হাউলীত বৈদ্যুতিক চালিত স্কুটীৰ শ্বুৰুম মুকলি - SANGBAD PRAHARI

Breaking

Responsive Ads Here

September 22, 2018

হাউলীত বৈদ্যুতিক চালিত স্কুটীৰ শ্বুৰুম মুকলি


বৰপেটা : যি সময়ত সমগ্ৰ দেশতে পেট্ৰ'ল-ডিজেলৰ অভাৱনীয় হাৰত হোৱা মূল্যবৃদ্ধিত অতিষ্ঠ হৈ যান-বাহন চলাবলৈ অপাৰক হৈ পৰিছে সাধাৰণ জনতা। ঠিক সেই সময়ত সাধাৰণ জনতাক সকাহ দিয়াৰ উদ্দেশ্য আগত ৰাখি হেৰিটেজ ওকিনাৱা কোম্পানীয়ে নিৰ্মিত বৈদ্যুতিক চালিত স্কুটাৰৰ বৰপেটা জিলাৰ হাউলী নগৰত প্ৰথমটো শ্ব'ৰুম শনিবাৰে দিনৰ ১ বজাত বৰপেটা সদৰ সমষ্টিৰ বিধায়ক গুণীন্দ্ৰ নাথ দাসে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।
শ্ব'ৰুম মুকলি কৰি বিধায়ক দাসে কয়- এই স্বুটাৰে অভাৱনীয় হাৰত বৃদ্ধি হোৱা পেট্ৰ'ল-ডিজেলৰ মূল্য বৃদ্ধিক প্ৰত্যাহ্বান জনাব। ইয়াৰ উপৰিও ইয়াৰ দ্বাৰা এখন প্ৰদূষণ মুক্ত ভাৰত গঢ়িব বুলি মত প্ৰকাশ কৰে। হাউলীৰ যুৱক প্ৰণৱ জ্যোতি চৌধুৰী আৰু অৰুপ দাসৰ প্ৰচেষ্টাত হাউলীৰ ৩১ নং ৰাষ্টীয় ঘাইপথৰ কাষত গঢ়ি উঠা উক্ত শ্ব'ৰুমটোৱে সৰ্বসাধাৰণ ৰাইজক উপকৃত হ'ব বুলি মত প্ৰকাশ কৰে।

No comments:

Post a Comment

SPONSORED