ভিলেজ ৰকষ্টাৰ্চ… - SANGBAD PRAHARI

Breaking

Responsive Ads Here

October 1, 2018

ভিলেজ ৰকষ্টাৰ্চ…


# পলাশ ৰঞ্জন নাথ

মোৰ গাৱলীয়া কেচাঁআলিত
দেশৰ মাটিৰ গোন্ধ
নাঙলৰ সীৰলুত
ভৱিষ্যতৰ সপোন।

কপালৰ ঘামত
সেউজীয়া পৃথিৱী
প্ৰতিটোপাল বৰষুণত
আশাৰ ৰেঙনি।

সন্মিলিত কৃষকৰ
সমস্বৰ কন্ঠ
সংগ্ৰামৰ পথাৰত
তেজৰঙা ইতিহাস।

শ্ৰমজীৱী মানুহৰ
অলিখিত বুৰঞ্জী
পৰিবৰ্তনৰ আশা
এক নতুন যুগৰ…

কবিৰ ঠিকনা : মৰিগাওঁ
ফোন : 7002817735

No comments:

Post a Comment

SPONSORED