সৰুক্ষেত্রী : দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকাৰ মাজতে তৎপৰ হৈ পৰিছে ৰাজনৈতিক দলসমূহ। ইয়াৰ মাজতে ৩৫ নং উত্তৰ বেতবাৰী গাওঁ পঞ্চায়তৰ সভানেত্রী, আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু ৩ নং বেতবাৰী জিলা পৰিষদৰ সদস্যা পদৰ বাবে ৰণ কৌশল আৰম্ভ কৰিছে ভাৰতীয় জাতীয় কংগ্ৰেছ দলে। উক্ত পঞ্চায়তত এইবাৰ ইউ ডি এফৰ লগত মুল যুঁজ হোৱাৰ সম্ভাৱনা ইতিমধ্যে প্ৰকট হৈ পৰিছে। সৰুক্ষেত্রী সমষ্টিৰ কংগ্ৰেছী বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ নেতৃত্বত সকলোবোৰ কংগ্ৰেছ প্ৰাৰ্থী বিপুল ভোটত জয় যুক্ত হ’ব বুলি একাংশ কংগ্ৰেছ কৰ্মীয়ে কব খুজিছে। যাৰ পৰিপ্ৰেক্ষিতত গাঁৱে ভুঞে সকলোতে জঁপিয়াই পৰিছে কংগ্ৰেছ কৰ্মীসকল। সভা সমিতি আৰু বাইক ৰেলিৰ জৰিয়তে সাধাৰণ ভোটাৰ ৰাইজক চমক দেখুৱালৈ পূৰ্ণ চেষ্টা চলাইছে কংগ্ৰেছীয়ে। আনকি বিধায়ক জাকিৰ হুছেইনেও শিকদাৰেও জিপৰিষদৰ সদস্যা মনতাজ বেগম , পঞ্চায়ত সভানেত্রী ইয়াছমিনাৰা বেগম আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য টংকেশ্বৰ আৰ্য্যৰ হৈ উক্ত পঞ্চায়তখনৰ চুকে কোনে সভা সমিতিত অংশ গ্ৰহন কৰি উদ্দাত্ত ভাষনেৰে ভোটাৰ ৰাইজক আকৰ্ষন কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। লগতে সৰুক্ষেত্রী সমষ্টিৰ অন্তৰ্গত সকলো পঞ্চায়তৰ কংগ্ৰেছ প্ৰাৰ্থীক বিপুল ভোটত জয় কৰিবলৈ আহ্বান জনায় বিধায়ক জাকিৰ হুছেইন শিকদাৰে বিবৃতি যোগে আহ্বান জনাইছে।
Responsive Ads Here
Tuesday, December 04, 2018

Home
আঞ্চলিক
সৰুক্ষেত্রীৰ বেতবাৰীত কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ তুংগত : কংগ্ৰেছক ভোট দিবলৈ ৰাইজক আহ্বান বিধায়ক জাকিৰ হুছেইনৰ
সৰুক্ষেত্রীৰ বেতবাৰীত কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ তুংগত : কংগ্ৰেছক ভোট দিবলৈ ৰাইজক আহ্বান বিধায়ক জাকিৰ হুছেইনৰ
Tags
# আঞ্চলিক
Share This

About Sangbad Prahari
আঞ্চলিক
Labels:
আঞ্চলিক
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)