ধনৰ বিনিময়ত প্ৰাৰ্থীত্ব : বৰপেটা ৰাজীৱ ভৱনত ওলমিল তলা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

November 26, 2018

ধনৰ বিনিময়ত প্ৰাৰ্থীত্ব : বৰপেটা ৰাজীৱ ভৱনত ওলমিল তলা


বৰপেটা : ৰাজ্যখনত অনুষ্ঠিত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থীত্ব প্ৰদানক লৈ প্ৰতিটো ৰাজনৈতিক দলৰ মাজতেই ব্যাপক বিদ্ৰোহ চলি থকা পৰিলক্ষিত হৈছে৷ একেধৰণৰ বিদ্ৰোহ পৰিলক্ষিত হ’ল বৰপেটা জিলা কংগ্ৰেছত৷
উল্লেখ্য যে উজনি অসমত কংগ্ৰেছৰ অস্তিত্ব হ্ৰাস পোৱাৰ বিপৰীতে নামনি অসমত এআইইউডিএফ দলৰ অস্তিত্ব হ্ৰাস পোৱা ৰাজ্যখনৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে নামনি অসমত গা কৰি উঠিছে৷ ইয়াৰে সুযোগ গ্ৰহণ কৰি এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত বিশেষকৈ না্মনি অসমৰ প্ৰাৰ্থীত্ব প্ৰদানৰ ক্ষেত্ৰত ব্যাপক ধনৰ লেন-দেন হোৱাৰ মুকলি অভিযোগ উত্থাপিত হৈছে৷ ধনৰ বিনিময়ত অযোগ্য তথা অকংগ্ৰেছী লোকক প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ বাবেই জিলাখনত ক্ষোভৰ বহিঃপ্ৰকাশ ঘটাই আজি সদৰ বৰপেটাস্থিত ৰাজীৱ ভৱনত একাংশ ক্ষুব্ধ কংগ্ৰেছী তলা ওলমাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷


প্ৰতিবাদকাৰীসকলৰ অভিযোগ অনুসৰি বৰপেটা জিলাৰ বৰত্মানৰ সভাপতিগৰাকীয়ে বৰ্তমানে বিজেপিৰ এজেণ্ট হিচাপে কাম কৰি আছে৷ সেয়ে জিলাখনৰ পৰা কংগ্ৰেছৰ অস্তিত্ব নাইকিয়া কৰিবলৈ আৰু নিজৰ পকেট গৰম কৰাৰ স্বাৰ্থত অযোগ্য তথা অকংগ্ৰেছী প্ৰাৰ্থীক কংগ্ৰেছৰ দলৰ পৰা প্ৰাৰ্থীত্ব প্ৰদান কৰিছে৷ এই ক্ষেত্ৰত সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰ আৰু জনিয়াৰ বিধায়ক আব্দুল খালেক আহমেদলৈ প্ৰতিবাদকাৰীসকলে সন্দেহৰ আঙুলি টোৱাইছে৷ প্ৰতিবাদকাৰীসকলৰ মতে বিধায়ক জাকিৰ হুছেইন শিকদাৰ আৰু আব্দুল খালেক আহমেদে আজিও মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হৈ কাম কৰি আছে বুলি দাবী কৰে৷
মন কৰিবলগীয়া যে এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ দলটোৱে ধনৰ বিনিময়ত প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ বাবে বিশেষকৈ বৰপেটা জিলাৰ প্ৰতিটো চুকে-কোণে কংগ্ৰেছ বিৰোধী ঢৌ সৃষ্টি হ’বলৈ ধৰিছে আৰু এই ঢৌৰ বাবে একাংশ বিধায়ক আৰু বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি জগৰীয়া বুলিও সৰ্বত্ৰে চৰ্চা লাভ কৰিছে৷ দলটোৰ এনে কাণ্ডৰ ফলত জিলাখনত কংগ্ৰেছৰ অস্তিত্ব হ্ৰাস পোৱাৰ বিপৰীতে নিৰ্দলীয় প্ৰাৰ্থীসকলে বেছি আসনত জয়ী হোৱাৰ পূৰ্ণ সম্ভৱনা আছে৷

SPONSORED