আজমলৰে কোনো কাৰণতে মিত্রতা নহয়: ৰিপুন বৰা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

September 22, 2018

আজমলৰে কোনো কাৰণতে মিত্রতা নহয়: ৰিপুন বৰা

গুৱাহাটী : বদৰুদ্দিন আজমলৰ দাবী নস্যাৎ কৰিছে প্রদেশ কংগ্রেছে৷ আগন্তুক লোক সভাৰ নির্বাচনত এ আই ইউ ডি এফৰ সৈতে কোনোপধ্যে মিত্রতা নকৰে প্রদেশ কংগ্রেছে৷ প্রয়োজনত হাইকমাণ্ডৰ ওচৰত পুনৰবাৰ প্রদেশ কংগ্রেছৰ নেতৃত্বই এ আই ইউ ডি এফৰ মিত্রতাৰ বিষয়টো বিৰোধিতা কৰিব৷ আজি প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুন বৰা আৰু বিৰোধী দলপতি দেবব্রত শইকীয়াই স্পষ্টভাৱে এ আই ইউ ডি এফৰে মিত্রতাৰ সম্ভাৱনা নাকচ কৰিছে৷ কালি সংবাদ মাধ্যমৰ আগত বদৰুদ্দিন আজমলে মিত্রতা সন্দর্ভত দম্ভালি মৰাৰ পাছত আজি তীব্র প্রতিক্রিয়া ব্যক্ত কৰিছে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুন বৰাই৷ এ আই ইউ ডি এফ বর্তমান কাগজতহে আছে, ৰাইজৰ মাজত নাই বুলি বদৰুদ্দিন আজমলক কটাক্ষ কৰে ৰিপুন বৰাই৷

প্রদেশ কংগ্রেছৰ সভাপতিজনে কয় যে এ আই ইউ ডি এফৰ জিলা আৰু ব্লক পর্যায়ৰ প্রায়সংখ্যক নেতাই কংগ্রেছত যোগদান কৰিছে৷ সংবাদ মাধ্যমৰ আগত ৰিপুন বৰাই কয়– ‘এ আই ইউ ডি এফৰ তিনিজন সাংসদ আৰু কেইজনমান বিধায়ক আছে যদিও দলটোৰ কোনো গণভিত্তি নাই৷ আগন্তুক নির্বাচনত এ আই ইউ ডি এফ অস্তিত্ব-শূন্য হ’ব৷ ইউ পি এ কিম্বা মহাজোঁট বন্ধনৰ অংশ হ’লেও অসমত এ আই ইউ ডি এফৰ সৈতে কংগ্রেছৰ মিত্রতা হ’ব লাগিব বুলি কোনো বাধ্যবাধকতা নাই বুলিও ৰিপুন বৰাই মন্তব্য কৰে৷ দেশৰ বিজেপি-বিৰোধী দলসমূহ একগোট হ’লেও অসমত কংগ্রেছে এককভাৱে লোক সভাৰ নির্বাচনত যুঁজিব বুলি কয় প্রদেশ কংগ্রেছৰ সভাপতিজনে৷

কংগ্রেছৰ তৃণমূল পর্যায়ত এ আই ইউ ডি এফৰে মিত্রতাত তীব্র বিৰোধিতা আছে৷ দলটোৰ সৈতে মিত্রতা হ’ব লাগেনে নাই তাক লৈ কংগ্রেছত যদি ভোটদান হয় এশ শতাংশ ভোট বিৰুদ্ধে যাব৷’– এইদৰে কয় ৰিপুন বৰাই৷ মিত্রতাক লৈ আজমলৰ বক্তব্য সন্দর্ভত বিৰোধী দলপতি দেবব্রত শইকীয়ায়ো প্রতিক্রিয়া ব্যক্ত কৰিছে৷ বিগত বিধানসভাৰ নির্বাচনতো এ আই ইউ ডি এফৰ সৈতে মিত্রতাৰ প্রসংগ উত্থাপন হৈছিল৷ কংগ্রেছে পূর্বতেও মিত্রতাৰ প্রস্তাৱ প্রত্যাখ্যান কৰিছিল৷

আগন্তুক দিনতো তেনে কোনো সম্ভাৱনা নাই বুলি দৃঢ় মত ব্যক্ত কৰিছে দেবব্রত শইকীয়াই৷ ‘কংগ্রেছৰ তৃণমূল কংগ্রেছ কমিটীয়ে কোনো কাৰণতে এ আই ইউ ডি এফৰে মিত্রতা নিবিচাৰে৷ আমি অকলে যুঁজিম৷ হাইকমাণ্ডৰ লগত পূর্বতেই এই বিষয়ত কথা বতৰা হওঁতে ৰাজ্যিক নেতৃত্বক উলাই কৰি কোনো মিত্রতা নহয় বুলি আমাক আশ্বাস দিছিল৷’– এইদৰে কয় বিৰোধী দলপতিজনে৷ প্রদেশ কংগ্রেছৰ নেতৃত্বৰ আপত্তি থাকিলেও হাইকমাণ্ডৰ সিদ্ধান্ত অনুসৰি লোক সভাৰ নির্বাচনত কংগ্রেছ এ আই ইউ ডি এফৰ মিত্রতা হ’ব বুলি কালি বদৰুদ্দিন আজমলে দম্ভালি মাৰিলেও প্রদেশ কংগ্রেছৰ মিত্রতা-বিৰোধী স্থিতিয়ে তাৎপর্য বহন কৰিছে৷

No comments:

Post a Comment

SPONSORED