আন্তঃৰাজ্যিক ভাব বিনিময়ৰ বাবে আমন্ত্রিত কেৰালাৰ শিল্পী-সাহিত্যিক দলক বিপুল আদৰণি
গুৱাহাটী : ঐক্য-শান্তি আৰু সম্প্রীতিৰ বার্তা লৈ আন্তঃৰাজ্যিক ভাব বিনিময়ৰ বাবে গুৱাহাটীত উপস্থিত হােৱা কেৰালাৰ ৪৫ জনীয়া শিল্পী-সাহিত্যিকৰ দলটোৱে সোমবাৰে মঙলদৈৰ খটৰা সত্ৰৰ পাচেতি উৎসৱ, দৰঙৰ খুলীয়া ভাৱৰীয়া, দৰঙৰ ওজাপালি আৰু মহিলাসকলৰ থিয়নাম পৰিদৰ্শন কৰে।
স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰি দলটোৱে মঙলদৈৰ বিভিন্ন ঐতিহাসিক ক্ষেত্রসমূহে পৰিদৰ্শন কৰে। দলটোক প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তৰ বাসগৃহত আয়ােজন কৰা এক অনুষ্ঠানতাে আদৰণি জনায়।
ইফালে দলটোক আদৰণিৰ বাবে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ড° বাণীকান্ত কাকতি প্রেক্ষাগৃহত আয়ােজিত এক অনুষ্ঠান ‘মুক্তি’ৰ সভাপতি হেমপ্রভা দেৱীৰ পৌৰােহিত্যত অনুষ্ঠিত হয়।
গুৱাহাটীৰ আর্থ-সামাজিক-সাংস্কৃতিক উন্নয়ন সংস্থা ‘মুক্তি’ৰ আমন্ত্রণক্রমে কেৰেলাৰ পৰা অহা দলটোক আদৰণি জনােৱা অনুষ্ঠানত প্ৰাৰম্ভতে বন্তি প্রজ্বলন কৰে বিশিষ্ট সুৰকাৰ জিতু শৰ্মা আৰু তপন ভট্টাচার্যই (জিতু-তপন) দেৱজিৎ বৰা আৰু প্ৰিয়ংকা শর্মাই আঁতধৰা আদৰণি অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ৰাজ্যসভাৰ প্রাক্তন সাংসদ তথা বিশিষ্ট সংগীতজ্ঞ কুমাৰ দীপক দাসে কয়—‘অসমৰ সৈতে কেৰালাকে ধৰি দাক্ষিণাত্যৰ সম্পৰ্ক অধিক পৌৰাণিক। গতিকে এই মধুৰ সম্পর্ক অধিক সুদৃঢ় কৰাৰ স্বাৰ্থত কেৰালাৰ পৰা শিল্পী-সাহিত্যিকৰ এটি দল আমন্ত্রণ কৰি আনি মত বিনিময়ৰ মাধ্যমত ‘মুক্তি’য়ে গ্রহণ কৰা এই প্রচেষ্টা নিতান্তই প্রসংশনীয়।
উক্ত অনুষ্ঠানত সাহিত্য অকাডেমীৰ বঁটাপ্রাপক ড° জয়ন্ত মাধৱ বৰা, বিশিষ্ট লেখক-অভিযন্তা প্রদীপ পূজাৰী, কেৰালাৰ কানুৰ অভিযান্ত্রিক মহাবিদ্যালয়ৰ অৱসৰপ্রাপ্ত অধ্যাপক এন. কে. গােবিন্দম, কেৰালা একতা পৰিষদৰ কাৰ্যবাহী সদস্য ভি. এম. পবিত্রম, অসম সাহিত্য সভাৰ প্ৰকাশন আহ্বায়ক মানিক আহমেদ আৰু কেৰেলাৰ জ্যেষ্ঠ লেখিকা কে. চিদাম্বৰম বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে।
