এইবাৰ পূজা বাংলাদেশৰ ঢাকাত চালোঁ... - SANGBAD PRAHARI

Breaking

Responsive Ads Here

October 26, 2018

এইবাৰ পূজা বাংলাদেশৰ ঢাকাত চালোঁ...

# জয়ন্ত কুমাৰ দাস
ঢাক বাজবে/বাজবে কাসৰ/বাজবে পূজাৰ ঘণ্টা
আসছে পূজা/আসছে আসছে/এতেই পাগল মনটা
এনেদৰে এইবেলি শাৰদীয় দুর্গা পূজাৰ শুভেচ্ছা জনাইছে বাংলাদেশ প্রধান মন্ত্রী শেখ হাছিনাই। বাংলাদেশৰ ৰাজধানী ঢাকা বিমানৰ পৰা অৱতৰণ কৰাৰ পাছতেই ৰাজপথৰ বিভিন্ন স্থানত দেখিলোঁ শ্বেখ হাছিনাৰ ফটোসম্বলিত ডাঙৰ ডাঙৰ হর্ডিংবােৰ। লগতে বিভিন্ন স্থানত দেখিলোঁ আন এক শ্লোগান– ধর্ম নিজৰ নিজৰ/উৎসৱ সকলােৰে। এইবাৰ দুর্গা পূজা চোৱাৰ বাবে ১৫ অক্টোবৰত উপস্থিত হৈছিলোঁ ৰাজধানী চহৰ ঢাকাত। এক মনােৰম মহানগৰ হৈছে ঢাকা। প্রায় ১.৬০ কোটি জনসংখ্যা থকা ঢাকা চহৰৰ সৰ্বদিশতে এতিয়া উন্নয়নৰ প্রতিচ্ছবি। আমাৰ দেশৰ কলকাতাৰ লগত ভালেখিনি সাদৃশ্য থকা ঢাকা চহৰৰ অতি ব্যস্ত মুখ্য এলেকা পুৰণা পল্টনৰ এখন হােটেলত আমি থকাৰ ব্যৱস্থা কৰিছিলোঁ।
সপ্তমীৰ দিনা পুৱা ১০মান বজাতে ৰিক্সাৰে আমি উপস্থিত হৈছিলোঁ ঢাকা চহৰত অৱস্থিত অতি পুৰণি মন্দিৰ ‘ঢাকেশ্বৰী মন্দিৰ’ত। প্রৱেশদ্বাৰৰ পৰাই ৰাইজৰ লানি নিছিগা সোঁত। উখল-মাখল এক পৰিৱেশ মন্দিৰ এলেকাত। ঢাকৰ শব্দই ৰজনজনাই আছে মন্দিৰ চৌহদত। ঢাকাৰ বিভিন্ন প্রান্তৰ পৰা পূজা দিবলৈ আহিছে হিন্দুধর্মী লােকসকল। তাৰ ভিতৰতাে দেখিলোঁ ইছলামধর্মী লােকো তাত সমৱেত হৈছে। দহটামান টিভি চেনেলে লাইভ টেলিকাষ্ট কৰি আছে পূজাৰ দৃশ্য। তেতিয়া মঞ্চত বস্ত্রদান কার্যসূচী আৰম্ভ কৰাৰ প্রস্তুতি চলিছে। আমি মঞ্চতেই লগ কৰিলোঁ পূজা কমিটীৰ সভাপতি শৈলেন্দ্র নাথ মজুমদাৰ আৰু সম্পাদক কিশােৰৰঞ্জন মণ্ডলক। গামােচাৰে তেওঁলােকক সম্ভাষণ জনােৱাৰ পাছত তেওঁলােকৰ লগত কিছু কথাবতৰা পাতিলোঁ। তেওঁলােকে জনােৱা মতে এইবাৰ সমগ্র বাংলাদেশত ৩১,২৭২খন আৰু ঢাকাত ২৩৪খন পূজা হৈছে।


ষষ্ঠীৰ দিনাখন প্রধান মন্ত্রী শেখ হাছিই ঢাকেশ্বৰী মন্দিৰত উপস্থিত হৈ সকলাে হিন্দু ধৰ্মাৱলম্বী লােকক শাৰদীয় শুভেচ্ছা জনাইছে। ইয়াত পূজা পালন কৰাত তেওঁলােকে কোনাে অসুবিধা পােৱা নাই। হিন্দুসকল সম্পূর্ণ সুৰক্ষিত। চৰকাৰ আৰু ইছলামধর্মী লােকসকলে পূজাত পূর্ণ সহায়সহযােগিতা আগবঢ়াই আহিছে। বর্তমান বাংলাদেশৰ জনসংখ্যা প্রায় ১৬.৫ কোটি। তাৰ ভিতৰত ইছলামধর্মী লােকৰ সংখ্যা প্রায় ৯০ শতাংশ আৰু হিন্দুসকলৰ সংখ্যা প্রায় ১০ শতাংশ। অর্থাৎ প্রায় ১.৬ কোটি লােক হিন্দু। বিগত ভালেমান বছৰ ধৰি পূজা পালনত কোনােধৰণৰ বাধা-বিঘিনি পােৱা নাই বা অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি হােৱা নাই দেশখনত।
জানিব পৰা মতে দেশখনৰ মন্দিৰসমূহৰ কেন্দ্রথলী হিচাপে জনাজাত ঢাকেশ্বৰী মন্দিৰৰ কাষত থকা ১.৫ বিঘা ভূমি দান কৰে সিদিনা প্রধান মন্ত্রী হাছিনাই। যাৰ মূল্য বাংলাদেশৰ মূল্যৰ হিচাপত ৫০ কোটি টকা। আমাৰ ৰাজ্যৰ সত্ৰবােৰত হােৱা বেদখলৰ দৰে সমস্যা বাংলাদেশৰ মন্দিৰত কিছু আছে। সেয়ে ইয়াৰ সমাধান কৰাৰ বাবে প্রধান মন্ত্রীগৰাকীয়ে হিন্দু কল্যাণ নামৰ ন্যাসটোৰ পুঁজি ২১ কোটিৰ পৰা ১০০ কোটিলৈ বৃদ্ধি কৰিছে।


