হাউলীৰ পৰা নিৰুদ্দেশ হোৱা যুৱতীক মুম্বাইত উদ্ধাৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Saturday, December 22, 2018

হাউলীৰ পৰা নিৰুদ্দেশ হোৱা যুৱতীক মুম্বাইত উদ্ধাৰ


বৰপেটা : বৰপেটা জিলাৰ হাউলী অৰক্ষী থানাৰ অন্তৰ্গত কালজাৰ গাঁৱৰ এগৰাকী মানসিক বিকাৰগ্ৰস্ত নিৰুদ্দিষ্ট যুৱতী মুম্বাইত উদ্ধাৰ হয়। জানিব পৰা মতে, কালজাৰ গাঁৱৰ হানিফ আলীৰ কন্যা, মানসিক বিকাৰগ্ৰস্ত যুৱতী হাছিনা খাতুন (২৪) যোৱা ৬ ডিচেম্বৰৰ পৰা নিৰুদ্দেশ হৈ আছিল। পৰিয়ালৰ লোকে বহু ঠাইত খবৰ কৰাৰ পাছতো যুৱতীগৰাকীৰ কোনো সন্ধান ওলোৱা নাছিল। পাছত যোৱা ১৫ ডিচেম্বৰত মুম্বাইৰ ৰাবালে এম আই ডি চি আৰক্ষী থানাত যুৱতীগৰাকী উদ্ধাৰ হোৱা বুলি স্থানীয় সাংবাদিকৰ জৰিয়তে খবৰ লাভ কৰে পৰিয়ালৰ লোকে। ইয়াৰ পাছত যুৱতীগৰাকীৰ পিতৃ হানিফ আলী আৰু হাউলীৰ স্থানীয় সংবাদদাতা আনিছুজ জামানে বিমান যোগে মুম্বাইৰ ৰাবালে এম আই ডি চি আৰক্ষী থানাত ১৭ ডিচেম্বৰত উপস্থিত হৈ যুৱতীগৰাকীক উদ্ধাৰ কৰি কালি নিশা দহ বজাত ঘৰত উপস্থিত হয়।

উল্লেখযোগ্য যে, নিৰুদ্ধেশ হোৱা হাছিনা খাতুনে বাওঁ ভৰিত আঘাত পোৱাত মুম্বাই আৰক্ষীয়ে বিশেষ তত্পৰতাৰে মুম্বাই পৌৰ নিগমৰ চিকিত্সালয়ত ভৰ্তি কৰাই যুৱতীগৰাকীৰ চিকিত্সা কৰাই সুস্থ কৰি তোলে। মুম্বাই আৰক্ষীৰ এনে প্ৰচেষ্টাত হাউলীৰ স্থানীয় ৰাইজৰ লগতে পৰিয়ালৰ লোকে সন্তোষ প্ৰকাশ কৰিছে। আনহাতে হাউলীৰ স্থানীয় সংবাদাতা আনিছুজ জামানৰ ভূমিকাকো সচেতন মহলে ভূয়সী প্ৰশংসা কৰিছে।

SPONSORED