অসমত আন্ত:ৰাজ্যিক পাৰ পত্ৰ প্ৰদানৰ দাবীত লিডুত যুৱ-ছাত্ৰ পৰিষদৰ জোঁৰ সমদল - SANGBAD PRAHARI

Breaking

Responsive Ads Here

October 1, 2018

অসমত আন্ত:ৰাজ্যিক পাৰ পত্ৰ প্ৰদানৰ দাবীত লিডুত যুৱ-ছাত্ৰ পৰিষদৰ জোঁৰ সমদল

লিডু : অৰুণাচল, নাগালেণ্ড, মিজোৰাম আদি ৰাজ্যসমূহৰ দৰে অসমতো আন্ত:ৰাজ্যিক পাৰপত্ৰ অৰ্থাৎ ইনাৰ লাইন পাৰমিট প্ৰদানৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দেওবাৰে লিডু কলেজ তিনিআলিৰ পৰা বজাৰস্থিত পেট্ৰলপাম্প লৈকে প্ৰায় ১ কিলোমিটাৰ বাট ৰাষ্ট্ৰীয় ঘাইপথেৰে এক জোঁৰ সমদল উলিয়ায়৷ বিগত কিছুদিন ধৰি ধাৰাবাহিকভাৱে প্ৰতিবাদ অব্যাহত ৰখা সংগঠনটোৰ এই কাৰ্যসূচীৰ নেতৃত্ব প্ৰদান কৰে অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সম্পাদক কাঞ্চন বৰাই৷
সংগঠনটোৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে লিডুৰ ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে একোডালকৈ জ্বলন্ত অগ্নিশিখা লৈ জোঁৰ সমদল বাহিৰ কৰে৷ সংগঠনটোৱে এই অভিনৱ প্ৰতিবাদেৰে অসমত অতি সোনকালে আন্ত:ৰাজ্যিক পাৰপত্ৰৰ প্ৰৱৰ্তন কৰিবলৈ চৰকাৰক দাবী জনাই৷
উল্লেখ্য যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে জন্ম লগ্নৰে পৰা অসমত আন্ত:ৰাজ্যিক পাৰপত্ৰৰ প্ৰৱত্তৰ্নৰ দাবীত বিভিন্ন সময়ত চৰকাৰক হেঁচা প্ৰয়োগ কৰি আহিছে যদিও চৰকাৰে বিষয়টোৰ ক্ষেত্ৰত কোনো ধৰনৰ বিশেষ গুৰুত্ব আৰোপ নকৰাক লৈ এতিয়া ক্ষোভিত হৈ পৰিছে অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদ৷ যাৰ পৰিপেক্ষিতত সংগঠনটোৱে এনেদৰে ধাৰাবাহিকভাৱে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহন কৰিবলৈ বাধ্য হোৱা বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে৷ এই ক্ষেত্ৰত সংগঠনটোৰ জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সম্পাদক কাঞ্চন বৰাই অসমৰ খিলঞ্জীয়া লোকৰ অস্থিত্ব সুৰক্ষাৰ স্বাৰ্থত শীঘ্ৰেই অসমত ইনাৰ লাইন পাৰমিট প্ৰৱৰ্তন কৰি সুৰক্ষা প্ৰদান কৰিবৰ বাবে পুনৰ বাৰ অসম চৰকাৰৰ ওচৰত আহবান জনাইছে৷ অন্যথা সংগঠনটোৱে অনাগত দিনত ধাৰাৱাহিকভাৱে নিজৰ প্ৰতিবাদ অব্যাহত ৰাখিব বুলি হুংকাৰ প্ৰদান কৰে৷

No comments:

Post a Comment

SPONSORED