বাঙালী সংগঠনৰ অভিৱৰ্তনৰ বিৰোধিতা খিলঞ্জীয়া মঞ্চ অসমৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Sunday, October 21, 2018

বাঙালী সংগঠনৰ অভিৱৰ্তনৰ বিৰোধিতা খিলঞ্জীয়া মঞ্চ অসমৰ

গুৱাহাটী : ১৭ নবেম্বৰৰ বাঙালী সংগঠনৰ অভিৱৰ্তনক লৈ হুংকাৰ খিলঞ্জীয়া মঞ্চ অসমৰ। কোনো কাৰণতে সেই অভিৱৰ্তন পাতিবলৈ দিয়া নহ’ব বুলি আজি গুৱাহাটীত সংগঠিত হ’ল ২১টা সংগঠনৰ বিষয়ববীয়া। যিসকলে এই অভিৱৰ্তনত অংশ লয় আৰু তাক এঘৰীয়া কৰা হ’ব আৰু প্ৰয়োজন হলে শাৰীৰিক প্ৰহাৰ কৰিবলৈ বাধ্য হ’ব। তেওঁলোকৰ গুৰুতৰ অভিযোগ— কেন্দ্ৰ আৰু আৰএছএছ-এ চলাই আছে অসম চৰকাৰ। অসম চৰকাৰে বাঙালী সংগঠনসমূহক সংগঠিত কৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ সপক্ষে থিয় দিয়াব খুজিছে৷ লগতে ৪৬টা সংগঠনৰ ২৩ অক্টোবৰৰ অসম বন্ধলৈ সমৰ্থন খিলঞ্জীয়া মঞ্চ অসমে।
ইপিনে জেপিচিক সোমবাৰে এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিব খিলঞ্জীয়া মঞ্চই। ইয়াৰ উপৰিও শীতকালীন অধিৱেশনৰ পূৰ্বে নতুন দিল্লীত এই বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব খিলঞ্জীয়া মঞ্চই। তেওঁলোকৰ দাবী অসম চৰকাৰে এনে সভা সমিতি পাতিবলৈ অনুমতি দিব নালাগে। এই সন্দৰ্ভত ৰাজ্য চৰকাৰক কাইলৈ স্মাৰক পত্ৰ দিব খিলঞ্জীয়া মঞ্চ অসমে৷ সংগঠনটোৱে লগতে এইবুলি অভিযোগ কৰে যে মিছলীয়া, প্ৰতাৰক আৰু বিশ্বাসঘাতক অকল বিজেপিয়ে নহয় সংসদীয় সমিতিৰ প্ৰতিটো দলৰ সদস্য মিছলীয়া। সেয়ে সংশোধনী বিধেয়ক উত্থাপন কৰিলে অসমলৈ অহাত বাধা দিয়া হ’ব সমিতিৰ সদস্যক।

No comments:

Post a Comment

SPONSORED