জনতা ভৱনত চি বি আইৰ অভিযান - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Thursday, September 27, 2018

জনতা ভৱনত চি বি আইৰ অভিযান


গুৱাহাটী : চাঞ্চল্যৰ সৃষ্টিকাৰী লুই বার্ৰ গোচৰৰ তদন্তই নতুন গতি লাভ কৰিছে৷ দেশৰ অন্যতম শীর্ষ অনুসন্ধানকাৰী সংস্থা চি বি আইৰ এটা বিশাল দলে গুৱাহাটীত বাহৰ পাতি সুদূৰ আমেৰিকাতো জোকাৰণি তোলা গোচৰটোৰ তদন্ত আৰম্ভ কৰিছে৷

কেইবাটাও গোটত ভাগ হৈ ভাগে ভাগে জেৰা চলাই থকা চি বি আইৰ জালত এইবাৰ বহু শীর্ষ আমোলা-বিষয়া আৰু ৰাজনীতিক পৰাৰ সম্ভাৱনা প্রকট হৈ পৰিছে৷ তদন্তকাৰী চি বি আইৰ এটা গোটে আনকি আজি জনতা ভৱনতো অভিযান চলায়৷ উল্লেখযোগ্য যে গোচৰটোৰ তদন্তকাৰী বিষয়া তথা চি বি আইৰ দুর্নীতি নিবাৰক গোটৰ (১) এছ পি ৰাজীৱ ৰঞ্জনৰ নেতৃত্বত লুই বার্ৰ উৎকোচ কেলেংকাৰিৰ গোচৰৰ তদন্ত কৰিবৰ বাবে গুৱাহাটীত বাহৰ পাতিছে৷

আজিৰে পৰা চি বি আইৰ তদন্তকাৰী দলটোৱে চৰকাৰী আমোলা-বিষয়া, অভিযন্তাকে ধৰি বিভিন্ন পক্ষক জেৰা আৰম্ভ কৰিছে৷ তদন্তৰ বাবে গুৱাহাটীত কিছু দীঘলীয়াকৈ বাহৰ পাতিব এই দলটোৱে৷ কিন্তু চি বি আইৰ বিশাল দলটো একে স্থানতে নাথাকি বহুকেইটা গোটত ভাগ হৈ মহানগৰীৰ বিভিন্ন অতিথিশালাত বাহৰ পাতিছে৷ প্রতিটো গোটেই বেলেগ বেলেগ লোকক জেৰা আৰম্ভ কৰিছে৷

বিশাল কেলেংকাৰিটোত জড়িত সকলো বিষয়া-আমোলা চি বি আইৰ তদন্তৰ আওতালৈ অহাৰ সম্ভাৱনাও প্রকট হৈছে৷ আজি কেলেংকাৰিৰ গোচৰটোৰ গুচৰীয়া ভৱেন সন্দিকৈৰ সৈতে চি বি আইৰ তদন্তকাৰী বিষয়াসহ এটা গোটে প্রায় ডেৰ ঘণ্টাধৰি তদন্তৰ অগ্রগতি সন্দর্ভত আলোচনাত মিলিত হয়৷ উলুবাৰীস্থিত আই পি এছ মেছত তেওঁৰ সৈতে হোৱা আলোচনাতে গুচৰীয়া সন্দিকৈয়ে বিগত সময়ছোৱাত আমেৰিকাৰ তদন্তকাৰী সংস্থা এফ বি আইৰ পৰা কেলেংকাৰিটো সন্দর্ভত লাভ কৰা বিভিন্ন তথ্য-পাতি দাখিল কৰে৷

