ধোৱাচাঙত পঞ্চায়তীৰাজ : ৮০ বছৰীয়া ব্যক্তিয়েও পোৱা নাই বৃদ্ধ পেঞ্চন, অন্যান্য চৰকাৰী সুবিধা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

November 18, 2018

ধোৱাচাঙত পঞ্চায়তীৰাজ : ৮০ বছৰীয়া ব্যক্তিয়েও পোৱা নাই বৃদ্ধ পেঞ্চন, অন্যান্য চৰকাৰী সুবিধা


তামাৰহাট : পঞ্চায়ত নিৰ্বাচন সমাগত৷ নিৰ্বাচনৰ আগমূহুৰ্তত বিভিন্ন ৰাজনৈতিক দলৰ বিভিন্ন প্ৰাৰ্থীয়ে কোনে কেনেকৈ ভোটাৰক মোহিত কৰিব পাৰে তাৰেই প্ৰতিযোগিতা চলিছে। কিন্ত এই নিৰ্বাচনে সঁচা অৰ্থত ৰাইজৰ কিমানদূৰ উপকাৰ হৈছে। কিয়নো ৮০ বছৰৰ উৰ্ধৰ ব্যাক্তিয়েও য’ত বৃদ্ধ পেঞ্চন পোৱা নাই, দৰিদ্ৰ সীমাৰেখাৰ তলৰ ব্যক্তিয়ে পোৱা নাই গৃহ৷ কিছুমানে গৃহ পাইছে যদিও সম্পূৰ্ণ টকা পোৱা নাই, বিভিন্নজনে আকৌ বঞ্চিত হৈ আছে চৰকাৰী সা-সুবিধাৰ পৰা৷ তেনে অৰ্থত পঞ্চায়ত নিৰ্বাচনৰ পৰা সৰ্বসাধাৰণ ৰাইজে কিমান লাভবান হৈছে সেয়া স্পষ্ট হৈ পৰে।
ধুবুৰী জিলাৰ হাতীধূৰা উন্নয়ন খণ্ডৰ ডিংডিঙ্গা গাঁও পঞ্চায়তৰ অন্তৰ্গত তেনে এখন গাঁও বৰজান গাঁও। গাঁওখনত ৮০ বছৰৰ উৰ্ধৰ কেবাজনো ব্যাক্তিয়ে বিভিন্ন সময়ত বিভিন্ন প্ৰতিনিধি তথা পঞ্চায়তত জন্মৰ প্ৰমান পত্ৰ দিয়াৰ পিছতো বৃদ্ধ পেঞ্চন পোৱা নাই। তাৰোপৰি বহু দৰিদ্ৰ পৰিয়ালে বিভিন্ন চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত হৈছে। দৰিদ্ৰ সীমাৰেখাৰ পৰিয়ালে ঘৰ পাইছে যদিও ঘৰৰ সম্পূৰ্ণ টকা পোৱা নাই৷ আন কিছুমানে চৰকাৰী টকাৰ লগত নিজৰ টকা খৰচ কৰি ঘৰ সম্পূৰ্ণ কৰিছে যদিও পাঁচ-ছয় মাহ পাছতো বাকী টকা পোৱা নাই। এনে অৰ্থত পঞ্চায়ত নিৰ্বাচনৰ দ্বাৰা সাধাৰণ ৰাইজৰ কিমান উপকাৰ হৈছে সেয়া সহজেই অনুমেয়৷

SPONSORED