মাৰ্ঘেৰিটাত কংগ্ৰেছ আৰু বি জে পিৰ হাইভল্টেজৰ নিৰ্বাচনী যুঁজ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Thursday, December 06, 2018

মাৰ্ঘেৰিটাত কংগ্ৰেছ আৰু বি জে পিৰ হাইভল্টেজৰ নিৰ্বাচনী যুঁজ


লিডু : ৰাজ্যত আজিৰে পৰা আৰম্ভ হৈছে প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন ৷ কটকটীয়া নিৰাপত্তাৰ বেষ্টনীৰ মাজত ৰাজ্যৰ ১৬খন জিলাৰ লগতে ১১ টা মহকুমাত আজিৰে পৰা অনুষ্ঠিত হৈছে পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ পক্ৰিয়া ৷ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ ২৫২ টা ভোটগ্ৰহণ কেন্দ্ৰত , ৫ টা জিলা পৰিষদ,৩ টা আঞ্চলিক পঞ্চায়ত আৰু ১৮ খন গাঁও পঞ্চায়তৰ মুঠ ২২০টা ৱাৰ্ডৰ ভিতৰত প্ৰায় সংখ্যক ভোটগ্ৰহন কেন্দ্ৰতেই আজি পুৱা ৭ বজাৰ পৰাই ভোটদান কৰিবলৈ ওলাই আহিল শ শ সাধাৰন ৰাইজ ৷ মাৰ্ঘেৰিটা সমষ্টিৰ প্ৰত্যেকটো পঞ্চায়ততে পুৰুষ - মহিলা উভয়ে সদলবলে ভোটদান কৰি ভোটাধিকাৰ সাব্যস্ত কৰা দেখা গল ৷ উল্লেখ্য যে বিগত নিৰ্বাচনত মাৰ্ঘেৰিটা সমষ্টিৰ ১৮ খন গাওঁ পঞ্চায়তৰ ভিতৰত শাসনাধিষ্ঠ বিজেপি দলে কেৱল তিনিখন পঞ্চায়ত হে নিজৰ দখলত ৰাখিবলৈ সক্ষম হৈছিল যদিওঁ এইবাৰ নিৰ্বাচনত বিজেপিয়ে পূৰ্বৰ তুলনাত অধিক আসন লাভ কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷ ইফালে অতি গুৰুত্বপূৰ্ন ভোট গ্ৰহন কেন্দ্ৰ হিচাবে বিবেচিত লিডু বজাৰ পঞ্চায়ত , শামুকজান পঞ্চায়ত, -জাগুন পঞ্চায়তৰ ৫ আৰু ৬নং ৱাৰ্ড, লেখাপানী পঞ্চায়ত, আদি এলেকাত বিজেপি আৰু কংগ্ৰেছৰ মাজত তীব্ৰ প্ৰত্যাহবান মুলক যুজ হোৱাৰ আকাংক্ষা ব্যক্তি কৰিছে সাধাৰন ৰাইজে ৷ ইফালে লিডু কলয়ৰী গাওঁ পঞ্চায়ত, আৰু কুমচাই গাওঁ পঞ্চায়তত বিজেপিৰ স্থিতি কংগ্ৰেছৰ তুলনাত কিছু পৰিমানে ক্ষীন হোৱাৰ সম্ভাৱনা প্ৰকট কৰিছে একাংশ ৰাইজে ৷
প্ৰায় ১,৯০,৭১১ গৰাকী ভোটাৰে পৰিপূৰ্ন মাৰ্ঘেৰিটা সমষ্টিত বুঢ়ীদিহিঙ,, ,কুমচাই, ,কৈলাশপুৰ, লেখাপানী , ,ইন্থেম, মাকুম পথাৰ ইত্যাদি গাওঁ পঞ্চায়তত কংগ্ৰেছ আৰু বিজেেপিৰ মাজত হোৱা যুজ খন হব লক্ষনীয় ৷ এই মূহূৰ্ত্তলৈকে দুয়োটা দলৰ মাজত কাৰ স্থিতি সৱল সেই বিষয়ে স্পষ্টকৈ কব পৰা নাযায় যদিওঁ মাৰ্ঘেৰিটা সমষ্টিত কংগ্ৰেছে পূৰ্বৰ তুলনাত নিজৰ স্থিতি অটুত ৰাখিবলৈ সক্ষম হবনে নাই সেয়া নিৰ্বাচনৰ পাছতহে গম পোৱা যাব ৷

SPONSORED