শংকাত ভুগিছে পাহাৰীয়া জিলাত থকা খিলঞ্জীয়া - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Saturday, October 06, 2018

শংকাত ভুগিছে পাহাৰীয়া জিলাত থকা খিলঞ্জীয়া


কার্বি আংলং :  কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ভোটাৰ তালিকাৰ পৰা অজনজাতিৰ নাম কর্তন, কার্বি আংলঙৰ ভূমিৰ অধিকাৰ কেৱল পাহাৰীয়া জনজাতিৰ হাতত অর্পণ কৰাকে ধৰি বিভিন্ন দাবীত আজি দিনটো উত্তাল হৈ থাকিল ডিফু চহৰ৷

পুৱাৰে পৰা ২৪টা সংগঠনৰ আহবানত সহস্রাধিক কার্বি আৰু ডিমাচা ৰাইজে ছেমচনছিং ইংতি পার্কত ধর্ণা কার্যসূচী ৰূপায়ণ কৰি বিয়লি ডিফু নগৰত এক বিশাল শোভাযাত্রা উলিয়ায়৷ ২৪টা সংগঠনৰ মুখ্য উপদেষ্টা অৱসৰপ্রাপ্ত আই এ এছ বিষয়া জন ইংতি কাথাৰে পাহাৰীয়া জনজাতিৰ অধিকাৰ পৰিষদে ৰক্ষা কৰাৰ দাবী কৰে৷ উল্লেখযোগ্য যে গুৱাহাটী উচচ ন্যায়ালয়ত তৰা ৯, ২০১৭ নং ৰাজহুৱা স্বার্থজড়িত গোচৰৰ ৰায়দান কৰি ন্যায়ালয়ে পৰিষদক ছমাহৰ ভিতৰত নিজস্ব আইন প্রস্তুত কৰিবলৈ নির্দেশ দিছিল৷

উক্ত ৰায়দানৰ ভিত্তিত পৰিষদে এখন সমিতি গঠন কৰিছিল৷ পৰিষদৰ সেই সমিতি নিয়ম অনুসৰি গঠন নকৰা আৰু এতিয়া বিধানসভালৈ পঠোৱাক লৈ ক্ষোভ প্রকাশ কৰে নেতাগৰাকীয়ে৷ উল্লেখযোগ্য যে কার্বি আংলং জিলাত এতিয়া জনজাতি আৰু অজনজাতিৰ অধিকাৰক লৈ এক আন্দোলনমুখী পৰিৱেশ সৃষ্টি হৈছে৷ বৃহস্পতিবাৰে দিছপুৰ লাষ্টগে’টত বোকাজান আৰু হাওৰাঘাট জিলা দাবী সমিতিয়ে ধর্ণা কার্যসূচী ৰূপায়ণ কৰি অজনজাতিৰ অধিকাৰ সুৰক্ষাৰ দাবী কৰিছিল৷

আজি অসম বিধান সভাত পাহাৰীয়া জিলাকেইখনৰ সন্দর্ভত আলোচনা হয় আৰু পাহাৰৰ বিধায়কসকলে স্বায়ত্ত্বশাসিত ৰাজ্য দাবী কৰে৷ ইয়াৰ সমান্তৰালভাৱে আজি ডিফুত পৰিষদৰ নির্বাচনত অজনজাতিৰ লোকৰ ভোটাধিকাৰ কর্তন কৰা আৰু মাটিৰ অধিকাৰ কেৱল পাহাৰীয়া জনজাতিক অর্পণ কৰাৰ দাবীত ২৪টা সংগঠনে দিনটো প্রতিবাদ কৰে৷ আনহাতে পাহাৰত যুগ যুগ ধৰি বসবাস কৰি আহিছে অসমৰ অন্যান্য থলুৱা জনগোষ্ঠীৰ লোকসকলে৷ এতিয়া ২৪টা সংগঠনৰ দাবীৰ পিছত তেওঁলোকো শংকিত হৈছে৷

সেয়ে খিলঞ্জীয়া লোকসকলৰ কি হ’ব জানিব বিচৰাত কাথাৰে কয় যে ষষ্ঠ অনুসূচীভুক্ত এলেকাত খিলঞ্জীয়া বুলি কোনো শব্দ নাই, পাহাৰীয়া জনজাতি বুলিহে আছে৷ আজি অসমীয়াসকলে নিজস্ব অস্তিত্বৰ কথা চিন্তা কৰি এন আৰ চি বিচাৰিছে আৰু আমিও কার্বি জাতিৰ চিন্তা কৰি এই দাবীসমূহ কৰিছোঁ৷ কাৰণ বর্তমান কার্বি আংলং জিলাত কার্বিৰ সংখ্যা ৪৪ শতাংশ৷ এইদৰে থাকিলে পাহাৰত কার্বিৰ অস্তিত্ব নাথাকিব৷

আনহাতে বিগত এটা পষেক ধৰি বোকাজানৰ বিধায়ক নোমল মমিনৰ এখন পত্রই পাহাৰৰ ৰাজনীতি উত্তাল কৰি ৰাখিছে৷ উক্ত পত্র সন্দর্ভত কাথাৰে কয় যে আমি পাহাৰত বসবাস কৰা অন্য পাহাৰীয়া জনজাতিসকলৰ ৰিজনেল কাউঞ্চিলৰ বিৰোধী নহয়৷

কিন্তু মমিনে এই দাবী কৰিছে কার্বি- অনা কার্বিৰ সংঘাত লগাবলৈ৷ স্বায়ত্তশাসিত ৰাজ্যৰ দাবীত তেওঁ বিধায়ক পদ এৰক, আমি সকলোৱে তেওঁক বিনা প্রতিদ্বন্দ্বিতাৰে নির্বাচিত কৰি পঠাম বুলি তেওঁ সংবাদ মাধ্যমৰ আগত কয়৷ প্রণিধানযোগ যে পাহাৰত বসবাস কৰা কুকি, ৰেংমা, মানটাই, গাৰো, তিৱা আদি পাহাৰীয়া জনজাতিৰ লোকসকলে দীর্ঘদিনৰ পৰা ৰিজনেল কাউঞ্চিলৰ দাবী কৰি আহিছে৷

কুকি বিদ্রোহী সংগঠন কে আৰ এ আৰু ইউ কে ডিয়েই এই দাবীক লৈ চৰকাৰৰ লগত আলোচনা কৰি আছে৷ লোক সভাৰ নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে কার্বি আংলং ডিমা হাছাও পৰিষদ আৰু অন্যান্য সংগঠনসমূহ ৰাজ্যৰ দাবীক লৈ তৎপৰ হৈ পৰিছে৷ কালি পৰিষদৰ নেতৃত্বই দিল্লীত গৃহৰাজ্য মন্ত্রী কিৰেন ৰিজিজুক লগ কৰি ৰাজ্যৰ দাবী জনাইছিল৷

No comments:

Post a Comment

SPONSORED