গুৱাহাটী : অসমৰ ইতিহাসত এক কলংকিত অধ্যায়ৰ সুচনা কৰা ৰাকেশ পালৰ দিনতে ধনৰ বিনিময়ত চাকৰি লাভৰ অভিযোগত এচিএছ-এপিএছৰ পদবাধাৰী বহু ৰাজপত্ৰিত বিষয়াক ইতিমধ্যে তদন্তৰ অাওতালৈ অনা হৈছে৷ তাৰে অংশ হিচাপে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে ৯ গৰাকী ৰাজপত্ৰিত বিষয়াক জামিন দিয়ে৷ ধন দি চাকৰি লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল বিষয়া কেইগৰাকীক৷ জামিন লাভ কৰা বিষয়াকেইগৰাকী ক্ৰমে- দীপক খনিকৰ, কুনাল দাস, সুদীপ্তা গোস্বামী, গীতালি দলে, ৰুমী শইকীয়া, সুনয়না আইদেউ, ছাবিৰা ইমৰাণ, দিলীপ কুমাৰ কলিতা আৰু বদৰুল ইছলাম৷ আটাইকেইজনকে ২০১৭ চনৰ নৱেম্বৰ মাহত গ্ৰেপ্তাৰ কৰা হৈছিল৷ এক দীৰ্ঘ সময় তদন্তৰ অন্তত আজি ন্যায়ালয়ে এই ৯ জনৰ জামিন মঞ্জুৰ কৰে৷
Responsive Ads Here
Thursday, October 04, 2018

এপিএছচি কেলেংকাৰীত গ্ৰেপ্তাৰ হোৱা ৯ এচিএছ-এপিএছ বিষয়াৰ জামিন
Tags
# আঞ্চলিক
Share This

About Sangbad Prahari
আঞ্চলিক
Labels:
আঞ্চলিক
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)
No comments:
Post a Comment