নলবাৰী : পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ চলি থকাৰ সময়তে আজি বৰক্ষেত্ৰীৰ মুকালমুৱা থানাৰ অন্তৰ্গত ঘোগাত এক শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয়। প্ৰাপ্ত তথ্য মতে, আজি দুপৰীয়া গুৱাহাটীৰ পৰা বৰপেটা অভিমুখে অহা এখন টাটা মেজিক (এ এছ-০১-এইচ চি-৪৩২৪) নিয়ন্ত্ৰণহীন হৈ ঘোগা গাঁৱত খাৱৈত সোমায়। খাৱৈত সোমোৱাৰ ঠিক আগমুহূৰ্তত এজন চাইকেল আৰোহী কিশোৰকো গাড়ীখনে মহতিয়াই লৈ যায়। ফলত কিশোৰজনৰ মৃত্যু হয়। মৃত কিশোৰজন ঘোগাৰ হুছেইন আলীৰ একমাত্ৰ পুত্ৰ ইনজামুল হক (১২) বুলি জানিব পৰা গৈছে ৷ দুৰ্ঘটনাত মেজিকখনৰ ৪গৰাকী যাত্ৰীও আহত হয়। আহতসকলক লগে লগে মুকালমুৱা চিকিৎসালয়ত ভৰ্তি কৰা হয়।
ইফালে পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি ক্ষুব্ধ ৰাইজে হাজো-মুকালমুৱা পথ অৱৰোধ কৰে। ফলত শ শ বাহন পথটোত আবদ্ধ হৈ পৰে। আবদ্ধ হৈ পৰে এম্বুলেন্স পৰ্যন্ত। টায়াৰ জ্বলাই ক্ষুব্ধ ৰাইজে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। লগে লগে ঘটনাস্থলীত আৰক্ষী, চি আৰ পি এফ বাহিনী মোতায়েন কৰা হয়। ৰাইজৰ দাবী, উন্মাদ চালকৰ বাবে সঘনাই পথটোত দুৰ্ঘটনা সংঘটিত হৈ আহিছে আৰু পথটোত গতিৰোধক লাগে। কিছু সময় পাছত বৰক্ষেত্ৰীৰ বিধায়ক নাৰায়ণ ডেকা ঘটনাস্থলীত উপস্থিত হৈ ৰাইজক আজিয়ে পথটোত এটা গতিৰোধক দিব বুলি আশ্বাস দিয়াত পৰিস্থিতি নিয়ন্ত্ৰণ হয়।