ইণ্ডিয়া টুডে’ৰ সন্মান : ইয়ং লীডাৰ্ছ শিতানত অসমৰ ৰাজদীপ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

December 24, 2018

ইণ্ডিয়া টুডে’ৰ সন্মান : ইয়ং লীডাৰ্ছ শিতানত অসমৰ ৰাজদীপ


গুৱাহাটী : অসম আৰু অসমবাসীৰ বাবে আন এক গৌৰৱময় বার্তা কঢ়িয়াই আগশাৰীৰ আলােচনী ইণ্ডিয়া টুডে’ৰ  'ইয়ং লীডাছ শিতানত স্থান লাভ কৰিলে অসমৰ চিত্রনাট্যকাৰ, নাট্যকাৰ, গীতিকাৰ ৰাজদীপে। অসমৰ অতুলনীয় সাংস্কৃতিক সম্পদ ভ্রাম্যমাণ থিয়েটাৰৰ ক্ষেত্ৰখনত নাট্যকাৰ হিচাপে আত্মপ্রকাশ কৰি লাভ কৰা সফলতাৰ পৰা অলপতে আমিৰ খানৰ উদ্যোগত ভাৰতৰ চলচ্চিত্র প্রয়ােজনা প্রতিষ্ঠান চিনেস্তানে আয়ােজন কৰা চিত্রনাট্য প্রতিযােগিতাত সমগ্ৰ দেশৰ ভিতৰত চতুর্থ স্থান দখল কৰা ৰাজদীপৰ এই বর্ণিল যাত্ৰাৰ বিষয়ে প্রকাশ পাইছে ইণ্ডিয়া টুডে'ৰ দৰে আগশাৰীৰ আলােচনীৰ পৃষ্ঠাত। উল্লেখ্য যে ইণ্ডিয়া টুডে’ৰ ৩১ ডিচেম্বৰৰ সংখ্যাটো কালি বিশাখাপট্টনমত মুকলি কৰে অন্ধ্র প্রদেশৰ মুখ্যমন্ত্রী চন্দ্রবাবু নাইডুৱে। এই সংখ্যাতে প্রকাশ পাইছে অসম সন্তান ৰাজদীপৰ সাফল্যৰ যাত্ৰাৰ বিষয়ে। নগাঁও জিলাৰ  ধিঙৰ দৰে সৰু ঠাইত জন্মগ্রহণ কৰি বলীউডৰ দিশে ধাৱমান হােৱা ৰাজদীপৰ এই সাফল্যৰ বাবে ইণ্ডিয়া টুডে’ আলােচনীখনে তেওঁক স্থান দিছে ইয়ং লীডার্ড’ শিতানত। উল্লেখ্য যে যােৱা ২৬ নৱেম্বৰত মুম্বাইত আয়ােজিত এক বর্ণাঢ্য অনুষ্ঠানত বলীউডৰ ছুপাৰষ্টাৰ আমিৰ খানে অসম সন্তান ৰাজদীপক সন্মানিত কৰিছিল তেওঁৰ ইস্ক’লজী’ শীর্ষক চিত্রনাট্যখনৰ বাবে। ৪ লাখ টকাৰ পুৰস্কাৰাে প্ৰদান কৰা হৈছিল ৰাজদীপক।

SPONSORED