বিধানসভাৰ অধিৱেশনত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য বিতৰ্কৰ প্ৰসংগ উত্তাপনৰ দাবী বি এছ ইউৰ
কোকৰাঝাৰ : বড়োলেণ্ড বিশ্ববিদ্যালয়ত পঞ্চম দিনাও অব্যাহত থাকিল প্ৰতিবাদ। চলিত বৰ্ষৰ ১৭ তাৰিখে ছেপ্টেম্বৰত কাৰ্যকাল উকলি যোৱাৰ পিছতেই পিছদিনাই অৰ্থাৎ ১৮ ছেপ্টেম্বৰত পুনৰ ৰাজ্যপালে নিযুক্তি দিয়া উপাচাৰ্য ডঃ হেমন্ত কুমাৰ বৰুৱাক আঁতৰাই নতুনকৈ স্থায়ী উপাচাৰ্য নিযুক্তি দিয়াৰ দাবীৰে যোৱা ২০ ছেপ্টেম্বৰ পৰাই আৰম্ভ হোৱা অনিৰ্দিষ্টকালীন ধৰ্মঘট আজি পঞ্চম দিনত ভৰি দিলে৷
বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ফৌজদাৰী পৰীক্ষা বাতিল হল এই প্ৰতিবাদৰ বাবে। চলিত বৰ্ষটোৰ ২০-২৪ ছেপ্টেম্বৰলৈ বাতিল কৰিবলগীয়া হৈছে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ বাহিৰে অন্য বিভাগ সমূহৰ ফৌজদাৰী (Sessional) পৰীক্ষা। সেয়ে অতি শীঘ্ৰে সমস্যা সমাধান কৰিবলৈ আহ্বান বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ।
অন্য দিনৰ দৰেই আজিও কোকৰাঝাৰ জিলা বড়োলেণ্ড ছাত্ৰ সন্থা (বি এছ ইউ)ই অব্যাহত ৰখা এই প্ৰতিবাদত বিভিন্ন মহাবিদ্যালয়সমূহৰ বহু ছাত্র-ছাত্ৰীয়ে বেনাৰ, ফেষ্টুনন, প্লেকাৰ্ড লৈ উপাচাৰ্য হেমন্ত কুমাৰ বৰুৱাৰ বিৰূদ্ধে বিভিন্ন ধ্বনিৰে উত্তাল কৰি তোলে।
ইফালে পাঁচ দিনলৈকে প্ৰতিবাদ সাব্যস্ত কৰা স্বত্বেও চৰকাৰৰ কোনো চৰকাৰী বিষয়া তথা প্ৰতিনিধিয়ে প্ৰতিবাদৰ খবৰ ল’বলৈ প্ৰতিবাদস্থলীত উপস্থিত হোৱা নাই। সেয়ে বিষয়টো চলি থকা বিধানসভাৰ অদিৱেশনত উত্থাপন কৰি উক্ত সমস্যা সমাধানৰ ব্যবস্থা কৰাৰ দাবী জনায় ছাত্ৰ সংগঠনটোৱে৷
আনহাতে চৰকাৰে যেতিয়ালৈ দাবী পূৰণ কৰাৰ প্ৰতিশ্ৰুতি নিদিয়ে তেতিয়ালৈকে অনিৰ্দিষ্টকালীন ধৰ্মঘট অব্যাহত ৰখা হ’ব বুলি চৰকাৰলৈ সকীয়নী প্ৰদান কৰে বি এছ ইউৰ সভাপতিয়ে। পাঁচ বছৰ পৰিচালনা কৰিও বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ বিশেষকৈ ১২ বি ষ্টেটাছ কৰিব নোৱৰা তথা বিশ্ববিদ্যালয়ৰ বিভিন্ন সমস্যাৰ সমাধান কৰিবলৈ সক্ষম নোহোৱা হেমন্ত কুমাৰ বৰুৱাক ৰাজ্যপালৰ পৰা পুনৰ উপাচাৰ্য হিচাপে নিযুক্তি দিছে যদিও কোনো পধ্যেই গ্ৰহণ কৰিব নোৱাৰে আৰু প্ৰতিবাদৰ খবৰ লবলৈ চৰকাৰৰ পালৰ পৰা প্ৰতিবাদস্থলীত উপস্থিত নোহোলৈকে এই গনতান্ত্ৰিক আন্দোলন অব্যাহত ৰাখিব বুলি সকীয়নী প্ৰদান কৰে বি এছ ইউৰ সদস্যসকলে।
No comments:
Post a Comment