কোকৰাঝাৰ : ২০১৪ৰ ২৩ ডিচেম্বৰত কোকৰাঝাৰ আৰু শোনিতপুৰৰ ঢেকিয়াজুলিত পুৰ্বৰ আলোচনা বিৰোধী নেতা আই কে সংবিজিত আৰু বৰ্তমানৰ সভাপতি বি. ছাউৰাইগৌৰাৰ নেতৃত্বধীন এন ডি এফ বিয়ে সংঘটিত কৰা নাৰকীয় হত্যাকাণ্ডৰ অভিযুক্ত চাৰিজনকৈ সদস্যক ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (এন আই এ) য়ে দোষী সাব্যস্ত কৰাৰ ওপৰত কঠোৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আলোচনা বিৰোধী এন ডি এফ বিৰ সাধাৰণ সম্পাদক বি. ফেৰেংগাই।
সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা প্ৰেছ বিবৃতিৰ যোগে ফেৰেংগাই সদৰী কৰা মতে ২০১৪ ৰ ২৩ ডিচেম্বৰৰ হত্যাকাণ্ড বড়ো জাতিৰ ৰক্ষাৰ বাবেহে সংঘটিত কৰা হৈছিল আৰু এই সংঘটিত হোৱা ঘটনাৰ দায়ী ভাৰত চৰকাৰহে। আজিৰ পৰা ৩০ বছৰৰ পুৰ্বে চৰকাৰে বড়োসকলক ৰাজনৈতিক, অৰ্থনৈতিক বা ধৰ্মীয় নীতি, সকলো দিশতে প্ৰৱঞ্চনা, প্ৰতাৰণা কৰি অহাৰ বাবেই বড়ো যুৱক-যুৱতী সকলে হাতত অস্ত্ৰ তুলি লবলৈ ওলাই আহিছিল।
এই হত্যাকাণ্ডৰ অভিযুক্ত হিচাপে এন আই এয়ে দোষী সাব্যস্ত কৰা মানে বড়ো জাতিটোকে দোষী সাব্যস্ত কৰা একে সমান। এনেধৰণৰ কাণ্ড কৰাৰ ফলত কিবা অনাংক্ষিত ঘটনা সংঘটিত হলে চৰকাৰে জগৰীয়া হব বুলি ফেৰেংগাই চৰকাৰক সকীয়নী প্ৰদান কৰে।
No comments:
Post a Comment