গুৱাহাটী : আৰ এছ এছৰ মুখ্য কার্যালয় থকা চহৰ নাগপুৰলৈ নিয়মীয়া গতিত অসমৰ মাজেৰে লৈ যোৱা হয় ট্রাকে ট্রাকে চোৰাং চুপাৰি৷ বিদেশী ৰাষ্ট্র ম্যানমাৰৰ পৰা চোৰাংকৈ অনা চুপাৰিৰ প্রায়বোৰ ট্রাকেই প্রেৰণ কৰা হয় নাগপুৰলৈ৷ কিছুসংখ্যক ট্রাক পশ্চিম বংগত ৰাখি অধিকসংখ্যক চুপাৰি ভর্তি ট্রাক নাগপুৰলৈ নিয়া হয়৷
আৰ এছ এছৰ পূর্ণ প্রভাৱ থকা নাগপুৰলৈ চোৰাং চুপাৰিৰ ট্রাক নিয়মীয়া গতিত অসমৰ মাজেৰে পাৰ হৈ থকা সত্ত্বেও অসম আৰক্ষীয়ে এই ক্ষেত্রত বিহিত পদক্ষেপ গ্রহণ কৰা নাই৷ কিছুদিন পূর্বে চুপাৰি সৰবৰাহত জড়িত কেইজনমান ব্যৱসায়ীৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাইছিল যদিও শেহতীয়াকৈ সেই অভিযানো স্তব্ধ হ’ল৷ আৰক্ষীৰ এই নিষ্ত্রুিয়তাৰ পৰিপ্রেক্ষিতত এতিয়া ম্যানমাৰৰ চুপাৰি চোৰাংকৈ নাগপুৰলৈ নিয়াত অসমৰ পথটো নিৰাপদ হৈ পৰিছে৷
কিন্তু কি কাৰণত নাগপুৰলৈ যোৱা চুপাৰিৰ ট্রাক জব্দ কৰা নহয়, সেয়া ৰহস্যৰ আৱর্তত৷ উল্লেখযোগ্য যে ম্যানমাৰৰ চুপাৰি অসমৰ মাজেৰে সৰবৰাহ কৰাটো নতুন কথা নহয়৷ বিগত বহু বছৰ ধৰি নিয়মীয়া গতিত চুপাৰি সৰবৰাহ হৈ আহিছে৷ প্রথম অৱস্থাত অসমৰ মাজেৰে কেৱল পশ্চিম বংগলৈ চুপাৰি নিয়া হৈছিল যদিও বিগত প্রায় ডেৰ-দুই বছৰ ধৰি নাগপুৰলৈ নিয়মীয়া গতিত চুপাৰি নি থকা হৈছে৷
কোনো ধৰণৰ বৈদেশিক অনুজ্ঞা পত্র নথকাকৈ বিদেশী ৰাষ্ট্রৰ সামগ্রী কঢ়িয়াই নিব নোৱাৰে যদিও অসমৰ ক্ষেত্রত সেয়াই হৈ আহিছে৷ অসমৰ মাজেৰে নাগপুৰলৈ নিয়া চুপাৰি ম্যানমাৰৰ বুলি জ্ঞাত হোৱাৰ পাছতো আৰক্ষীয়ে কোনো ব্যৱস্থা নলয়৷ ব্যৱসায়ীয়ে সেই চুপাৰি দেশীয় বুলি কোৱাৰ লগে লগে আৰক্ষীয়ে বাট মুকলি কৰি দিয়ে৷ অনুসন্ধান কৰি জানিব পৰা মতে, ম্যানমাৰৰ পৰা চুপাৰি চোৰাংকৈ অনাৰ পাছত ডিমাপুৰত বেগ সলনি কৰা হয়৷
অর্থাৎ যি বেগত চুপাৰি ম্যানমাৰৰ পৰা আহে, সেই বেগতে নাগপুৰলৈ নপঠিয়াই ডিমাপুৰত বেগ সলনি কৰে৷ বেগ সলনি কৰিয়েই সেই চুপাৰি দেশীয় চুপাৰি বুলি কৈ আৰক্ষীক পতিয়ন নিয়াৰ চেষ্টা চলায়৷ ব্যৱসায়ীসকলৰ এই ষড়যন্ত্রৰ কথা জানিও নীৰৱতা অৱলম্বন কৰিছে আৰক্ষীয়ে৷
কেইমাহমান পূর্বে আৰক্ষীয়ে কেইখনমান ট্রাক জব্দ কৰিছিল৷ কিন্তু কোনো অদৃশ্য শক্তিৰ প্রভাৱত ম্যানমাৰৰ পৰা অনা চোৰাং চুপাৰিৰ ট্রাক জব্দ কৰিবলৈ আৰক্ষীৰ সক্ষমতা নোহোৱা হৈছে৷ কি কাৰণত বা কাৰ প্রভাৱত বৈদেশিক পাৰ-পত্র বা অনুজ্ঞা পত্র নথকাকৈ অসমৰ মাজেৰে মানমাৰৰ চুপাৰি ভর্তি ট্রাক পাৰ হৈ নাগপুৰলৈ যাবলৈ সক্ষম হৈছে, সেয়া ৰহস্যজনক৷
পূর্বে চুপাৰিৰ পৰা কৃষি বিপণন পৰিষদেও কৃষি উপকৰ আদায় কৰিছিল৷ কিন্তু জি এছ টি বলৱৎ হোৱাৰ পাছত কৃষি বিপণন পৰিষদেও চুপাৰিৰ পৰা কৃষি উপকৰ আদায় কৰিব নোৱৰা হৈছে৷ যাৰ পৰিপ্রেক্ষিতত এতিয়া চোৰাং চুপাৰি সৰবৰাহৰ বাবে অসম নিৰাপদ পৰিবহণ পথলৈ ৰূপান্তৰ হৈছে৷