পদুমৰ ঠাইত হাত, হাতৰ ঠাইত পদুম : তিতাবৰ ভোট গ্ৰহণ কেন্দ্ৰত অঘটন - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Wednesday, December 05, 2018

পদুমৰ ঠাইত হাত, হাতৰ ঠাইত পদুম : তিতাবৰ ভোট গ্ৰহণ কেন্দ্ৰত অঘটন


তিতাবৰ :  প্ৰথম পৰ্য্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ দিনাই তিতাবৰ ভোট গ্ৰহণ কেন্দ্ৰত ঘটিল অঘটন । তিতাবৰ ৬৪ নং পূব ঠেঙাল গাঁও পঞ্চায়তৰ ৭ নং বালিজান "ক" অংশ ভোট গ্ৰহণ কেন্দ্ৰত বেলট পেপাৰত বিসংগতি৷বালিজান প্ৰাথমিক বিদ্যালয়ৰ কেন্দ্ৰত ভাৰতীয় জনতা পাৰ্টীৰ ৱাৰ্ড সদস্যা পদৰ প্ৰাৰ্থী পূৰ্ণিমা হাজৰিকাৰ প্ৰতীক চিহ্ন পদুম ফুলৰ পৰিৱৰ্তে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতীক চিহ্ন হাতৰ ছবি ছপা হৈ আহে৷ আনহাতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৱাৰ্ড সদস্যা পদৰ প্ৰাৰ্থী ৰেখামণি হাজৰিকাৰ প্ৰতীক চিহ্ন পদুম ফুল হিচাপে ছপা হৈ আহিছে৷ ইয়াকে লৈ প্ৰাৰ্থী আৰু ভোটদাতা ৰাইজে কৰে তীব্র প্ৰতিবাদ৷ কেন্দ্ৰটোত সম্প্ৰীতি ভোট গ্ৰহণ বন্ধ হৈ পৰিছে৷ ৰাইজে শীঘ্ৰে আসোঁৱাহ দূৰ কৰাৰ দাবী জনাইছে৷ ঘটনাস্থলীত পৰিস্থিতিৰ বুজ ল’বলৈ উপস্থিত হৈছে তিতাবৰ জিলা নিৰ্বাচনী বিষয়াৰ দল৷ উক্ত ভোট গ্ৰহণ কেন্দ্ৰৰ  প্ৰায় কেইবা শতাধিক বিতৰ্কিত বেলট পেপাৰ জব্দ কৰি ছিল কৰি লৈ যায় আৰু উক্ত কেন্দ্ৰত আজি
দিনৰ ১০ বজাৰ পৰা পুনৰ ভোট গ্ৰহণ কাৰ্য্য আৰম্ভ কৰে ।

SPONSORED