আমি যােৱাৰ খবৰ পায়ে মােৰ বাংলাদেশৰ ফেচবুক বন্ধু তথা বাংলাদেশ সংবাদ সংস্থাৰ নিউজ এডিটৰ মহম্মদ আয়ুব ভূঞা, ছার্ক কালচাৰেল ছ'চাইটীৰ কাৰ্যকৰী সভাপতি এ টি এম মােন্তাজুল কৰিম, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ গাণনিক বিষয়া আব্দুল ছাদিক, ইষ্টার্ন আইডিয়েল স্কুলৰ অধ্যক্ষ মহম্মদ খুৰছেদ আলম আৰু সাপ্তাহিক ‘দেশে ডাক’ নামৰ বাতৰিকাকতখনৰ সাংবাদিক ছমিম আহমেদ পলাশে আমাক হােটেলত লগ ধৰি বাংলাদেশলৈ আদৰণি জনায়।
অষ্টমীৰ দিনা আমি বাংলাদেশৰ বন্ধু তিনিজনলৈ ঢাকাৰ পৰা প্রায় ৬৫ কিঃমিঃ দূৰৰ মাণিকগঞ্জ নামৰ ঠাইখনলৈ যাবলৈ দিনৰ ১২মান বজাত যােৱাৰ ঠিক কৰিলোঁ। তাৰ পূর্বে আমি ঢাকাৰ ঐতিহ্যমণ্ডিত ৰামকৃষ্ণ মিছলৈ পুৱাতে গ'লোঁ। তাতাে অতি উলহ-মালহেৰে দুর্গা পূজা পালন কৰা পৰিলক্ষিত হ'ল। ৰাইজৰ লানি নিছিগা সোঁত। হিন্দুমুছলিম সকলাে লােক অবাধ গতিত আহি আছে পূজাথলীলৈ। নিৰাপত্তাৰক্ষী নিয়ােগ কৰা হৈছে ৰাইজৰ ভিৰ নিয়ন্ত্ৰণৰ বাবে। তাৰ পৰা ওলায়ে আমি মাণিকগঞ্জ অভিমুখে গাড়ী এখন লৈ মই মােৰ লগত যােৱা সহযােগী ৰূপনজিৎ দাস, বুবুল দেউৰী আৰু বাংলাদেশৰ তিনিজন বন্ধুক লগত লৈ যাত্ৰা আৰম্ভ কৰিলোঁ। ঢাকাৰ পৰা ওলায়ে ৰাস্তাৰ দুয়ােকাষে বৃহৎ উদ্যোগ দেখা পালোঁ। ইয়াৰ বেছিভাগেই ৰেডীমেড সাজ-পােছাক বনােৱা উদ্যোগ। বাংলাদেশত শ্রমিক মজুৰি কম হােৱাৰ বাবে বিদেশী কোম্পানীসমূহে বাংলাদেশত শেহতীয়াকৈ ৰেডীমেড গার্মেন্টৰ ভালেমান উদ্যোগ স্থাপন কৰিছে। য’ত বিদেশৰ পৰা কাপােৰ আহে আৰু তাত চিলাই ৰেডীমেড পােছাক বনাই সেয়া আমদানি কৰা হয়।


