চিৰাং : চিৰাং জিলাৰ নিৰাপত্তাত নিয়োজিত ভাৰতীয় সেনাৰ ৰেড হৰ্ণ ডিভিজনৰ ৫ম গাৰৱাল ৰাইফলচে অৰুনাচলত চলালে অভিযান। সেনাৰ গোপন তথ্যৰ ভিত্তিত চিৰাঙৰ পৰা গৈ অৰুনাচলত অভিযান চলায় দলটোৱে। অভিযানৰ সময়ত এন ডি এফ বি (ছাউৰাগ্ৰা)ৰ মহিলা সহ ৯ দুৰ্ধৰ্ষ সদস্য গ্ৰেপ্তাৰ সেনাৰ দ্বাৰা। অৰুনাচলৰ জয়ৰাম থানাৰ অন্তৰ্গত চামৰোত এই অভিযান। এই অভিযানত আছাম ৰাইফলচ আৰু অৰুনাচলৰ জয়ৰাম আৰক্ষীৰ সহযোগত চলোৱা এই অভিযানত যোৱা নিশা এন ডি এফ বি (ছাউৰাগ্ৰা)ৰ ৪২ নং বেচৰ ম্যানমাৰ প্ৰশিক্ষনপ্ৰাপ্ত এই সকল ৯ জন সদস্য ক্ৰমে চিৰাং জিলাৰ পানবাৰী কচুবিলৰ ছুলেখা ব্ৰহ্ম ওৰফে বি,ছানছুলি(২০), চিৰাঙৰ ঔগুৰি পলাসগুৰিৰ ছামুৰীয়া নাৰ্জাৰী ওৰফে এন ছৌথমা(১৯), চিৰাঙৰ নাঙ্গলভাঙ্গা বেশৰবাৰীৰ ৰাজেশ বসুমতাৰী(২০), কোকৰাঝাৰ জিলাৰ আঠিয়াবাৰী নিজৌমগুৰীৰ গৌদাং মুচাহাৰী ওৰফে এম গৌতুমা(২১), শোনিতপুৰ জিলাৰ বাতাসিপুৰ বিলাশিগুৰিৰ ৰিতা স্বৰ্গীয়াৰী ওৰফে এচ ৰৈৰাব(২০),চিৰাঙৰ কয়লাময়লাৰ আওজাৰগুৰীৰ ৰতজোনা নাৰ্জাৰী ওৰফে এন দানেওছিলাং(২৪) এন দানেওছিলাং(২৪),শোনিতপুৰ জিলাৰ বালিচাং ফুংকাজুলিৰ মনিৰাম বসুমতাৰী ওৰফে বি মাউফুং(২৪)কোকৰাঝাৰ জিলাৰ চৰাইবিল ৩নং কাত্ৰীবাৰীৰ দীলিপ নাৰ্জাৰী ওৰফে এন দৈজলাং(২৩) আৰু কোকৰাঝাৰ জিলাৰ উল্টাপানী লাৱন্যপুৰৰ বিনাৰাম নাৰ্জাৰী ওৰফে এন বিবাৰ(২১)। ভাৰতীয় সেনাই এই দলটো ম্যানমাৰৰ পৰা অসমত প্ৰৱেশৰ চেষ্টা চলোৱাৰ তথ্যৰ ভিত্তিত এম্বুস বহাই সদস্য ন জনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। দলটোৰ পৰা সেনাই এটা একে ৪৭, এটা একে ৫৬ সহ বৃহৎ সংখ্যক সজীৱ গুলিও উদ্ধাৰ কৰে । তাৰ পিচতে অৰুনাচল আৰক্ষীক চমজাই দিয়ে সেনাই গ্ৰেপ্তাৰ কৰা দলটোক ।
Responsive Ads Here
Monday, December 03, 2018

Home
আঞ্চলিক
অৰুনাচলৰ জয়ৰামপুৰত চিৰাং সেনাবাহিনীৰ গোপন অভিযানত এন ডি এফ বি (ছাউৰাগ্ৰা)ৰ মহিলা সহ ৯ দুৰ্ধৰ্ষ সদস্য গ্ৰেপ্তাৰ, মাৰনাস্ত্ৰ উদ্ধাৰ।
অৰুনাচলৰ জয়ৰামপুৰত চিৰাং সেনাবাহিনীৰ গোপন অভিযানত এন ডি এফ বি (ছাউৰাগ্ৰা)ৰ মহিলা সহ ৯ দুৰ্ধৰ্ষ সদস্য গ্ৰেপ্তাৰ, মাৰনাস্ত্ৰ উদ্ধাৰ।
Tags
# আঞ্চলিক
Share This

About Sangbad Prahari
আঞ্চলিক
Labels:
আঞ্চলিক
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)