কৃষকৰ বাবে অভিলাষী আঁচনি ঘোষণা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Thursday, December 20, 2018

কৃষকৰ বাবে অভিলাষী আঁচনি ঘোষণা


গুৱাহাটী : লোক সভাৰ নির্বাচনৰ আগে আগে ৰাজ্যৰ কৃষক সমাজক সামৰি কেইবাখনো অভিলাষী আঁচনি গ্রহণ কৰিছে ৰাজ্য চৰকাৰে৷ কৃষকক উদগনি যোগোৱাই নহয়, চাহ বাগিচা ধন পুৰস্কাৰ আঁচনিৰ অধীনত আধৰুৱা হৈ থকা আর্থিক সাহায্য প্রদানৰ আঁচনিখনো ৰাজ্য চৰকাৰে সম্পূর্ণ কৰিব অহা জানুৱাৰী মাহত৷

কৃষকক উদ্দেশ্যি গ্রহণ কৰা আঁচনিকেইখনৰ বাবত ৰাজ্য চৰকাৰে মুঠ ব্যয় কৰিব ১০৫০ কোটি টকা৷ চাহ শ্রমিকক আর্থিক সাহায্য প্রদান কৰা আঁচনিৰ বাবত ব্যয় হ’ব প্রায় ১৮২ কোটি টকা৷ যোৱা ১৭ ডিচেম্বৰত ৰাজ্যিক কেবিনেটত অনুমোদন হোৱা কৃষকৰ ঋণ ৰেহাই, সাহায্য প্রদানৰ বাবে অনুমোদন হোৱা আঁচনিকেইখনৰ বিতং ব্যাখ্যা দিয়ে বিত্ত মন্ত্রী হিমন্ত বিশ্ব শর্মাই৷

লোক সভাৰ নির্বাচনক লক্ষ্য কৰি ৰাজ্যৰ কৃষকসকলৰ বাবে আঁচনিসমূহ গ্রহণ কৰা হৈছে নেকি বুলি সাংবাদিকে প্রশ্ন কৰিছিল যদিও মন্ত্রী শর্মাই কয় যে এই আঁচনিসমূহৰ বিষয়ে বাজেট ভাষণত উল্লেখ কৰা হৈছিল৷ মার্চ মাহৰ বাজেট ভাষণত ঘোষণা কৰি আঁচনিসমূহ লোক সভাৰ নির্বাচনৰ আগে আগে বাস্তৱায়িত কৰাৰ বাবে লোৱা প্রচেষ্টাৰ ফল যে লোক সভাৰ নির্বাচনী প্রচাৰৰ মুখ্য আহিলা হৈ পৰিব সেই কথা নিশ্চিত৷

আজি দিছপুৰত অনুষ্ঠিত সংবাদমেলত মন্ত্রী শর্মাই কয় যে কৃষকক উদ্দেশ্যি গ্রহণ কৰা এই আঁচনিসমূহ জানুৱাৰী মাহৰ পৰা ৰূপায়ণ আৰম্ভ হ’ব৷ অহা ২৮ জানুৱাৰীত পথৰুঘাটত ১৪০জন কৃষকে দিয়া প্রাণ আহুতিৰ ১২৫ বছৰ পূর্ণ হ’ব৷ মন্ত্রী শর্মাই কয় যে ৰাজ্যৰ ২৬ হাজাৰ গাঁৱত ২৭ লাখ কৃষক পৰিয়াল আছে৷ এই কৃষকসকলক লক্ষ্য কৰি ৰাজ্য চৰকাৰে গ্রহণ কৰা প্রথমখন আঁচনি ‘অসমৰ কৃষকৰ ঋণ ৰাজসাহায্য আঁচনি৷’

এই আঁচনিৰ অধীনত ২০১৮ চনৰ ১ এপ্রিলৰ পৰা ৩১ মার্চ ২০১৯ লৈ যিসকল কৃষকে ঋণ বেংকৰ পৰা লৈছিল তেওঁলোকে ঋণৰ মুঠ পৰিমাণৰ ৭৫ শতাংশ জমা দিলেই হ’ব৷ ২৫ শতাংশ ঋণৰ ধন ৰাজ্য চৰকাৰে বেংকক দিব৷ এই সময়ছোৱাৰ ভিতৰত যদি কোনো কৃষকে বেংকক ঋণ ঘূৰাই দিলে তেন্তে কৃষকজনৰ ২৫ শতাংশ ঋণৰ ধন একাউণ্টত জমা কৰিব ৰাজ্য চৰকাৰে৷ এই আঁচনিত কৃষকে লোৱা ঋণৰ সীমা হ’ব ২৫ হাজাৰ টকা৷ এই আঁচনিৰ বাবত ৰাজ্য চৰকাৰৰ ৫০০ কোটি টকা ব্যয় হ’ব৷

