সেনা-উগ্রপন্থীৰ তুমুল সংঘর্ষ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Wednesday, December 05, 2018

সেনা-উগ্রপন্থীৰ তুমুল সংঘর্ষ


চৰাইদেউ : চৰাইদেউ জিলাৰ সৈতে সংলগ্ন নগালেণ্ডৰ মন জিলাৰ তিৰু অঞ্চলত আজি ভাৰতীয় সেনাৰ ১২ পেৰা স্পেচিয়েল ফ’র্চ আৰু উগ্রপন্থীৰ দল এটাৰ মাজত এক ভয়াৱহ সংঘর্ষৰ ঘটনা সংঘটিত হয়৷

সংঘর্ষত থিতাতে দুটাকৈ উগ্রপন্থী নিহত হয়৷ চোৰাংচোৱা সূত্রে জানিবলৈ দিয়া মতে, আজি পুৱা তিৰু অঞ্চলত বাহৰ পাতি থকা ভাৰতীয় সেনাৰ কুমাও ৰেজিমেণ্টৰ এটা টহলদাৰী দলৰ সৈতে এক পাহাৰীয়া দুর্গম অঞ্চলত সন্দেহযুক্ত এন এছ চি এন ( কে ) আৰু আলফাৰ (স্বাধীন) যুটীয়া দলৰ সৈতে মুখামুখি হয়৷

উগ্রপন্থীৰ দলটোৱে সেনা জোৱানসকলৰ উপস্থিতিৰ উমান পাই নির্বিচাৰ গুলীচালনা কৰি পলায়ন কৰিবলৈ চেষ্টা কৰে৷ সেনাৰ দলটোৱেও গুলীৰে প্রতু্যত্তৰ দিয়ে আৰু এই সংঘর্ষ প্রায় আধা ঘণ্টা পর্যন্ত অব্যাহত থাকে৷ সেনাৰ সূত্রে দাবী কৰা মতে, সংঘর্ষটোত দুটাকৈ উগ্রপন্থীৰ মৃত্যু হৈছে৷

ইয়াৰে এটা উগ্রপন্থীৰ মৃতদেহৰ লগতে মাৰণাস্ত্রও উদ্ধাৰ কৰে সেনাই৷ সূত্রটোৱে দাবী কৰা মতে, উগ্রপন্থীৰ দলটোৱে পঞ্চায়ত নির্বাচনৰ সময়ত কূটাঘাত সংঘটিত কৰিবৰ উদ্দেশ্যে নগালেণ্ডৰ পৰা অসমৰ চৰাইদেউ জিলাত প্রৱেশ কৰিবলৈ চেষ্টা কৰি আছিল৷ সূত্রটোৱে জানিবলৈ দিয়া মতে, চৰাইদেউ জিলাৰ অভিমুখে পলায়ন কৰা অত্যাধুনিক মাৰণাস্ত্রৰে সুসজ্জিত উগ্রপন্থীৰ দলটোৰ সন্ধানত সেনাই অভিযান অব্যাহত ৰাখিছে৷

বাতৰি লিখা পৰলৈকে সেনাই অভিযান অব্যাহত ৰাখিছে যদিও উগ্রপন্থীৰ আনটো মৃতদেহৰ লগতে দলটোৰ বাকী সদস্যসকলৰ সম্ভেদ উলিয়াব পৰা নাই৷ উল্লেখযোগ্য যে চৰাইদেউ জিলাৰ সৈতে সংলগ্ন নগালেণ্ডৰ মন জিলাত বাহৰ পাতি থকা সন্দেহযুক্ত আলফা (স্বা) ৰ সদস্যই ২০ নৱেম্বৰত টিমনহাবি চাহ বাগিচাৰ পৰিচালক নোমল চন্দ্র বৰুৱাক অপহৰণ কৰি নিছিল৷ ঘটনাটোৱে আজি তেৰ দিন অতিক্রম কৰিলে যদিও পৰিচালক গৰাকীৰ সম্ভেদ উলিওৱাত নিৰাপত্তা বাহিনীসমূহ সফল হ’ব পৰা নাই৷

SPONSORED