গৃহৰক্ষীৰ নিয়োগ-বদলিৰ নামত ব্যাপক অনিয়ম - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Tuesday, September 18, 2018

গৃহৰক্ষীৰ নিয়োগ-বদলিৰ নামত ব্যাপক অনিয়ম

# সন্থাৰ সভাপতি আৰু সম্পাদকৰ বিৰুদ্ধে উৎকোচ লোৱাৰ অভিযোগ
# উৎকোচ নিদিয়াৰ বাবেই ৩৩ গৃহৰক্ষী জোৱানক অব্যাহতি
# ক্ষুব্ধ গৃহৰক্ষীৰ ধৰ্না কাৰ্যসূচীত উত্তাল কোকৰাঝাৰ


কোকৰাঝাৰ : সুদীৰ্ঘ ৮ বছৰধৰি কোকৰাঝাৰ জিলাৰ বিভিন্ন ৰেলৱে ব্ৰীজ, কালভাৰ্ট, ৰেলৱে ট্ৰেক তথা বিভিন্ন ৰেল ষ্টেচনৰ সুৰক্ষাৰ দায়িত্বত থকা শতাধিক গৃহৰক্ষী জোৱানৰ একাংশক শেহতীয়াকৈ অব্যাহতি দিয়াক লৈ বঞ্চিত গৃহৰক্ষী জোৱান সকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ইয়াৰ প্ৰতিবাদত মঙলবাৰে শতাধিক গৃহৰক্ষী জোৱানে কোকৰাঝাৰ চহৰৰ নিউ অভাৰ ব্ৰীজৰ সমীপত থকা গৃহৰক্ষী কাৰ্যালয় চৌহদত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে৷
ধৰ্ণা কাৰ্যসূচীত অৱস্থান লোৱা ক্ষুব্ধ তথা বঞ্চিত গৃহৰক্ষী জোৱান সকলে গৃহৰক্ষী কমাণ্ডেন্ট গ’ বেক, গৃহৰক্ষী পিচি গ’ বেক, ৰেলৱে গৃহৰক্ষীক অব্যাহতি দিয়া নচলিব, আমাৰ চাকৰি নিয়মীয়াকৰণ কৰক, গৃহৰক্ষী সন্থাৰ নেতাৰ দালালগিৰি বন্ধ কৰক আদি শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে৷
সংবাদমাধ্যমৰ আগত বঞ্চিত গৃহৰক্ষীসকলে অভিযোগ কৰা মতে জিলাখনৰ বিভিন্ন ৰেলৱে ব্ৰীজ, কালভাৰ্ট, ৰেলৱে ট্ৰেক তথা বিভিন্ন ৰেল ষ্টেচনৰ সুৰক্ষাৰ দায়িত্বত ১১৩ গৰাকী গৃহৰক্ষী জোৱান নিয়োজিত হৈ আছে৷ কিন্তু সুদীৰ্ঘ ৮ বছৰধৰি নামমাত্ৰ পাৰিতোষিকৰে তথা নিষ্ঠা সহকাৰে নিজৰ দায়িত্ব পালন কৰি থকা উল্লেখিত গৃহৰক্ষী জোৱান সকলৰ একাংশক শেহতীয়াকৈ চাকৰিৰ পৰা অব্যাহতি দিয়া হৈছে আৰু বাকী থকা গৃহৰক্ষী সকলকো অব্যাহতি দিয়াৰ বাবে বিভাগীয় কৰ্তৃপক্ষই প্ৰস্তুতি চলাই আছে৷
গৃহৰক্ষী সন্থাৰ কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি, সম্পাদক আৰু বিভাগীয় শীৰ্ষ বিষয়াক উৎকোচ নিদিয়াৰ বাবেই উল্লেখিত গৃহৰক্ষী জোৱানসকলক চাকৰিৰ পৰা অব্যাহতি দিয়া হৈছে বুলি অভিযোগ কৰে৷ তদুপৰি নতুনকৈ গৃহৰক্ষী নিয়োগ আৰু বদলিৰ নামতো সন্থাৰ সভাপতি আৰু সম্পাদকদ্বয়ে উৎকোচ লয় বুলিও গৃহৰক্ষী সকলে অভিযোগ কৰে৷
আনহাতে সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাৰ কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি আৰু সম্পাদকে গৃহৰক্ষী জোৱান নিয়োগৰ নামত উৎকোচ লোৱা বুলি উত্থাপিত অভিযোগ অস্বীকাৰ কৰিছে সন্থাই৷ এক প্ৰেছ বিবৃতিযোগে গৃহৰক্ষী জোৱানৰ জিলা সাধাৰন সম্পাদক বৰহান কাজীয়ে স্পষ্ট কৰামতে গৃহৰক্ষী জোৱানৰ নিয়োগ বা বদলিৰ ক্ষেত্ৰত সন্থাৰ কোনো হাত নাই৷ গৃহৰক্ষী জোৱানৰ নিয়োগ তথা বদলিকৰণৰ সম্পূৰ্ণ প্ৰক্ৰিয়া গৃহৰক্ষীৰ এক্ট আৰু ৰুল মতেই চলে বুলি জানিবলৈ দিয়ে৷

No comments:

Post a Comment

SPONSORED