গুৱাহাটী : মুখ্যমন্ত্রীৰ দুর্নীতি নিবাৰক শাখাই আজি সন্ধিয়া এক গোপন খবৰৰ ভিত্তিত উত্তৰ কামৰূপ বন সংমণ্ডলৰ অধীনৰ ৰঙিয়া খণ্ড বন বিষয়াৰ কার্যালয়ত অভিযান চলাই খণ্ড বন বিষয়াজনক ভেটি লৈ থকা অৱস্থাত হাতে-লোটে ধৰা পেলায়৷ এইজন বন বিষয়াৰ নাম ধীৰাজ দাস৷ প্রায় ডেৰ মাহ পূর্বে মাথোঁ এইজন বন বিষয়াই ৰঙিয়াত যোগদান কৰিছিল৷
মুখ্যমন্ত্রীৰ দুর্নীতি নিবাৰক শাখাই ধীৰাজ দাসক গ্রেপ্তাৰ কৰি সম্প্রতি জেৰা অব্যাহত ৰাখিছে৷ প্রাপ্ত তথ্য মতে, ধীৰাজ দাসে কোনো কামৰ বাবে এজন ব্যৱসায়ীৰ পৰা অনৈতিকভাৱে ১২ হাজাৰ টকা দাবী কৰিছিল৷ পাছত ব্যৱসায়ীজনে মুখ্যমন্ত্রীৰ দুর্নীতি নিবাৰক শাখাৰ সৈতে যোগাযোগ কৰাত আজি দুর্নীতি নিবাৰক শাখাই জাল পাতি বন বিষয়াজনক হাতে-লোটে ধৰা পেলাই গ্রেপ্তাৰ কৰে৷
জানিব পৰা মতে, বন বিষয়াজনে আজি ব্যৱসায়ীজনৰ পৰা দাবী কৰা ধনৰ ৯ হাজাৰ টকা লৈ থাকোঁতেই এইদৰে মুখ্যমন্ত্রীৰ দুর্নীতি নিবাৰক শাখাৰ হাতত গ্রেপ্তাৰ হ’বলগীয়া হয়৷ বন বিষয়া দাসক গ্রেপ্তাৰৰ পাছতে অভিযানকাৰী দলটোৱে তেওঁৰ বাহনৰ লগতে চৰকাৰী আৱাসত তন্ন-তন্নকৈ তালাচী অভিযান চলায়৷ সম্প্রতি তেওঁক গুৱাহাটীলৈ লৈ যোৱা হৈছে৷
No comments:
Post a Comment