৭-১০ ডিচেম্বৰলৈ বিশ্বনাথত প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীৰ নিৰ্বাচনী ব্যয় পৰীক্ষা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Tuesday, December 04, 2018

৭-১০ ডিচেম্বৰলৈ বিশ্বনাথত প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীৰ নিৰ্বাচনী ব্যয় পৰীক্ষা


বিশ্বনাথ চাৰিআলি : বিশ্বনাথ সদৰ মহকুমাৰ অহা ৫ ডিচেম্বৰত অনুষ্ঠিত হ’ব লগা পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলে নিৰ্বাচনৰ প্ৰচাৰ আদি আনুসংগিক দিশত দৈনিক কৰা খৰচৰ হিচাপসমূহ অহা ৭, ৮, ৯ আৰু ১০ ডিচেম্বৰত পৰীক্ষা কৰা হ’ব। বিশ্বনাথ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত থকা পঞ্চায়ত নিৰ্বাচনৰ ব্যয় নিৰীক্ষণ আৰু আৰ্হি-আচৰণবিধি কোষত অনুষ্ঠিত হ’ব লগা এই হিচাপ পৰিদৰ্শনত উপস্থিত থাকিবৰ বাবে প্ৰাৰ্থীসকলক অনুৰোধ জনোৱা হৈছে। পৰিদৰ্শনকালত প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীসকলে নিজা নিজা ব্যয়ৰ হিচাপসমূহৰ সমৰ্থনত প্ৰয়োজনীয় সকলোবোৰ নথি-পত্ৰ প্ৰদৰ্শন কৰিব লাগিব।

SPONSORED