থাৰ সভাপতি তাৰিনি সূত্ৰধৰে।
পৰৱৰ্তীত শ্বহীদ সকললৈ শ্ৰদ্ধাঞ্জলি অৰ্পন কৰে সদৌ অসম সূত্ৰধৰ সন্মিলনীৰ সাধাৰণ সম্পাদক বিৰাজমোহন সূত্ৰধৰে। তাৰোপৰি কাৰ্যসূচী অনুযায়ী গছ ৰোপণ কাৰ্যসূচী মুকলি কৰি দিয়ে চিৰাং জিলাৰ সূত্ৰধৰ সন্মিলনীৰ প্ৰাক্তন সভাপতি যাদৱ সূত্ৰধৰে।
সদৌ বি টি চি সূত্ৰধৰ সন্মিলনীৰ সভাপতি অমূল্য সূত্ৰধৰ আৰু সদৌ অসম সন্মিলনীৰ সভাপতি পৰমেশ্বৰ সূত্ৰধৰে সংবাদ মাধ্যমৰ যোগেদি সূত্ৰধৰ জাতিটোক উদ্ধাৰ কৰাৰ ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী সৈতে আলোচনা কৰাৰ বাবে সুবিধা বিচাৰি থকা স্বত্বেও এই সুবিধা লাভ নকৰাত বঞ্চিত হৈ আছে বুলি মুখ্যমন্ত্ৰীলৈ অভিযোগ উত্থাপন কৰি বি টি চিত থকা সূত্ৰধৰ জাতিৰ উন্নয়নমুলক কামৰ স্বাৰ্থত বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰী আৰু বাউখুংগ্ৰি বি টি চি সমষ্টিৰ পৰিষদীয় সদস্য দনেস্বৰ গয়াৰীয়ে যথেষ্ট সহায় সহযোগিতা আগবঢ়োৱাৰ কথা উল্লেখ কৰি দুয়োকে সলাগ লয়।

No comments:

Post a Comment

SPONSORED