ডি ভোটাৰৰ সমস্যা সমাধানৰ দাবীত আন্দোলন ঘোষণা : বগুৰিগুৰীত সজাগতা সভা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Saturday, September 29, 2018

ডি ভোটাৰৰ সমস্যা সমাধানৰ দাবীত আন্দোলন ঘোষণা : বগুৰিগুৰীত সজাগতা সভা


বৰপেটাৰোড : বৰপেটা জিলাৰ বগুৰিগুৰীৰ নয়ন বজাৰত স্থানীয় যুৱক আৰু শ্বদেশী ডি ভোটাৰ আৰু Association for protection of Indian citizenship rights (APICR) ৰ উদ্যোগত ২৮ ছেপ্টেম্বৰৰ আবেলি ৫ বজাত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। এপিআইচিআৰৰ সাধাৰণ সম্পাদক সাজাহান আলী আহমেদ¸ উপদেষ্টা জাহিদুল ইছলাম মিৰ্ধাই উক্ত সভাত উপস্থিত থাকি ডি ভোটাৰৰ নামত কেনেদৰে ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰি থকা হৈছে সেই সম্পৰ্কে বিস্তাৰিত আলোচনা কৰে।
তিনি শতাধিক ডি ভোটাৰ আৰু সতি-সন্তুতিৰ উপস্থিতিত অনুষ্ঠিত সভাত ডি ভোটাৰসকলক এনআৰচিৰ জৰিয়তে সমাধানসূত্ৰ প্ৰদান কৰা, বিদেশী ন্যাধীকৰণসমূহক উচ্চতম ন্যায়ালয়ৰ তত্বাৱধান বা নিৰিক্ষণত পৰিচালনা কৰি ৰাজনৈতিক হস্তক্ষেপ মুক্ত কৰা¸ ডিটেনশ্বন কেম্পত থকা অবৈধ নাগৰিকক নিজৰ দেশলৈ পঠাই দি ভাৰতীয় লোকক মুকলি কৰি দিয়ালৈকে মানৱীয়তাৰ দৃষ্টিভঙ্গীৰে চোৱা¸ দৰিদ্ৰ তথা ভাৰতীয় হিচাপে চিনাক্ত ডি ভোটাৰক চৰকাৰী সাহায্য প্ৰদান কৰা আদি দাবী উত্থাপন কৰি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰাৰ কথা উল্লেখ কৰে।


সভাত অঞ্চলটোৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তি¸ শিক্ষিত যুৱকৰ লগতে বহু সংখ্যক মহিলাই অংশ গ্ৰহণ কৰে। উল্লেখ্য যে উপৰোল্লেখিত দাবীৰ সমৰ্থনত ইতিমধ্যে এপিআইচিআৰৰ উদ্যোগত অক্টোবৰ মাহৰ ১ তাৰিখে বৰপেটা জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত তিনি ঘন্টীয়া অৱস্থান ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰা হ’ব বুলি সাধাৰণ সম্পাদক সাজাহান আলী আহমেদে জনাইছে৷

No comments:

Post a Comment

SPONSORED