চি বি আইৰ দলটোৱে তদন্ত সঠিক দিশত আগবঢ়াৰ লগতে এটা পর্যায়লৈ সম্পূর্ণ হোৱা বুলি সন্দিকৈক জনোৱা বুলি সদৰী কৰে৷ ইয়াৰ পাছতে সন্ধিয়া প্রায় ৫ বজাৰ পৰা চি বি আইৰ এটা দলে জনতা ভৱনত অভিযান আৰম্ভ কৰাৰ কথা জানিব পৰা গৈছে৷ দলটোৱে মুখ্যতঃ জনতা ভৱনস্থিত গুৱাহাটী উন্নয়ন বিভাগত কেলেংকাৰিৰ তথ্যৰ সন্ধানত অভিযান চলোৱাৰ লগতে বিভিন্ন লোকক জেৰা কৰা বুলি জানিব পৰা গৈছে৷

লক্ষ্যণীয় যে চি বি আইৰ দলটোৱে অসমত এইবাৰ সকলো অভিযুক্তকে জেৰা সম্পূর্ণ কৰালৈ বাহৰ পাতিব বুলি জানিব পৰা গৈছে৷ দলটোৰ তদন্তৰ আওতাত ইতিমধ্যে বহুসংখ্যক শীর্ষ আমোলা-বিষয়া-অভিযন্তা সোমাই পৰিছে আৰু সকলোকে জেৰাৰ বাবে তলৱ কৰা বুলি জানিব পৰা গৈছে৷ প্রণিধানযোগ্য যে গোচৰটো হাতত লোৱাৰ পাছত চি বি আয়ে অসমত কেইবাবাৰো তদন্ত কৰি গৈছে যদিও এইবাৰেই প্রথম বিশাল দল লৈ দীঘলীয়া সময়ৰ বাবে তদন্তৰ খাতিৰত ইয়াত বাহৰ পাতিছে৷

উল্লেখযোগ্য যে জাপানৰ বিত্তীয় প্রতিষ্ঠান জাইকাৰ পুঁজিৰে গুৱাহাটীত সম্প্রতি চলি থকা পানী যোগান আঁচনিটোৰ ডি পি আৰ (ডিটেইলছ প্রজেক্ট ৰিপ’র্ট) প্রস্তুত কৰিছিল মার্কিন সংস্থা লুই বার্ৰে৷ এই কামৰ বাবে লুই বার্ৰক অসম চৰকাৰে ৭৮ কোটি টকাৰ বৃহৎ ঠিকা আবণ্টন দিছিল৷ কিন্তু এই ঠিকা লাভৰ বাবে লুই বার্ৰে ২০১০ চনত একাংশ ৰাজনীতিক আৰু বিষয়া-আমোলাক প্রায় ৬ কোটি টকা উৎকোচ দিছিল৷

অসমৰ উপৰি গোৱাতো একেদৰে পানী যোগান আঁচনিৰ ডি পি আৰৰ ঠিকা লাভৰ বাবে বৃহৎ পৰিমাণৰ ধন উৎকোচ দিছিল লুই বার্ৰে৷ আমেৰিকাৰ ন্যায় ব্যৱস্থাত এই উৎকোচ দিয়াৰ বাবে শাস্তিৰ সন্মুখীন হ’বলগীয়া হয় লুই বার্ৰ৷ তাৰ পাছতহে উক্ত কেলেংকাৰিৰ তথ্য পোহৰলৈ আহে৷ লুই বার্ৰৰ শীর্ষ বিষয়াই মার্কিন আদালতত অসমৰ শীর্ষ আমোলা-বিষয়া আৰু এজন প্রভাৱশালী ৰাজনীতিকক এই বৃহৎ উৎকোচ দিয়াৰ কথা স্বীকাৰো কৰিছিল৷

