২০১৯ বর্ষত ১১০ দিনেই বন্ধ উপভোগ কৰিব পাৰিব চৰকাৰী কৰ্মচাৰীয়ে - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Wednesday, December 19, 2018

২০১৯ বর্ষত ১১০ দিনেই বন্ধ উপভোগ কৰিব পাৰিব চৰকাৰী কৰ্মচাৰীয়ে


গুৱাহাটী : ২০১৯ বর্ষত ৰাজ্যিক কর্মচাৰীয়ে বছৰৰ ৩৬৫টা দিনৰ ভিতৰত ২২৩ দিনহে কর্মস্থলীত উপস্থিত থাকিব৷ বর্ষটোৰ ১৪২ দিনে বন্ধ আৰু ছুটী উপভোগ কৰিব পাৰিব কর্মচাৰীসকলে৷ কালি অনুষ্ঠিত কেবিনেট বৈঠকে অনুমোদন জনোৱা চৰকাৰী বন্ধৰ তালিকা অনুসৰি ৰাজ্যিক কর্মচাৰীয়ে কিমান দিন কি কি উৎসৱ-পার্বণৰ বাবে বন্ধ পাব, সেই কথা থিৰাং হৈছে৷

২০১৯ বর্ষত মুঠ চৰকাৰী বন্ধৰ দিন ১১০ দিন যদিও এই বন্ধৰ ভিতৰত দেওবাৰ, মাহৰ দ্বিতীয় আৰু চতুর্থ শনিবাৰ বন্ধ অন্তর্ভুক্ত হোৱাত প্রকৃততে ১০১ দিনহে চৰকাৰী বন্ধ পাব কর্মচাৰীয়ে৷ ৰাজ্যিক কর্মচাৰীয়ে নৈমিত্তিক ছুটী ১২ দিন আৰু আর্জিত ছুটী ৩০ দিন এটা বছৰত ল’ব পাৰে৷ সেয়েহে ২০১৯ৰ বর্ষটোত ৰাজ্যিক কর্মচাৰীয়ে ছুটী আৰু বন্ধ মুঠ ১৪২ দিন উপভোগ কৰিব পাৰিব৷ কালি কেবিনেটে অনুমোদন জনোৱা বন্ধৰ তালিকাখন চলিত বর্ষৰ তালিকাত থকা উৎসৱ-পার্বণসমূহ অন্তর্ভুক্ত হৈছে৷

অর্থাৎ বন্ধ কর্তনো হোৱা নাই বা সংযোজনো হোৱা নাই৷ চৰকাৰী বন্ধৰ তালিকাত আছে ৩৪ দিন৷ দেওবাৰ আৰু দ্বিতীয় আৰু চতুর্থ শনিবাৰক ধৰি ১১০ দিন বন্ধৰ তালিকাত অন্তর্ভুক্ত হৈছে৷ সংৰক্ষিত বন্ধৰ তালিকাত আছে ২৫ দিন৷ অর্ধছুটীৰ দিন ২টা৷ ১০ ছেপ্টেম্বৰ মহৰম আৰু ১৩ অক্টোবৰ লক্ষ্মী পূজাৰ বাবে অর্ধছুটীৰ দিন নির্ধাৰণ কৰিছে ৰাজ্যিক চৰকাৰে৷

SPONSORED