হাউলী: হাউলী অঞ্চলৰ ইটাৰভিটাত 'অসমীয়া সাহিত্য সন্মিলনী'ৰ হাউলী শাখাৰ উদ্যোগত "সামাজিক ব্যাধি হিচাপে বাল্যবিবাহ" আৰু "নাৰী সৱলীকৰণ" শীৰ্ষক এক মুকলি আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয়। ১৭ নৱেম্বৰত আয়োজিত উক্ত অনুষ্ঠানে সমাজৰ বিভিন্ন স্তৰৰ ব্যক্তিক সমল ব্যক্তি হিচাপে নিমন্ত্ৰণ কৰি তেওঁলোকৰ সমল বাৰ্তাসমূহ জনমানসৰ মাজলৈ লৈ যোৱাৰ এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰে।
হাউলী শাখা সাহিত্য সন্মিলনীৰ সম্পাদক ছাইফুল ইচলামৰ প্ৰচেষ্টাত আৰু বনজিৎ বৈশ্যৰ পৰিচালনাত উক্ত সভাত সমল ব্যক্তি হিচাপে উপস্থিত থাকে হাউলী শাখা সাহিত্য সন্মিলনীৰ সভাপতি ৰুহুল আমিন, সাংবাদিক ছাহেদ আলী আহেদ, ভৱানীপুৰ শাখা সাহিত্য সন্মিলনীৰ সম্পাদক মতিউৰ ৰহমান, কয়াকুছি মহাবিদ্যালয়ৰ প্ৰবক্তা হান্নান আলী আহমেদ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য বাবুল হুছেইন, জাহোৰপাম উচ্চ মাধ্যমিক বিদ্যালয় সহকাৰী শিক্ষক নুৰ হুছেইন, গৰেমাৰীৰ শিক্ষক আলি আকবৰ হাশেমী ৰুফছান জানি, স্বাস্থ্যকৰ্মী ইয়াৰুন আহমেদ, সশিক্ষক তথা উদীয়মান কবি ধনজিৎ খাটনিয়াৰ আৰু মিলনজ্যোতি এম. ই. মাদ্ৰাছাৰ শিক্ষক মফিদুল ইছলাম৷