লক্ষণীয় যে কেলেংকাৰিৰ সময়ত অসমত কংগ্রেছ দলৰ তৰুণ গগৈ নেতৃত্বাধীন চৰকাৰ আছিল৷ তেতিয়া প্রকল্পটোৰ নডেল অফিচাৰ হিচাপে দায়িত্বত আছিল এ চি এছ অফিচাৰ মণিকূট পাঠক৷ তেওঁৰ ৰহস্যজনক মৃত্যুৰ সৈতেও এই গোচৰটোৰ সম্পর্ক থকাৰ অভিযোগ আনিছিল গুচৰীয়া পক্ষই৷ পাঠকৰ মৃত্যুৰ কিছুদিন পূর্বেই গুৱাহাটী উন্নয়ন বিভাগৰ কার্যালয়ৰ পৰা পানী যোগান আঁচনিটোৰ ফাইল হৰণলুকী হৈছিল বুলিও চি বি আইক অভিযোগ দিছিল গুচৰীয়া পক্ষই৷

উল্লেখযোগ্য যে কেলেংকাৰিটোৰ উচচ পর্যায়ৰ তদন্ত বিচাৰি স্বৰাজ অধিকাৰ সংগ্রাম অসম, ছ’চাইটি ফৰ ছ’চিঅ’ ইক’নমিক ডেভেলপ৲মেণ্ট আৰু নিখিল ভাৰত কৃষক সভা নামৰ তিনিটা সংগঠনৰ নেতা ভৱেন সন্দিকৈ, আব্দুল ৱাহিদ আৰু জয়ন্ত গগৈয়ে ২০১৫ চনৰ জুলাই মাহত দিছপুৰ আৰক্ষী থানাত গোচৰ তৰিছিল৷ কিন্তু আৰক্ষীয়ে গোচৰ আগবঢ়োৱাত হেমাহি কৰা দেখা পাই তেওঁলোকে এমাহ পাছত ১৭ আগষ্টত গুৱাহাটী উচচ ন্যায়ালয়ত ৰাজহুৱা স্বার্থজড়িত গোচৰ (পি আই এল নং ৮৫২০১৫) তৰে৷

উচচ ন্যায়ালয়ে সেই বছৰৰে ১ ছেপ্টেম্বৰত গোচৰটো চি বি আইক তদন্ত কৰিবলৈ নির্দেশ দিয়ে৷ ইফালে, চি বি আইৰ দিল্লীস্থিত ১নং দুর্নীতি নিবাৰক গোটে সেই মাহতে ২৭ ছেপ্টেম্বৰত কেলেংকাৰিটো সন্দর্ভত গোচৰ পঞ্জীয়ন (নং এ চি ১ ২০১৭ এ ০০০৬) কৰি এছ পি ৰাজীৱ ৰঞ্জনক তদন্তকাৰী বিষয়া হিচাপে নিযুক্তি দিয়ে৷ গোচৰ ৰুজু কৰি তদন্ত প্রক্রিয়া আৰম্ভ কৰিলেও তদন্তকাৰী চি বি আইৰ দল অসমলৈ ২০১৭ চনৰ ১২ অক্টোবৰতহে প্রথম আহে৷

তদন্তকাৰী বিষয়াৰ নেতৃত্বত দুজনীয়া দলে সেইবাৰ অসমত প্রাথমিক তদন্ত আৰম্ভ কৰাৰ লগতে গুচৰীয়া পক্ষৰ সাক্ষ্য গ্রহণ কৰিছিল৷ প্রণিধানযোগ্য যে গোৱাত সংঘটিত গোচৰৰ তদন্ত কৰি ইতিমধ্যে চি বি আয়ে সেই ৰাজ্যৰ প্রাক্তন মুখ্যমন্ত্রী আৰু গড়কাপ্টানী মন্ত্রীক গ্রেপ্তাৰ কৰাৰ লগতে আইন বলৱৎকাৰী সংস্থাই (এনফ’র্চমেণ্ট ডাইৰেক্টৰেট) তেওঁলোকৰ সম্পত্তি জব্দ কৰিছিল৷ কিন্তু অসমত একেটা কেলেংকাৰিৰ তদন্ত প্রক্রিয়া আজিও প্রাথমিক পর্যায়তে আছে৷

No comments:

Post a Comment

SPONSORED