মন্ত্রী শর্মাই আৰু কয় যে এই আঁচনি পথৰুঘাটৰ বিদ্রোহৰ ১২৫ বর্ষ উপলক্ষে এই বছৰৰ বাবেহে প্রযোজ্য হ’ব৷ তেওঁ আৰু কয় যে অসমৰ কৃষকলৈ সুদ সকাহ আঁচনিত কৃষকে বর্তমানে বেংকৰ পৰা লোৱা ঋণৰ সুদ দিব নালাগিব৷ বর্তমানে কৃষি ঋণৰ বাবে দিবলগীয়া ঋণৰ সুদৰ হাৰ ৭ শতাংশ৷ ইয়াৰে ৩ শতাংশ কেন্দ্রীয় চৰকাৰে ৰেহাই দিয়ে৷

এতিয়াৰে পৰা বাকী ৪ শতাংশ সুদ ৰাজ্য চৰকাৰে ৰেহাই দিব৷ যদি কেতিয়াবা কেন্দ্রীয় চৰকাৰে দিয়া ৩ শতাংশ সুদ ৰেহাই প্রত্যাহাৰ কৰে তেন্তে সমুদায় সুদৰ বোজা ৰাজ্য চৰকাৰে বহন কৰিব৷ মন্ত্রী শর্মাই কয় যে এইখন আঁচনিৰ বাবত ৰাজ্য চৰকাৰৰ ব্যয় হ’ব ২০০ কোটি টকা৷ তেওঁ আৰু কয় যে ৰাজ্যৰ ১৯ লাখ কৃষকে কৃষি ঋণ কে চি চিৰ জৰিয়তে লৈছে৷ ঋণ গ্রহণ কৰা কৃষকৰ ভিতৰত প্রায় ৩ লাখে ঋণ পৰিশোধ কৰিব নোৱৰাত বেংকলৈ যাব পৰা নাই বা পুনৰ ঋণ পোৱা নাই৷

অসমৰ কৃষকৰ উদ৲গণিমূলক আঁচনিৰ অধীনত ঋণ পৰিশোধ কৰিব নোৱৰা কৃষকক ১০ হাজাৰ টকাকৈ ৰাজ্য চৰকাৰে সাহায্য দিব৷ এই পুঁজিৰ ফলত কৃষকে ঋণ পৰিশোধৰ বাবে ব্যৱস্থা ল’ব পাৰিব৷ এই আঁচনিত ৰাজ্য চৰকাৰৰ ব্যয় হ’ব প্রায় ৩০০ কোটি টকা৷ ইফালে ৫ লাখ কৃষকক ৫ হাজাৰকৈ টকাৰ সাহায্য প্রদানৰ বাবে ৰাজ্য চৰকাৰে পদক্ষেপ গ্রহণ কৰাৰ কথা বিত্ত মন্ত্রীয়ে জানিবলৈ দিয়ে৷ মন্ত্রী শর্মাই সংবাদমেলত কয় যে ৰাজ্যৰ ৭৫২খন চাহ বাগিচাত ৭,২১,৪৮৫টা চাহ শ্রমিকৰ বেংক একাউণ্ট খোলা হ’ল৷

প্রতিটো একাউণ্টত ৰাজ্য চৰকাৰে ২,৫০০ টকাকৈ জমা কৰিছে৷ যাৰ ফলত ৰাজ্য চৰকাৰে ১৮২ কোটি টকা ব্যয় কৰিছে৷ ৰাজ্য চৰকাৰে দিবলগীয়া হৈ থকা আৰু ২,৫০০ টকা সাহায্য অহা ১৫ জানুৱাৰীত গুৱাহাটীত অনুষ্ঠানৰ জৰিয়তে জমা দিব৷ মন্ত্রী শর্মাই কয় যে বিমুদ্রাকৰণৰ সময়ত চাহ বাগিচা এলেকাত বেংক একাউণ্ট খুলিবলৈ উৎসাহিত কৰাৰ উদ্দেশ্যৰে এই ‘চাহ বাগিচা ধন পুৰস্কাৰ মেলা’ আঁচনিখন গ্রহণ কৰা হৈছিল বুলি মন্ত্রী শর্মাই কয়৷

SPONSORED