গুৱাহাটী : ক্ৰমাৎ ভাল দিন আহিব ধৰিছে অসমীয়া চিনেমাৰ। ৰিমা দাসৰ ভিলেছ ৰকষ্টাৰ্ছে অসমীয়া চিনেমাত এক নতুন মাত্ৰা দিলে। ইয়াৰ পিছতে অসমীয়া চিনেমা জগতত সংযোজিত হব আন এখন ব্যয় বহুল চিনেমা দ্যা আন্ডাৰ’ৱৰ্ল্ড। এই কথা ব্যক্ত কৰিছে অসমীয়া চিনেমা জগতৰ আগশাৰীৰ অভিনেতা নিপন গোস্বামীয়ে। উল্লেখযোগ্য যে ৫ অক্টোবৰত মুক্তি লাভ কৰিবলগীয়া জুবিন গাৰ্গৰ বহু চৰ্চিত মনোৰঞ্জনধৰ্মী ছবি দ্যা আন্ডাৰ ৱৰ্ল্ডে মুক্তি লাভ কৰিব। এই উদ্দেশ্যে আজি গুৱাহাটী প্ৰেছ ক্লাৱত সংবাদ মেলৰ আয়োজন কৰি ছবি খন দৰ্শকে উপভোগ কৰি ভাল পাব বুলি কয় ছবি খনৰ লগত জড়িত অভিনেতা আৰু পৰিচালকে। আজিৰ সংবাদ মেলৰ আৰম্ভণিতে চিনেমা খনত মুখ্য চৰিত্ৰত অভিনয় কৰা চিৰ সেউজ অভিনেতা বিজু ফুকনৰ কথা সকলোৱে শ্ৰদ্ধাৰে সোৱৰে। সংবাদ মেলত জুবিন গাৰ্গ উপস্থিত থাকি সকলোকে মিছন চাইনাৰ দৰে ভিলেছ ৰক ষ্টাৰ্ছ আৰু আন্ডাৰ ৱৰ্ল্ড চাবলৈ অনুৰোধ জনায়। আজিৰ সংবাদ মেলত অভিনেতা পৱিত্ৰ ৰাভা, নিপন গোস্বামী, বিজু ফুকনৰ পত্নী, পৰিচালক ৰাজেশ যচপাল, নাজিম হামিদৰ লগতে আন বহুকেইজন উপস্থিত থাকে।
Responsive Ads Here
Thursday, October 04, 2018

৫ অক্টোবৰত ছবি গৃহলৈ আহিব জুবিন গাৰ্গৰ ‘দ্যা আন্ডাৰ’ৱৰ্ল্ড
Tags
# আঞ্চলিক
Share This

About Sangbad Prahari
আঞ্চলিক
Labels:
আঞ্চলিক
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)
No comments:
Post a Comment