যোৰহাট : প্রতিষ্ঠা কালৰে পৰা সময়ে সময়ে একাধিক বিতর্কত সাঙোৰ খাই পৰা যোৰহাট চিকিৎসা মহাবিদ্যালয়ত শেহতীয়াকৈ সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা৷ যোৱা ১ নৱেম্বৰৰ পৰা ৬ নৱেম্বৰ পর্যন্ত চিকিৎসালয়খনত মৃত্যু হৈছে ১৫টাকৈ নৱজাতকৰ৷
গুৰুত্বপূর্ণ কথাটো হ’ল এই আটাইকেইটা শিশুৰে মৃত্যু হৈছে চিকিৎসালয়খনৰ বেবী আই চি ইউত৷ এই ঘটনাক লৈ অভিভাৱকসকলৰ মাজত উত্তেজনা সৃষ্টি হোৱাৰ বিপৰীতে চিকিৎসকসকলকো চিন্তিত কৰি তুলিছে৷ চিকিৎসা মহাবিদ্যালয়খনৰ বেবী আই চি ইউত সদ্যোজাত শিশুৰ অস্বাভাৱিক মৃত্যুত উদ্বিগ্ন শিশুৰোগ বিভাগৰ মুৰব্বী অধ্যাপক ডাঃ প্রণৱজিৎ বিশ্বনাথে ইতিমধ্যে ঘটনা সম্পর্কে মহাবিদ্যালয়খনৰ অধীক্ষক গৰাকীক অৱগত কৰিছে৷
যাৰ পৰিপ্রেক্ষিতত অধীক্ষক ডাঃ সৌৰভ বৰকটকীয়ে এখন ছজনীয়া তদন্ত সমিতি গঠন কৰি দিছে৷ ডাঃ প্রণৱজিৎ বিশ্বনাথৰ নেতৃত্বত সমিতিত অতিৰিক্ত অধীক্ষক ডাঃ পূর্ণিমা বৰুৱাক সদস্য সচিব হিচাপে ৰখা হৈছে৷ অন্যান্য সকল হ’ল উপ-অধীক্ষকদ্বয় ডাঃ মানৱ নাৰায়ণ বৰুৱা আৰু ডাঃ প্রণৱিকা মহন্ত, প্রসূতি বিভাগৰ ইনচার্জ ডাঃ চাইদুল ইছলাম আৰু কমিউনিটী মেডিচিন বিভাগৰ মুৰব্বী অধ্যাপক ডাঃ বিষ্ণুৰাম দাস৷
চিকিৎসাত গাফিলতি নে বেবী আই চি ইউত কোনো বিসংগতিৰ বাবে নে আন কোনো কাৰণত এই মর্মান্তিক ঘটনাটো সংঘটিত হ’ল সেয়া তদন্তত স্পষ্ট হ’ব যদিও এই ঘটনাটোৱে মহাবিদ্যালয়খনৰ সুনামত চেকা পৰাটো নিশ্চিত৷ অধীক্ষক ডাঃ সৌৰভ বৰকটকীয়ে জনোৱা মতে তদন্তৰ পাছতহে শিশুকেইটিৰ মৃত্যুৰ প্রকৃত কাৰণ স্পষ্ট হ’ব আৰু সেই অনুযায়ী পৰৱর্তী পদক্ষেপ গ্রহণ কৰা হ’ব৷