বৰপেটা : বৰপেটা জিলাৰ ভৱানীপুৰৰ ৰৌমাৰী গাঁৱৰ বেচৰকাৰী স্বেচ্ছাসেৱী সংস্থা ‘নৱ জাগৰণ’ৰ উদ্যোগত বুধবাৰে ৰাতিপুৱা ৯ বজাত সভাপতি ফজলুল হ'কৰ পৰিচালনাত গাঁৱখনৰ বিভিন্ন ৰাজহুৱা ঠাইত গছপুলি ৰোপণ কৰি এখন আৱৰ্জনা মুক্ত ৰৌমাৰী গাঁও হিচাপে গঢ় দিয়াৰ মানসেৰে এক বিশেষ শোভাযাত্ৰা উলিয়ায়৷ দক্ষিণ ৰৌমাৰী প্ৰাথমিক বিদ্যালয়ৰ শতাধিক ছাত্ৰ-ছাত্ৰী স্থানীয় ৰাইজৰ সহযোগত উলিওৱা এই শোভাযাত্ৰাত গছ কটা বন্ধ কৰক, মুকলিতে শৌচ বন্ধ কৰক, নাৰী নিৰ্যাতন বন্ধ কৰক, মদ-জুৱাকে আদিকে ধৰি অসামাজিক কাৰ্যকলাপ পৰিহাৰ কৰক, ডাষ্টবিন ব্যৱহাৰ কৰক আদি শ্লোগান দিয়ে৷ সংস্থাৰ সম্পাদক শ্বহীদুল ইছলামৰ সহযোগিতাত ভৱানীপুৰ উপ-আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত উপ আৰক্ষী বিষয়া হিতেশ পাটগিৰী, ৰামকৃষ্ণ গুস আদি বিশিষ্ট বিষয়াসকলে স্বচ্ছতা সম্পৰ্কে বিষদভাৱে আলোচনা কৰে।
Responsive Ads Here
Thursday, September 20, 2018

ভৱানীপুৰৰ ৰৌমাৰীত স্বচ্ছ ভাৰত অভিযান
Tags
# আঞ্চলিক
Share This

About Sangbad Prahari
আঞ্চলিক
Labels:
আঞ্চলিক
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)
No comments:
Post a Comment