ৰোমন্থন - SANGBAD PRAHARI

Breaking

Responsive Ads Here

November 17, 2018

ৰোমন্থন



#ৰুমী ভূঞা, ডিব্ৰুগড়

শাৰদীয় এটি স্নিগ্ধ জোনাক নিশাত;
মেঘমুক্ত আকাশলৈ চাই
ভাৱনাত তন্ময় আছিলো সিদিনা।
অলেখ সপোন-কল্পনাই
উদভ্ৰান্ত কৰিছিল যৌৱনা মন।
জোন-তৰা-নক্ষত্ৰখচিত আকাশখনে
হৃদয়ত অজস্ৰ ভাৱনাৰ লহৰ তুলিছিল।
জোন-তৰালিৰ স'তে লুকাভাকু খেলিছিল…!
কোনোবা জংকীৰ আকুলতাভৰা প্ৰতিচ্ছবিয়ে…!
প্ৰেমীক হৃদয়ত ফুলিছিল তেজী গোলাপৰ বাগিচা।
ক্ৰমশঃ সময়ৰ বা-মাৰলীত বিধ্বস্ত মন;
ৰূঢ় বাস্তৱৰ নিষ্পেষণত হৰিল কল্পনা-সপোন-সকলো…!
ঘূণাসুঁতি-জংকী-পানেইৰ প্ৰেমগাঁথা…!
সকলো নিঃশেষ হ’ল পৰিস্থিতিৰ কৰ্ষণত…!
আৰু এতিয়া…!
মৰহা গোলাপৰ কাইঁটীয়া বাগিচা;
আলফুলে সযতনে বুকুত সাবটি…!
ৰোমন্থন কৰি আছো ৰমণীয় অতীতৰ;
অশ্ৰুসিক্ত স্মৃতিৰ সংবেদনশীল পৃষ্ঠা।।

SPONSORED