দেৰগাঁও : অসম চৰকাৰৰ জলসম্পদ বিভাগৰ দ্বাৰা অৱহেলিত দেৰগাঁও বিধান সভা সমষ্টিৰ অৰ্ন্তগত ৪০ নং উত্তৰ পৰ্বতীয়া জনজাতি গাঁও পঞ্চায়তৰ নেউল গাঁৱত হৈ থকা কালৰূপী গৰাখহনীয়াই ধৰা কালৰূপে যোৰহাট জিলা আৰু গোলাঘাট জিলাৰ প্ৰায় চল্লিচ খন গাঁওৰ লগতে দেৰগাঁও নগৰৰ প্ৰতিও ভাবুকিৰ সৃষ্টি কৰি আহিছে।তদানীন্তন কংগ্ৰেছ চৰকাৰ খানে খহনীয়া ৰোধৰ নামত সামান্য কাম কৰিয়েই লাখ লাখ টকাৰ শৰাধ কৰিলে। স্হানীয় জনজাতীয় লোকসলে পৰিবৰ্তনৰ বহু আশাৰে নতুন চৰকাৰৰ প্ৰতি মতদান কৰিছিল। কিন্তু গৰাখহনীয়া ৰোধৰ কোনো ব্যৱস্হা এই চৰকাৰখনে নকৰাত লোকসকল আতংকিত হৈ পৰিছে। কলিয়াবৰ লোক সভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে সংসদত এই খহনীয়া ৰোধৰ বাবে প্ৰস্তাব দাাঙি ধৰিছিল যদিও আজিকোপটি কোনো ফল ধৰা নাই।
ইফালে স্থানীয় বিধায়ক ভবেন্দ্ৰ নাথ ভঁৰালী অাৰু অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই দুবাৰকৈ খহনীয়াত স্থান পৰিদৰ্শন কৰি খহনীয়া ৰোধৰ আস্বাস প্ৰদান কৰিছিল যদিও ই ফুতুকাৰ ফেন বুলিহে স্থানীয় লোক সকলে কব খোজে । খহনীয়া ৰোধৰ বাবে TMPK(মিচিং ছাত্ৰ সন্থা) আৰু অঞ্চলৰ কিছু সচেতন ব্যক্তিয়ে ওচৰত থকা গছ-গছনি আৰু বাঁহৰ পাৰ্কুপাইন দি খহনীয়া প্ৰতিৰোধৰ বাবে শ্ৰমদান কৰি আহিছে যদিও এনে ৰূপত খহনীয়া হৈ থাকিলে নিশ্চিত ভাবে এই অঞ্চলৰ বহু গাঁও ব্ৰহ্মপূত্ৰৰ বুকুত লীন যোৱা লগতে কৃৰ্ষি-কৰ্মৰ ওপৰত নিৰ্ভৰশীল লোকসকলৰ পানীত হাঁহ নচৰা অবস্থা হ'ব। অতি পৰিতাপৰ বিষয় যে ২০০৮ চনৰে পৰা খহনীয়া হৈ থকা স্বত্বেও চৰকাৰৰ জলসম্পদ বিভাগে আজিকোপতি স্থায়ী প্ৰতিৰোধৰ ব্যবস্থা কৰা নাই।
যদি এনেদৰেই খহনীয়া চলি থাকে কমদিনৰ ভিতৰতে দেৰগাঁও নগৰৰ প্ৰতি চৰম ভাবুকি অহাটো নিশ্চিত হৈ পৰিছে।
No comments:
Post a Comment