জেহাদী সংগঠনৰ নিৰাপদৰ বিচৰনস্থলী হোৱাৰ পথত উজনি অসম - SANGBAD PRAHARI

Breaking

Responsive Ads Here

September 24, 2018

জেহাদী সংগঠনৰ নিৰাপদৰ বিচৰনস্থলী হোৱাৰ পথত উজনি অসম


লিডু :  দেশখনৰ অখণ্ডতা আৰু নিৰাপত্তাৰ ক্ষেত্ৰত ভাবুকি স্বৰূপ হৈ পৰা জেহাদী সংগঠনৰ দ্ৰুত উত্থানে দেশখনৰ লগতে অসমৰ বাবেও এতিয়া মুৰৰ কামোৰণি হৈ পৰিছে৷ বিশেষকৈ মুছলিম বসতিপ্ৰধান অঞ্চল সমূহত জেহাদী সংগঠন সমূহৰ দৃঢ়স্থিতি থকাৰ কথা গন্য কৰা হয় যদিও, শেহতীয়াকৈ অমুছলমান বসতি প্ৰধান অঞ্চল সমূহতো সিজবুল মোজাহিদ্দিনৰ দৰে জেহাদী সংগঠনে খোপনি পোতা কাৰ্যই অসম আৰক্ষীৰ উচ্চ মহলতো তীব্ৰ জোকাৰনিৰ সৃষ্টি কৰিছে ৷

তিনিচুকীয়া জিলাৰ লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত টিপং অঞ্চলত অৱস্থিত বাঁহ পাতেৰে নিৰ্মিত এটা গৃহত বিগত সুদীৰ্ঘ দিন ধৰি পৰিচালিত হৈ আহিছিল হিজবুল মোজাহিদ্দিনৰ দৰে জেহাদী সংগঠনৰ বিভিন্ন বে আইনী কাৰ্যকলাপ ৷ যিহেতু গৃহটোত দীৰ্ঘদিন ধৰি আত্মগোপন কৰি আছিল বৰ্তমান অসম আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা সিজবুল মোজাহিদ্দিনৰ অন্যতম সদস্য ওমৰ ফাৰুক৷ মন কৰিব লগীয়া যে টিপং অঞ্চলৰ নিবাসী আমানত আলিৰ জোৱাই ওমৰ ফাৰুকে নিজৰেই শশুৰেকৰ বাসগৃহটি কুটাঘাটমুলক কাৰ্যৰ বাবে নিৰাপদ বুলি গন্য কৰি যোৱা বিগত বহু বছৰ ধৰি সাংগঠনিক কাম কাজ চলাই গৈছিল৷ শেহতীয়াকৈ ঘটনাটো পোহৰলৈ অহাত স্থানীয় মহল শংকিত হৈ পৰিছে ৷ স্থানীয় সুত্ৰে জানিবলৈ দিয়া অনুহৰি ওমৰ ফাৰুকে শশুৰেকৰ ঘৰত থকা সময় ছোৱাত দিনৰ ভাগত কোনো ধৰনৰ কাম নকৰাৰ পৰিৱৰ্তে নিশাৰ ভাগত গোটেই নিশা মোবাইল যোগে কথা পতাত ব্যস্ত থাকে বুলি জানিবলৈ দিছে ৷ যাৰ বাবে স্থানীয় প্ৰতিবেশীয়ে ওমৰৰ সন্দেহজনক কৰ্মকাণ্ডত অতিষ্ট হৈ শশুৰেকৰ পৰিয়ালক বহুবাৰ সতৰ্ক কৰি দিছিল যদিওঁ কোনো ধৰনৰ গুৰুত্ব আৰোপ কৰা নাছিল জোৱাইয়েক ওমৰে৷ আন এক উল্লেখ যোগ্য দিশ হল যে ঘৰটোৰ গৰাকী তথা ওমৰ ফাৰুকৰ শশুৰেক আমিনুল আলি সম্প্ৰতি পলাতক৷ অসম চৰকাৰে আমিনুল আলিক বিদেশী বুলি চিনাক্ত কৰাত বৰ্তমান পৰিয়াল সহ আমিনুল আলিয়ে আৰক্ষীৰ চকুত ধুলি দি আত্মগোপন কৰি আছে ৷

No comments:

Post a Comment

SPONSORED