বর্তমান বাংলাদেশ এক্সপ'ৰ্ট ব্যৱসায়ত ৰেডীমেড গার্মেন্টে এক উল্লেখনীয় ভূমিকা গ্ৰহণ কৰিছে আৰু নিবনুৱাৰ সংস্থাপনৰ ক্ষেত্ৰত এক সুন্দৰ পদক্ষেপ লৈছে। যােৱাৰ সময়ত ৰাস্তাত কেইবাখনাে দুর্গা পূজাথলী দেখিলোঁ। আমি গৈ মাণিকগঞ্জৰ পাঁচবাৰৰ মেয়ৰ ৰমজান আলীৰ ঘৰত উঠিলোঁ। তেওঁ যে এজন বিশিষ্ট সমাজকর্মী তেওঁৰ ড্রয়িং ৰূমত সােমায়ে উপলব্ধি কৰিলোঁ। দুই শতাধিক সম্বর্ধনা পত্র, মেডেল আদি সুন্দৰকৈ সজাই থােৱা হৈছে। কথা-বতৰা হওঁতে তেওঁ ক'লে— ইয়াৰ ইছলামধর্মী লােকসকলে দুর্গা পূজাৰ লগত ভালদৰে জড়িত। প্ৰায়ভাগ লােকেই দান-দক্ষিণা দিয়ে আৰু পূজা চাবলৈ যায়। তেওঁ নিজে কেইবাটাও মন্দিৰ নিৰ্মাণত ভালেমান অনুদান আগবঢ়াইছে। অসমৰ পৰা যােৱাৰ বাবে আমাৰ ভাতৰ ব্যৱস্থা কৰি সাতবিধ সুস্বাদু ব্যঞ্জনেৰে আমাক আতিথ্য কৰিলে। তাৰ পৰা ওলায়ে তেওঁৰ আমবাগানত থকা ফার্ম হাউছলৈ যাওঁতেই বাটত দেখিলোঁ কেইবাখনাে দুর্গা পূজাথলীত ৰাইজৰ বিপুল সমাৱেশ ঘটিছে। ফার্ম হাউছত আমাক আনুষ্ঠানিকভাৱে ফুলৰ থােপাৰে সম্ভাষণ জনাই স্থানীয় শিল্পী ইমন খানে গীত পৰিৱেশন কৰিলে।
এটা সময়ত বাংলাদেশ শিল্পীসকলে আৰু আমি লগ হৈ গালোঁ ভূপেনদাৰ সেই কালজয়ী গীতটো মানুহে মানুহৰ বাবে...। অনুষ্ঠান সন্ধিয়া হােৱাৰ লগে লগে শেষ কৰি যেতিয়া ঢাকা অভিমুখে আমি আন এটা বেলেগ পথেৰে আগবাঢ়িলোঁ, তাতাে দেখিলোঁ ভালেমান দুর্গা পূজা। সকলােতে গেট আৰু আলােকসজ্জাই এক দৃষ্টিনন্দন পৰিৱেশৰ সৃষ্টি কৰিছে। নিশা আঠমান বজাত যেতিয়া হােটেল পালো বাংলাদেশ হিউমেন ৰাইটছ এণ্ড প্ৰেছ ছ'চাইটীৰ তৰফৰ পৰা ফোন কৰি আমাক তেওঁলােকৰ কার্যালয়লৈ আমন্ত্রণ জনালে। কার্যালয়লৈ যােৱাত তাতেই আমাক ‘শান্তি সনদ’ বঁটা প্রদান কৰে। তাৰ পৰা ওভতাৰ পথত কলবাগান মন্দিৰ, সিদ্ধেশ্বৰী মন্দিৰ আদিত উদযাপন কৰা দুর্গা পূজা চালোঁ। নিশালৈকে মানুহে দীঘলীয়া শাৰী পাতি পূজাথলীত প্ৰৱেশ কৰিছে।


দুর্গা পূজাথলীত লগ পােৱা বিভিন্নজন ব্যক্তিৰ লগত সেয়া হিন্দু বা ইছলামধর্মী লােকেই হওক, আলােচনা কৰি গম পালোঁ তাত দুর্গা পূজাকে ধৰি বিভিন্ন ধৰণৰ হিন্দুসকলৰ উৎসৱ পালন কৰাৰ ক্ষেত্ৰত কোনােধৰণৰ সমস্যা, বাধা-বিঘিনি পােৱা নাই। সকলাে শান্তিপূর্ণভাৱে চলি আছে। তদুপৰি তেওঁলােকে আমাৰ অসমৰ এন আৰ চি আদিক লৈ কোনাে চিন্তিত নহয়। এইক্ষেত্ৰত বেছিভাগেই এন আৰ চি কি বুলি ওলােটাই প্রশ্ন কৰাহে দেখা পালোঁ।
ভাৰততকৈ প্রায় ২২ গুণে সৰু দেশখনৰ অন্যতম সমস্যা হৈছে জনসংখ্যা বৃদ্ধি। অসমত প্রতি বর্গ কিলােমিটাৰত ৩৯৭জন জনসংখ্যা থকাৰ বিপৰীতে বাংলাদেশত ১,১০৬জন। ফলত এচাম লােকে বাহিৰলৈ প্ৰব্ৰজন কৰিব লগাত পৰিছে। সেয়া আর্থিক দৈন্য নতুবা কর্মসংস্থাপনৰ বাবেহে নহয় কোনাে ধর্মীয় কাৰণ বা অত্যাচাৰ-উৎপীড়ন।

(লেখকৰ অনুমতি সাপেক্ষে ‘আমাৰ অসম’ কাকতৰ আজিৰ সংখ্যাত প্ৰকাশিত লেখাখিনি হুবহু প্ৰকাশ কৰা হৈছে)
ফোন : ৯৮৫৪৩-৩৫৮৪২

SPONSORED