প্রতিভা দাস কেলেংপীৰ বৰগীতেৰে আৰম্ভ হােৱা অনুষ্ঠানত আদৰণি ভাষণ প্রদান কৰি মুক্তিৰ উপদেষ্টা তথা সাহিত্য অকাডেমীৰ অনুবাদ বঁটাপ্রাপক বিপুল দেউৰীয়ে কয়—‘কেৰেলা-অসম ভাই-ভাই। আন্তঃৰাজ্যিক ভাৱ-বিনিময়ৰ বাবে অসমলৈ অহা কেৰালাৰ শিল্পী-সাহিত্যিকৰ এই দলটোৱে অসম আৰু কেৰালাৰ মাজত সম্প্রীতিৰ এনাজৰী অধিক শক্তিশালী কৰিবলৈ সক্ষম হব।উল্লেখ্য যে উক্ত অনুষ্ঠানতে সংগীত নাটক অকাডেমীৰ বঁটাপ্রাপক নুরুদ্দিন আহমেদ আৰু ৰামকৃষ্ণ তালুকদাৰক মুক্তিৰ তৰফৰ পৰা বিশেষ সম্বর্ধনা জ্ঞাপন কৰে। পাছত দুয়ােখন ৰাজ্যৰ বহু শিল্পী কলাকুশলীয়ে বিভিন্ন সাংস্কৃতিক কার্যক্রম সম্পন্ন কৰে।
অনুষ্ঠানত নীল প্রতিভা সাংস্কৃতিক গােষ্ঠীৰ লােকবাদ্য সংগীতানুষ্ঠান ‘অসমৰ সুৱদী মাত’, সংগীতনাটক অকাডেমীৰ বঁটাপ্রাপক অনিতা শৰ্মা আৰু বিশিষ্ট নৃত্যশিল্পী মৰমী মেধিৰ সত্ৰীয়া আৰু কথক নৃত্য পৰিৱেশন, তিৱা নৃত্য পৰিৱেশন কৰাৰ উপৰি কেৰেলাৰ লােকশিল্পীসকলেও গীত-নৃত্য পৰিৱেশন কৰে।
উল্লেখ্য যে উক্ত অনুষ্ঠানতে অসমত বসবাস কৰি থকা কেৰালাৰ ৰাইজে উক্ত দলটোক সাদৰ সম্ভাষণ জ্ঞাপন কৰে। আনহাতে অসম আৰু মেঘালয় ভ্রমণলৈ অহা কেৰেলাৰ দলৰ টি.ভি নাৰায়ণম, পি কে সুধাকৰণ, কে কমলাক্ষী, কে আনাগ্রা, কে বিশ্রুথ, পি পি সুনীল, কে দিবাকৰণ, পি পবিথৰণ, কে পাৰিণড্রন, কে এডভাইথ, আৰ সথিশবাবু, কে সন্থামা, পি.ভি মনােজ কুমাৰ, ও ভি ৰেটনা কুমাৰ, এম শ্যামলা, চি ছাফদাৰ, পি এম সুৰেশ বাবু, এম চাজিনা, এছ নীহাৰা, এছ দিলাড়া, এম চি শ্ৰীধাৰণ, অ’ প্রদীপন, কে সুৰেশ কুমাৰ, কে এম পুষ্প কুমাৰী, এম সুজিথ,পি চি জয়াচুয়ুন, টিভি ৰবীন্দ্ৰৰণ, এম কে বিনােদ কুমাৰ, এম পি সানিল কুমাৰ,কৰিক্যান অনিথা, এম কে গােবিন্দন,পি সুনীল দত্তন, পিভি সন্তোষ, এছ যমুনা, ই এ বাসুদেৱান, আৰ কে আজিথ, পি বিনােদ কুমাৰ, ভি. এম ভিথৰন, টিকে দেৱৰাজন, ৰােহিনী শ্রীকলা, দেৱৰাজ নয়না, দেৱৰাজ নন্দনা, পি প্রসাদ আৰু এন ভেনু গােপালক মুক্তিৰ তৰফৰ পৰা ফুলাম গামােচা আৰু ফুলৰ তােৰাৰে সম্বর্ধনা জ্ঞাপন কৰে।
No comments:
Post a Comment